ETV Bharat / state

Paddy crop damaged due to Flood: জনীয়াত বানে তচ-নচ কৰিলে কৃষকৰ সপোন

author img

By

Published : Sep 3, 2022, 1:35 PM IST

জনিয়াত বানে তচ-নচ কৰিলে কৃষকৰ সপোন ৷ বানে বিধ্বস্ত কৰি পেলাইছে চহা কৃষকসকলৰ খেতি (Acres of paddy crop damaged due to flood) ৷ ফলত মূৰে কপালত হাত দিছে কৃষক সকলে ।

Acres of paddy crop damaged due to flood at Jania in Barpeta
জনিয়াত বানে তচনচ কৰিলে কৃষকৰ সপোন

জনীয়া, 3 ছেপ্তেম্বৰ: ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা বানে তচ-নচ হৈছে ৰাজ্যৰ বহু কৃষকৰ সপোন (Flood in Assam) ৷ প্ৰতিবছৰে খেতিডৰা চকুত লগাকৈ চপোৱাৰ আশাত থকা কৃষকসকলৰ সপোনত বাধা দিলে এইবাৰৰ বলীয়া বানে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ জনীয়াৰ বিভিন্ন অঞ্চলত বানে বিধ্বস্ত কৰি পেলাইছে চহা কৃষকসকলৰ খেতি (Acres of paddy crop damaged due to flood) ৷

সমগ্ৰ বৰপেটা জিলাৰ লগতে জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰা, কাদং, জনীয়া, গাগলমাৰী, চিতুলি গোবিন্দপুৰকে আদি কৰি প্ৰায় অৰ্ধশতাধিক গাৱৰ পাঁচ হাজাৰ বিঘা ধানৰ খেতি, মৰাপাটকে আদি কৰি বিভিন্ন খেতি বানৰ কবলত পৰি নষ্ট হোৱাৰ ফলত সম্প্ৰতি মূৰে কপালত হাত দিছে কৃষক সকলে । কিয়নো সৰহ সংখ্যক খেতিয়কে বানৰ পূৰ্বেই ধান খেতি কৰি আজৰি হৈছিল ৷

জনীয়াত বানে তচনচ কৰিলে কৃষকৰ সপোন

পিছে এইবেলি ভবাতকৈ অধিক বান হোৱাৰ ফলত আগতীয়াকৈ কৰা ধানৰ খেতি, মৰাপাট আদি বিভিন্ন খেতি সম্পূৰ্ণভাৱে বিনষ্ট হৈছে । সম্প্ৰতি কৃষি কাৰ্য কৰি পৰিয়াল পোহপাল দিয়া এইসকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে ৷ বানে সম্পূৰ্ণৰূপে জুৰুলা কৰি পেলাইছে এই অঞ্চলকেইটাৰ দৰিদ্ৰ কৃষকসকলক ৷

কিন্তু বৰ্তমানেও ভুক্তভোগী কৃষকসকলৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধি কিম্বা কৃষি বিভাগৰ (Allegation against Agriculture Department) । উপায়হীন কৃষকসকলে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷ ইফালে চৰকাৰে বানত ক্ষতিগ্ৰস্ত হোৱা কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে বাস্তৱত পৰিণত নহ’ল । এই ক্ষেত্ৰত চৰকাৰক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে কৃষকসকলে ৷

লগতে পঢ়ক: মৰিগাঁৱৰ বাৰুকাটাত মাহ প্ৰসাদ খাই আক্ৰান্ত শতাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.