অসম

assam

পথ মেৰামতিৰ দাবীত কলগাছিয়াত আমছুৰ ধৰ্ণা

By

Published : Sep 3, 2022, 8:56 PM IST

বৰপেটা জিলাৰ কলগাছিয়াত বিধ্বস্ত পথৰেই ৰাইজৰ যাতায়ত(Damaged road in Barpeta)। সেয়েহে পথ মেৰামতিৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত চান্দমামাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন । ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে চৰকাৰ,প্ৰশাসন তথা জন প্ৰতিনিধিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

AAMSU protest in Kalgasia at Barpeta
পথ মেৰামতিৰ দাবীত আমছুৰ কলগাছিয়াত ধৰ্ণা

কলগাছিয়া,৩ছেপ্তেম্বৰ:চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰিলেও বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে কলগাছিয়াৰ চান্দমামাৰ ৰাইজে(poor condition of road in Kalgasia)। উল্লেখ্য যে এই বিধ্বস্ত পথছোৱাৰে কেইবাখনো বিদ্য়ালয়-মহাবিদ্য়ালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী দৈনিক অহা-যোৱা কৰিব লগীয়া হৈছে । এজাক বৰষুণ দিলেই ঠায়ে ঠায়ে একাঁঠু পানীৰ মাজেৰে যাবলগীয়া হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ।

পথ মেৰামতিৰ দাবীত আমছুৰ কলগাছিয়াত ধৰ্ণা

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চান্দমামাত পথ মেৰামতিৰ দাবীত শনিবাৰে আমছুৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়(Protest for road in Kalgasia)। বনঘূগী,বৰভিঠা আৰু টাকাকাটা আঞ্চলিক সমিতিৰ সহযোগত খাটাৰটাৰীৰ পৰা চান্দমামা হৈ ময়নবৰী লৈ যোৱা পথচোৱা মেৰামতিৰ দাবীত আজি আমছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(AAMSU protest in Kalgasia at Barpeta)।

উক্ত কাৰ্যসূচীত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে জন প্ৰতিনিধিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে(AAMSU protest for road repairs)। প্ৰতিবাদকাৰীসকলে স্থানীয় সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বৃহত্তৰ চান্দমামা বজাৰৰ পৰা খাদাৰটাৰী হৈ মইনবৰী লৈ যোৱা ৰাস্তাৰ মাজত বোকা পানী সৃষ্টি হোৱাত যমৰ যাতনা ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ।

উল্লেখ্য় যে স্থানীয় সাংসদ আৰু জনীয়া সমষ্টিৰ বিধায়কৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকলক বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো সুফল পোৱা নাই ৰাইজে । সেয়েহে এইদৰে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ তথা জন-প্ৰতিনিধি সকলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । অতি শীঘ্ৰে উক্ত পথচোৱা মেৰামতি কৰি দিবলৈ দাবী জনাইছে আমছুৱে । অন্যথা অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।

ইপিনে,কলগাছিয়াৰ এটা গড়কাপ্টানী পথৰ ৩ কিলোমিটাৰ জৰাজীৰ্ণ হৈ থকাত বছৰ বছৰ ধৰি জীয়াতু ভুগিছে ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । উল্লেখ্য় যে কলগাছিয়াৰ টাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুণীয়ালগুৰিৰ পৰা লাকী বজাৰলৈ যোৱা ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথ বিধ্বস্ত হৈয়ে আছে । এজাক বৰষুণতে ঠায়ে ঠায়ে পুখুৰীসদৃশ পৰিৱেশৰ সৃষ্টি হয় এই পথছোৱাৰ (dilapidated road in Kalgachia)। শীঘ্ৰে পথছোৱা মেৰামতিৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে।

লগতে পঢ়ক:Paddy crop damaged due to Flood: জনীয়াত বানে তচ-নচ কৰিলে কৃষকৰ সপোন

ABOUT THE AUTHOR

...view details