ETV Bharat / state

Flood in Assam: ৰাজ্যত বানৰ তৃতীয় ঢৌত ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

author img

By

Published : Oct 12, 2022, 10:40 PM IST

70000 people affected in third wave of floods
Flood in Assam: ৰাজ্যত বানৰ তৃতীয় ঢৌত ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

বানৰ দুটাকৈ ঢৌৱে সমগ্ৰ ৰাজ্যবাসীক জুৰুলা কৰাৰ পাছতে তৃতীয় ঢৌত হাহাকাৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকৰ(Flood in Assam) । বিশেষকৈ উজনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে(Third wave of floods of year begins) । বানৰ তৃতীয়টো ঢৌয়ে এতিয়ালৈকে উজনি অসমৰ ৫ খন জিলা সংহাৰী ৰূপ ধাৰণ কৰিছে(Five districts of Assam affected by floods) ।

গুৱাহাটী,১২ অক্টোবৰ: ৰাজ্যত আকৌ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে(Flood in Assam) । বিশেষকৈ উজনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ৰাজ্যত বছৰটোৰ বানৰ তৃতীয় ঢৌ আৰম্ভ হৈছে বুলি বুধবাৰে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে(Third wave of floods of year begins) । ৰাজ্যত বছৰটোৰ বানৰ তৃতীয় ঢৌত এতিয়ালৈকে উজনি অসমৰ ৫ খন জিলা সংহাৰী বানৰ কৱলত পৰিছে(Five districts of Assam affected by floods) ।

বুধবাৰে সন্ধিয়া অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে(Assam State Disaster Management Department) সদৰী কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশ আৰু অসমত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনে ২০২২ চনৰ ৭ অক্টোবৰৰ পৰা তৃতীয় বাৰ বানৰ সন্মুখীন হৈছে । ৰাজ্যখনৰ এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA)(State Disaster Management Authority) সকলো অংশীদাৰৰ সৈতে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ সঁহাৰি আৰু পুনৰুদ্ধাৰ সেৱা বৃদ্ধি কৰিছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৫ খন জিলা ক্ৰমে ধেমাজী, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, নগাঁৱৰ ১১ খন ৰাজহ চক্ৰৰ ১১০ খন গাঁৱৰ ৬৯,৭৫০ জন লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । ৩০২১.৪০ হেক্টৰ শস্য ভূমি যোৱা ২৪ ঘণ্টাত প্লাৱিত হৈছে । বানৰ এই তৃতীয় ঢৌত কোনো মানৱ জীৱন হানি হোৱাৰ খবৰ পোৱা হোৱা নাই । যোৱা ২৪ ঘণ্টাত ধেমাজী, ডিব্ৰগড়, গোলাঘাট, লখিমপুৰ, নগাঁৱকে ধৰি ৫ খন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে ২২ টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যকৰী কৰা হৈছে ।

ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতি তীক্ষ্ণ নিৰীক্ষণৰ অধীনত আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে । মনকৰিবলীয়া যে এতিয়ালৈকে ধেমাজি জিলাত ৩৮ হাজাৰ ৭৭৪ জন, লখিমপুৰত ২৭ হাজাৰ ৮৫৭ জন আৰু ডিব্ৰগড়ত ৩ হাজাৰ ৮৫৭ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক: Lavita drama controversy: লভিতা বিতৰ্ক সন্দৰ্ভত বিমল বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.