অসম

assam

অলিম্পিকত বিৰোধ প্ৰদৰ্শন কৰা খেলুৱৈৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব : IOC

By

Published : Jun 10, 2020, 4:46 PM IST

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ এথলীট পৰিষদ দ্বাৰা তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ 50 নিয়মৰ অধীনত "অলিম্পিকত কোনো ধৰণৰ ৰাজনৈতিক,ধাৰ্মিক,জাতিগত প্ৰদৰ্শনৰ মঞ্জুৰী প্ৰদান কৰা নহয় ।"

IOC confirms protest ban remains reports
IOC confirms protest ban remains reports

স্পৰ্টছ ডেস্ক, 10 জুনঃ ভৱিষ্যতেও অলিম্পিক খেলত বিৰোধ প্ৰদৰ্শন কৰা খেলুৱৈগৰাকীৰ ওপৰত নিষেধাজ্ঞা জাৰি থাকিব বুলি শেহতীয়াকৈ স্পষ্ট কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে । আমেৰিকাত শেহতীয়াকৈ জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকৰ হত্যা কৰাৰ পাচতেই যথেষ্ট প্ৰতিবাদৰ সূচনা হৈছে । স্পেনিছ লীগতো কিছু কিছু ফুটবল খেলুৱৈয়ে লোকজনক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে বৰ্ণ বৈষম্য়ৰ তীব্ৰ বিৰোধীতা প্ৰদৰ্শন কৰিছে ।

অলিম্পিকত বিৰোধ প্ৰদৰ্শন কৰা খেলুৱৈৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব : IOC

এক সংবাদ কাকত প্ৰকাশিত খবৰ অনুসৰি,আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে নিৰ্দেশিকা সমূহৰ 50 নিয়মক উদ্ধৃত কৰি খেলৰ মহাকুম্ভক নিৰপেক্ষ ভাৱে চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । টকিঅ' অলিম্পিক আগন্তুক বৰ্ষলৈ স্থগিত হ'লেও তথ্য় অনুসৰি খেল সম্বন্ধীয় নিৰ্দেশাৱলী সমূহ জানুৱাৰী মাহত জাৰি কৰা অনুসৰিয়ে বাহল থাকিব বুলি জানিব পৰা গৈছে ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ এথলীট পৰিষদ দ্বাৰা তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ 50 নিয়মৰ অধীনত "অলিম্পিকত কোনো ধৰণৰ ৰাজনৈতিক,ধাৰ্মিক,জাতিগত প্ৰদৰ্শনৰ মঞ্জুৰী প্ৰদান কৰা নহয় ।" ইয়াৰ অৰ্থ হৈছে এনএফএলৰ কোলিন ক্যাপাৰ্নিকৰ দ্বাৰা আমেৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰদৰ্শন যদি অলিম্পিকত কৰা হয় তেন্তে সেইয়া শাস্তিৰ গ্ৰহণযোগ্য হ'ব ।

লগতে চাওকঃ বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

ABOUT THE AUTHOR

...view details