অসম

assam

Tokyo Olympics : আৰ্চাৰীত মহিলাৰ একক ৰেংকিং ৰাউণ্ডৰ নৱম স্থানত দীপিকা কুমাৰী

By

Published : Jul 23, 2021, 12:14 PM IST

মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত ৬৬৩ পইণ্টৰ সৈতে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় দীপিকা কুমাৰী । তালিকাৰ শীৰ্ষত দক্ষিণ কোৰিয়াৰ আন চান, জাং মিনহি আৰু কাং চেইয়ঙে দখল কৰিবলৈ সক্ষম হয় ।

Archer Deepika Kumari finishes ninth
আৰ্চাৰীৰ মহিলাৰ একক ৰেংকিং ৰাউণ্ডত নৱম স্থানত ভাৰতৰ দীপিকা কুমাৰী

স্পৰ্টছ ডেস্ক, ২৩ জুলাই :আৰম্ভ হৈছে টকিঅ' অলিম্পিক (Tokyo Olympic) । অলিম্পিকৰ প্ৰথম খেল হিচাপে ৰোয়িং আৰু আৰ্চাৰী প্ৰতিযোগিতা (Archery competition) অনুষ্ঠিত হয় । বহু আশা কৰা হৈছিল যদিও ভাৰতীয় খেলুৱৈয়ে প্ৰথম পৰ্যায়ত এই খেলত আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হ'ল ।

ভাৰতৰ দীপিকা কুমাৰীয়ে (Deepika Kumari) মহিলাৰ একক ৰেংকিং ৰাউণ্ডত ৬৬৩ পইণ্টেৰে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰথমাৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন কৰাৰ পিছত দীপিকাৰ প্ৰদৰ্শন শেষৰ ফালে বেয়া হ'বলৈ আৰম্ভ কৰে । ইফালে তালিকাৰ শীৰ্ষত দক্ষিণ কোৰিয়াৰ আন চান (An San), জাং মিনহি (Jang Minhee) আৰু কাং চেইয়ঙে (Kang Chaeyoung) দখল কৰিবলৈ সক্ষম হয় । দীপিকাই এতিয়া মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ আৰ্চাৰী ইভেণ্টৰ প্ৰথম ৰাউণ্ডত ভূটানৰ বিটি কৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব ।

৬৮০ পইণ্টেৰে দক্ষিণ কোৰিয়াৰ ছানে খেলৰ সময়ত অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হয় ।

দীপিকাই প্ৰথমাৰ্ধত ৩৩৪ পইণ্টেৰে শক্তিশালী প্ৰদৰ্শনেৰে সমাপ্ত কৰিছিল আৰু চতুৰ্থ স্থান দখল কৰিছিল । আনকি ৭২ ৰ ৩৬ ডাল কাঁড় সম্পূৰ্ণ হোৱাৰ সময়লৈ দীপিকাই উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰিছিল আৰু যাৰ বাবে খেলখন উন্নত প্ৰদৰ্শনেৰে তেওঁ এক লেহেমীয়া আৰম্ভণিৰ পিছত চতুৰ্থ স্থানলৈ উন্নীত হ'ব পাৰিছিল । কিন্তু পিছলে তেওঁ প্ৰদৰ্শনে ভাৰতীয় শিবিৰক নিৰাশ কৰে ।

ইফালে আৰ্চাৰী প্ৰতিযোগিতাখন ৰেংকিং ৰাউণ্ডৰ সৈতে আৰম্ভ হয়, য'ত ১২৮ গৰাকী খেলুৱৈয়ে অংশ লয় । ইয়াৰে ৬৪ গৰাকী পুৰুষ আৰু বাকীখিনি মহিলা । সকলোকে ৭০ মিটাৰ দূৰত থকা লক্ষ্যত ৭২ ডালকৈ কাড় মাৰিবলৈ কোৱা হয় । প্ৰতিগৰাকী খেলুৱৈক ছয় ডালকৈ কাড় মাৰিবলৈ দুই মিনিট সময় দিয়া হয় ।

সম্প্ৰতি পুৰুষৰ একক শাখাত ভাৰতৰ হৈ অতনু দাস (Atanu Das), তৰুণদীপ ৰায় (Tarundeep Rai) আৰু প্ৰবীণ যাদৱে (Praveen Jadhav) প্ৰতিদন্দিতা আগবঢ়াইছে । এই তিনিওগৰাকী খেলুৱৈৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ আছে । আশা কৰা হৈছে পদকৰ বাবে চেষ্টা কৰিব খেলুৱৈ কেইগৰাকীয়ে ।

লগতে পঢ়ক :Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

ABOUT THE AUTHOR

...view details