অসম

assam

পৰ্যটকৰ বাবে মুকলি হ’ল মানস ৰাষ্ট্ৰীয় উদ্যান

By

Published : Oct 2, 2022, 4:56 PM IST

Manas National Park opened for tourists
পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান ()

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park opened for tourists) ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে দেওবাৰে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ ৷

বাক্সা, ২ অক্টোবৰ :দেশী- বিদেশী পৰ্যটকৰ বাবে সুখবৰ ৷ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park opened for tourists)৷ বাগৰুম্বা, ঝুমুৰ আৰু আয়তীৰ হৰি নামৰ ধ্বনিৰে মুখৰিত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মানসৰ প্ৰৱেশদ্বাৰ ৷

বিগত পাঁচ জুনৰ পৰা বাৰিষাৰ কাৰণে পৰ্যটকৰ বাবে বন্ধ আছিল উদ্যানৰ প্ৰৱেশদ্বাৰ ৷ আজি অৰ্থাৎ দেওবাৰে গান্ধী জয়ন্তীৰ দিনটোতে পৰ্যটকৰ বাবে মুকলি কৰি বিটিআৰ অঞ্চলত শান্তি আৰু অৰ্থনীতিৰ বুনিয়াদ ৰচনা কৰে উদ্যান কৰ্তৃপক্ষই ৷

বাঁহবাৰীত থকা মুখ্য কাৰ্যালয়ৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বাহবাৰীৰ প্ৰৱেশদ্বাৰত উপস্থিত হোৱাৰ পিচতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মুকলি কৰে মানসৰ প্ৰৱেশদ্বাৰ ৷ প্ৰৱেশদ্বাৰ মুকলি কৰি বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে আজিৰ দিনৰে পৰা বিটিআৰত এক অৰ্থনীতিৰ বুনিয়াদ গঢ়িব বুলি জানিব দিয়ে ৷ ইতিমধ্যে হাতী ছাফাৰী, জীপ ছাফাৰী আদি সাজু হৈ উঠিছে মানস ৰাষ্ট্ৰীয় উদ্যানত ৷

উল্লেখ্য যে, ২০১০ চনত মানসত বাঘৰ সংখ্যা আছিল ১০ টা আৰু এই সংখ্যা ২০২০ চনত ৩৬ টা আৰু ২০২১ চনত ৪৮ টালৈ বৃদ্ধি হৈছে বাঘৰ সংখ্যা ৷ আনহাতে, পৰৱৰ্তী গণনাত বাঘৰ সংখ্যা ৬০ টা লাভ কৰিছে ৷ সেই অনুসৰি, মানসত ৩২৩০ টা সুগৰি পহু (Hog Deer), ১৬৫৬ টা বনৰীয়া ম’হ, ১১৭৪ টা ইণ্ডিয়ান বাইছন, ৮০৪ টা শৰ পহু (Sambar Deer) আৰু ২৬১৩ টা হাতী আছে ৷

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান

এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিঃমিঃ ক্ষেত্ৰক সামৰি লোৱা হৈছিল ৷ আনহাতে, বিগত বৰ্ষত এক কোটি পাঁচ লাখ টকা আয় হোৱাৰ বিপৰিতে এইবাৰ দুগুণ আয় হ’ব বুলি আশা কৰিছে ৷

দেওবাৰে কেৱল মানাস ৰাষ্ট্ৰীয় উদ্যানেই নহয়, পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists) ৷ দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত দূৰ-দূৰণিৰ পৰা আহি ভিৰ কৰে পৰ্যটকে ৷ জীপ ছাফাৰী কৰি উৎফুল্লিত হোৱাও পৰিলক্ষিত হয় পৰ্যটকসকল ৷

ইফালে প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ ৰাস্তাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন কেৱল ২ টা ৰেঞ্জত জীপ ছাফাৰীৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে । পৰ্যটকৰ বাবে মুকলি থাকিব উদ্যানখনৰ কহঁৰা আৰু বাগৰী ৰেঞ্জৰ নিৰ্ধাৰিত এলেকা ৷

লগতে পঢ়ক :পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details