অসম

assam

দুৰ্ঘটনাৰে কালিকা লগা শনিবাৰ

By

Published : Dec 28, 2019, 10:44 PM IST

ৰাজ্যজুৰি হোৱা ভিন্ন দুৰ্ঘটনাত হতাহত কেইবাজনো লোক ৷ বাক্সাত নিহত এজন আৰু ক্ষেত্ৰীত আহত চাৰিজনকৈ লোক ৷

Road Accident in various parts of the state
দুৰ্ঘটনাৰে কালিকা লগা শনিবাৰ

বাক্সা, 28 ডিচেম্বৰঃৰাজ্যজুৰি হোৱা ক্ৰমাগত দুৰ্ঘটনাত নিঃশেষ কেইবাটাও জীৱন ৷ বাক্সাৰ কুমাৰীকাটাৰ গনেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ভাৰত-ভূটান সীমান্তৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশগুৰিত বাইক ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী অৰ্গা বড়ো নামৰ লাট গাওঁবুঢ়াৰ থিতাতে মৃত্যু হয় ৷

বাক্সাত পথ দুৰ্ঘটনা

মৃত লোকজনৰ ঘৰ মটঙাপাৰ আঙাৰকাটাৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ট্ৰাকখন কুমাৰীকাটাৰ পৰা ভূটান অভিমুখে গৈ আছিল আৰু মৃত বাইক আৰোহীজন ভূটানৰ দিশৰ পৰা কুমাৰীকাটাৰ গৃহ অভিমুখে গৈ আছিল । আনহাতে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ট্ৰাক চালক গৰাকী পলায়ন কৰা বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে ।

ক্ষেত্ৰীত পথ দুৰ্ঘটনা

ক্ষেত্ৰীঃ গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল ক্ষেত্ৰীত শনিবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 4 জন লোক ৷ RJ 06 GB 8065 নম্বৰৰ ৰৈ থকা চিমেণ্ট ভৰ্তি ট্ৰেইলাৰত তীব্ৰ জোৰে খুন্দা মহানগৰ অভিমুখী AS 01 JC 4779 নম্বৰৰ নৈশ বাছে। দুৰ্ঘটনাত বিধ্বস্ত হয় নৈশ বাছৰ সন্মুখ ভাগ। পথ দুৰ্ঘটনাত নৈশ বাছত থকা শিশু মহিলাসহ চাৰিজন আহত হয় । ঘটনাৰ খবৰ পাই ক্ষেত্ৰীৰ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু আহত সকলক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয় ।

আৰু পঢ়কঃবিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত 76 জনকৈ লোক

Intro:বাক্সাৰ কুমাৰীকাটাৰ গনেশগুৰীত পথ দূৰ্ঘটনাত লাটগাওবুঢ়াৰ মৃত্যু ।
Body:বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত 127 D আন্তৰাষ্ট্ৰীয় পথত ভাৰত - ভূটান সীমান্তৰ ৰঙিয়া - ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশগুৰীত বাইক ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী অৰ্গা বড়ো ( ৪৯)নামৰ লাট গাওঁবুঢ়াৰ থিতাতে মৃত্যু ঘটে । মৃত লোক জনৰ ঘৰ মটঙাপাৰ আঙাৰকাটাৰ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ এছ - ১৪ - চি ১৫৯১ বাইকখন নম্বৰ এছ-০১ বি ওৱাই ৬৫৮৬ নিলা ৰঙৰ গ্লেমাৰ ৷ ট্ৰাকখন কুমাৰীকাটাৰ পৰা ভূটান অভিমুখে গৈ আছিল আৰু মৃত বাইক আৰোহীজন ভূটানৰ দিশৰ পৰা কুমাৰীকাটাৰ গৃহ অভিমুখে গৈ আছিল । আনহাতে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ট্ৰাক চালক গৰাকী পলায়ন কৰা বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে ।
Conclusion:উল্লেখ্য যে মৃত লোক জন বৃহত্তৰ আঙাৰকাটা অঞ্চলৰ লাটগাওবুঢ়াৰ আছিল বুলি জানিব পৰা গৈছে।

ভাষ্য : স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম

ABOUT THE AUTHOR

...view details