অসম

assam

সৰভোগত সংখ্যালঘু লোকে বিধায়ক হিচাপে বিচাৰিছে ৰণজিৎ কুমাৰ দাসক

By

Published : Feb 15, 2021, 10:32 PM IST

সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত সংখ্যালঘু মানুহ হত্যা কৰা দূৰৰে কথা গাৰ নোম এডালো লৰচৰ কৰা নাই, বৰঞ্চ কাম বেছি হৈছে বুলি মন্তব্য কৰে । কংগ্ৰেছৰ দিনত বাৰে বাৰে ঘৰ জ্বলিছে বুলিও উল্লেখ কৰে বিজেপিৰ সাভাপতি ৰঞ্জিত কুমাৰ দাসে ।

bjp meeting at sorbhog
সৰভোগত সংখ্যালঘু ভোটাৰে তৃতীয়বাৰলৈ বিধায়ক হিচাপে বিচাৰিছে ৰণজিৎ কুমাৰ দাসক

জনীয়া, 15 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সৰভোগ সমষ্টিত সংখ্যালঘু ভোটাৰৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে । সমষ্টিটোৰ গোৱৰ্ধন ব্লকৰ বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত গ্ৰহণ কৰা হৈছে বিভিন্ন ৰণকৌশল ।

সৰভোগ সমষ্টিৰ সংখ্যালঘু ভোটাৰে তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে বিচাৰিছে ৰণজিৎ কুমাৰ দাসক । একাংশ লোকে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিজেপিৰ ৫ বছৰীয়া কাৰ্যকালত সৰভোগ সমষ্টিৰ সংখ্যালঘু লোক সকলৰ কোনো ক্ষতি হোৱা নাই বুলি মন্তব্য কৰে ।

সৰভোগত সংখ্যালঘু ভোটাৰে তৃতীয়বাৰলৈ বিধায়ক হিচাপে বিচাৰিছে ৰণজিৎ কুমাৰ দাসক

কংগ্ৰেছ আহিলেই আৰম্ভ হয় সাম্প্ৰদায়িক সংঘৰ্ষ । জুই জ্বলে সংখ্যালঘু লোকৰ ঘৰত । আৰম্ভ হয় দালালৰাজ । কিন্ত বিজেপিৰ দিনত সংখ্যালঘু লোকসকল পোনে পোনে লাভৱান হৈছে বুলি মন্তব্য কৰিছে একাংশ লোকে ।

বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আব্দুল ছামাদেও সংখ্যালঘু ভোটাৰক বিজেপিলৈ আগমনৰ বাবে সৰভোগ সমষ্টিত বাহৰ পাতিছে বুলি বিশেষ জানিব পৰা গৈছে । এইক্ষেত্ৰত সৰভোগ সমষ্টিত কংগ্ৰেছ মহাজোঁট সম্পূৰ্ণৰূপে ধৰাশায়ী হোৱাৰ পূৰ্ণসম্ভাৱনা আছে বুলি এটা মহলত চৰ্চা চলিছে ।

ইফালে সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত সংখ্যালঘু মানুহ হত্যা কৰা দূৰৰে কথা গাৰ নোম এডালো লৰচৰ কৰা নাই, বৰঞ্চ কাম বেছি হৈছে বুলি মন্তব্য কৰে । কংগ্ৰেছৰ দিনত বাৰে বাৰে ঘৰ জ্বলিছে বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক :অসমত অধিক বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপান: এছ জয়শংকৰ

ABOUT THE AUTHOR

...view details