অসম

assam

Erosion in Kalgachia: বেকী নদীৰ খহনীয়াত উটি গ’ল বহু পৰিয়ালৰ গৃহ

By

Published : Oct 13, 2022, 10:39 AM IST

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়া (Erosion in Kalgachia)। খহনীয়াত নদীৰ বুকুত জাহ গ’ল ছটাকৈ পৰিয়ালৰ ঘৰ বাৰী । কাণসাৰ নাই প্ৰশাসন কিন্বা জনপ্ৰতিনিধিৰ ।

Beki River Erosion in Kalgachia
বেকী নদীৰ খহনীয়াত উটি গ’ল বহু পৰিয়ালৰ গৃহ

জনীয়া, 13 অক্টোবৰ: বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷

বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ধাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ ফলত আশ্ৰয় শিবিৰত বসবাস কৰিবলগীয়া হয় খহনীয়াগ্ৰস্ত লোকে ৷ এনেদৰেই প্ৰায় প্ৰতি বছৰে নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

উল্লেখ্য যে আজিও জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ খহনীয়া (Erosion in Jania) ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নদীৰ গড়াখহনীয়াই কালৰূপ ধাৰণ কৰি শ শ বিঘা খেতি মাটি, শষ্য-পথাৰ ধ্বংস কৰাৰ উপৰিও বেকী নদীৰ বুকুত বিলীন হৈ গৈছে বহুলোকৰ ঘৰ-বাৰী ৷ কপালৰ ঘাম মাটিত পেলাই এমুঠি অন্নৰ বাবে বহু কষ্টৰে কৰা কৃষি-শষ্যসমূহ এনেদৰে ধ্বংস হৈ যোৱাৰ ফলত কেৱল চকুলো টুকি দিন পাৰ কৰিবলগীয়া হৈছে এইসকল খহনীয়াগ্ৰস্তলোকে ৷

বেকী নদীৰ খহনীয়াত উটি গ’ল বহু পৰিয়ালৰ গৃহ

চকুৰ সন্মুখতে মৰমৰ ঘৰখন নদীৰ বুকুত উচন হৈ যোৱাত হতাশাত ভাগি পৰিছে খাৰবাল্লী গাঁৱৰ ৰাইজ (Beki River Erosion)। বিগত এমাহত তিনিটাকৈ গৃহ আৰু পোন্ধৰ দিনৰ ভিতৰত তিনিটাকৈ গৃহ উটি গ’ল বেকী নদীৰ বুকুত ৷ ইফালে বৰ্তমানেও চপৰা চপৰে খহি আছে বেকী নদীৰ গৰা । ফলত পথৰ ভিক্ষাৰীত পৰিণত হৈছে খহনীয়াগ্ৰস্ত লোকসকল । কোনোৱে যদি বেলেগৰ ঘৰত আশ্ৰয় লৈছে আন কোনোবাই আকৌ উপাইবিহীন হৈ পথৰ দাঁতিত আশ্ৰয় ল’বলগীয়া হৈছে । কেৱল ইমানেই নহয় এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে ৷

উল্লেখযোগ্য যে বিগত দুটা বছৰ পূৰ্বে খাৰবাল্লী গাঁৱৰ মাজেৰে বেকী নদীৰ নতুন সুঁতি উলোৱাত নদীৰ সোঁতে চপৰা-চপৰে খহাইছে নিছে গৰা ৷ ইফালে স্থানীয় ৰাইজৰ অভিযোগ, ইমানৰ পিছতো কিন্তু কোনো জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষই খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল’বলৈ অহা নাই ৷ কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধিৰ মুখ দেখা পাই ৰাইজে ৷ নিৰ্বাচনৰ পিছত কোনো জনপ্ৰতিনিধিৰ মুখ নেদেখে বুলিও কয় খহনীয়াগ্ৰস্ত ৰাইজে ৷

স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক ৷ নহলে অনাগত দিনত বেকী নদীয়ে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব । ৰাইজ এই কাতৰ আহ্বানক চৰকাৰে কিমান গুৰুত্ব সহকাৰে লয়, সেয়া হ’ব এই মূহুৰ্তৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে পঢ়ক:Flood in Assam: ৰাজ্যত বানৰ তৃতীয় ঢৌত ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

ABOUT THE AUTHOR

...view details