মৰিগাঁৱৰ বাৰুকাটাত মাহ প্ৰসাদ খাই আক্ৰান্ত শতাধিক লোক

author img

By

Published : Sep 3, 2022, 6:54 AM IST

Updated : Sep 3, 2022, 9:46 AM IST

Many people suffer from food poisoning after eating prasad in Morigaon

মৰিগাঁৱত অঘটন ৷ মৰিগাঁও জিলাৰ অন্তৰ্গত বাৰুকাটাত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা (Food poisoning in Morigaon) ৷ মাহ প্ৰসাদ খাই গুৰুত্বৰভাৱে অসুস্থ শিশুসহ প্ৰায় শতাধিক লোক (Many people suffer from food poisoning) ৷

মৰিগাঁও, 3 চেপ্টেম্বৰ: মৰিগাঁৱত অঘটন ৷ জিলাখনৰ বাৰুকাটাত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা (Food poisoning in Morigaon) ৷ মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰুকাটাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ মাহ প্ৰসাদ খাই গুৰুত্বৰভাৱে অসুস্থ শিশুসহ প্ৰায় শতাধিক লোক ৷

মৰিগাঁৱৰ বাৰুকাটাত মাহ প্ৰসাদ খাই আক্ৰান্ত শতাধিক লোক

ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ এঘৰত হোৱা সকামৰ মাহ প্ৰসাদ গ্ৰহণ কৰাৰ পাছতেই মূৰ ঘূৰণি, পেটৰ বিষ, বমি আদি হ’বলৈ আৰম্ভ কৰে (Many people suffer from food poisoning) ৷ এই ঘটনাৰ পিছতে ততাতৈয়াকৈ আক্ৰান্তসকলক শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ইয়াৰে 20 গৰাকী লোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বাকী অসুস্থসকলক নিজ নিজ বাসগৃহতে চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰসাদ খাই আক্ৰান্ত বহুলোক

Last Updated :Sep 3, 2022, 9:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.