অসম

assam

36th Freshmen Social of Tamulpur College: তামুলপুৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

By

Published : Oct 27, 2022, 10:02 PM IST

Updated : Oct 28, 2022, 9:42 PM IST

বৃহস্পতিবাৰে তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৩৬ সংখ্যক নৱাগত আদৰণী সভা (36th Freshmen Social of Tamulpur College) । সভাত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

BTR chief Pramod Boro attend 36th Freshmen Social cum Felicitation Celebration of Tamulpur College
তামুলপুৰ মহাবিদ্যালয়ৰ ৩৬ সংখ্যক নৱাগত আদৰণী সভা

তামুলপুৰ, 27 অক্টোবৰ: বৃহস্পতিবাৰে তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৩৬ সংখ্যক নৱাগত আদৰণী সভা (36th Freshmen Social of Tamulpur College) । 27 অক্টোবৰৰ পুৱা সমৱেত সংগীতেৰে দিনটোৰ কাৰ্যসূচী মুকলি কৰা হয় ৷

নৱাগত আদৰণী সভাত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (Bodoland Territorial Region) চমুকৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ( BTR chief Pramod Boro at Tamulpur College) , তামুলপুৰ বিধায়ক জলেন দৈমাৰী (MLA Jolen Daimary at Tamulpur College) , বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীকে(EM Ranendra Narzary at Tamulpur College) আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য (Bihu Dance performed by Tamulpur College student) , বৈশাগু নৃত্য(Bwisagu Dance by Tamulpur College student) আদি পৰিৱেশন কৰি নৱাগত আদৰণী সভাৰ অনুষ্ঠানটো ৰঙীন কৰি তোলে ৷ উল্লেখযোগ্য যে, এই নৱাগত আদৰণি সভাৰ (Welcome Meeting for newcomers) লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে সেইসকলক সম্বৰ্ধনা জনায় ৷

তামুলপুৰ মহাবিদ্যালয়ৰ ৩৬ সংখ্যক নৱাগত আদৰণী সভা

লগতে এই মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চলিত বৰ্ষত ৰাজ্যিক নাইবা কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিযুক্তি (Central recruitment) লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় (Felicitation programme ‍at Tamulpur College) ৷ ইফালে সভাত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বিভিন্ন উদগনিমূলক ভাষণ প্ৰদান কৰে ৷

ইয়াৰোপৰি, মহাবিদ্যালয়খনৰ নিকতবৰ্তী বৰনগৰ প্ৰাথমিক বিদ্যালয় (Barnagar LP School) আৰু সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ ( Saura Guri L.P Primary School) ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকন (Painting competition at Tamulpur) , কবিতা আবৃত্তি (Poem recitation competition) , নৃত্য-গীত আদিৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলকো সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:Actor Nipon Goswami is no more: অভিনেতা নিপন গোস্বামীৰ মৃত্যুত স্তদ্ধ অসমীয়া চলচিত্ৰ জগত

Last Updated :Oct 28, 2022, 9:42 PM IST

ABOUT THE AUTHOR

...view details