অসম

assam

Indian athletic team: এছিয়ান অভিলেখ গঢ়ি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰত; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:24 PM IST

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত ৷ জাপানৰ অভিলেখ ভংগ কৰি ২:৫৯:০৫ মিনিটত এছিয়াৰ নতুন অভিলেখ গঢ়ি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন ভাৰতৰ । ইফালে টকিঅ’ ২০২০ অলিম্পিকত ভাৰতীয় পুৰুষৰ দলে স্থাপন কৰা ৩:০০.২৫ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখো ভংগ দলটোৰ । ভাৰতীয় সময় অনুসৰি দেওবাৰৰ মাজনিশা ১:০৭ বজাৰ পৰা আৰম্ভ হ’ব চূড়ান্ত খেলখন ৷

PM congratulates Indian athletic team
এছিয়ান অভিলেখ গঢ়ি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰত

স্পৰ্টছ ডেস্ক, ২৭ জুলাই:হাংগেৰীৰ বুডাপেষ্টত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত শনিবাৰে ৪x৪০০ মিটাৰ দৌৰত ভাৰতীয় পুৰুষ দলে এছিয়াৰ অভিলেখ ভংগ কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতৰ মহম্মদ আনাছ ইয়াহিয়া, আমোজ জেকব, মহম্মদ আজমল ৱাৰিয়াথোদী আৰু ৰাজেশ ৰমেশে ২:৫৯:০৫ মিনিটত দৌৰ সমাপ্ত কৰি এছিয়াৰ নতুন অভিলেখ গঢ়ি দ্বিতীয় স্থান দখলেৰে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।

এছিয়াৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ভাৰতীয় পুৰুষৰ ৰিলে দলটোক দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায় । "বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অবিশ্বাস্য দলীয় কাম ! আনাছ, আমোজ, ৰাজেশ ৰমেশ আৰু মহম্মদ আজমলে ফাইনেলত স্প্ৰিণ্ট কৰি এম ৪x৪০০ মিটাৰ ৰিলেত এছিয়ান অভিলেখ গঢ়িলে । ইয়াক বিজয়ী প্ৰত্যাৱৰ্তন হিচাপে স্মৰণ কৰা হ'ব, ভাৰতীয় এথলেটিকছৰ বাবে সঁচাকৈয়ে ঐতিহাসিক ।" প্ৰধানমন্ত্ৰী মোদীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰে ।

ভাৰতীয় দলটোৱে যোৱা বছৰ অৰেগনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত জাপানে স্থাপন কৰা এছিয়াৰ ২:৫৯.৫১ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে ৷ ভাৰতীয় দলটোৱে ৯টা দলৰ হিট-১(যোগ্যতা অৰ্জন দৌৰ)ত আমেৰিকাৰ পিচত দৌৰ অন্ত পেলায় । আমেৰিকাই ২:৫৮.৪৭ মিনিটত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে গ্ৰেট ব্রিটেইনে ২:৫৯.৪২ ছেকেণ্ডেৰে তৃতীয় স্থান দখল কৰি ফাইনেলৰ বাবে স্থান নিশ্চিত কৰে ।

ভাৰতীয় পুৰুষৰ দলটোৱে টকিঅ’ ২০২০ অলিম্পিকত মহম্মদ আনাছ, নোয়া নিৰ্মল টম, আৰোকিয়া ৰাজীৱ আৰু আমোজ জেকবে স্থাপন কৰা ৩:০০.২৫ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখো ভংগ কৰে । ভাৰতীয় দলৰ মহম্মদ আনাছে প্ৰথম লেগত ষষ্ঠ স্থানত দৌৰ অন্ত পেলায় যদিও দ্বিতীয় লেগত আমোজ জেকবে ভাৰতক দ্বিতীয় স্থানলৈ অগ্ৰগতি দিয়ে ।

মহম্মদ আজমল আৰু ৰাজেশ ৰমেশে অন্তিম দুটা লেগত গতি ৰক্ষা কৰি ফাইনেলত ভাৰতৰ স্থান নিশ্চিত কৰে ৷ ভাৰতীয় দলটো দুয়োটা হিটতে দ্বিতীয় দ্ৰুততম দল আছিল । দেওবাৰে অনুষ্ঠিত হ’ব চূড়ান্ত খেলা ৷ প্ৰত্যেক দুটা হিটৰ শীৰ্ষ তিনি আৰু পৰৱৰ্তী দুখনৰ দ্ৰুততম দলে ফাইনেলত প্ৰৱেশ কৰে ।

লগতে পঢ়ক:IBSA World Games: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজলিল অসমৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাস

ABOUT THE AUTHOR

...view details