অসম

assam

FIFA World Cup 2022 : পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

By

Published : Dec 1, 2022, 12:54 PM IST

পুৰুষৰ ফুটবল বিশ্বকাপত প্রথমবাৰৰ বাবে মেচ পৰিচালনা কৰিব কোনো মহিলা ৰেফাৰীয়ে (first female referee in male world cup football) । বৃহস্পতিবাৰে কাটাৰৰ খেলপথাৰত এই ইতিহাস ৰচিব ফ্রান্সৰ ৰেফাৰী ষ্টেফানি ফ্রাপাই ।

FIFA
FIFA

স্পৰ্টছ ডেস্ক, ১ ডিচেম্বৰ : বহুকেইটা ক্ষেত্ৰত এইবাৰৰ বিশ্বকাপ পূৰ্বতকৈ পৃথক (FIFA World Cup 2022) । ইতিমধ্যে কাটাৰ বিশ্বকাপৰ নক আউট তথা অন্তিম ষোল্ল পৰ্যায়ৰ আভাস লাভ কৰা হৈছে । এইবাৰৰ ফিফা বিশ্বকাপত ফিফাই বহুকেইটা নতুন নিয়ম প্ৰৱৰ্তন কৰিছে । লগতে আয়োজক দেশ কাটাৰেও ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি বললৈকে, নতুনত্বৰ সংযোজন ঘটাইছে । তাৰ মাজতে বৃহস্পতিবাৰে ইতিহাস সৃষ্টি হ'ব ফিফা পুৰুষ বিশ্বকাপত (Qatar world cup football) ।

পুৰুষৰ ফুটবল বিশ্বকাপত প্রথমবাৰৰ বাবে মেচ পৰিচালনা কৰিব কোনো মহিলা ৰেফাৰীয়ে (first female referee in male world cup football) । বৃহস্পতিবাৰে কাটাৰৰ খেলপথাৰত এই ইতিহাস ৰচিব ফ্রান্সৰ ৰেফাৰী ষ্টেফানি ফ্রাপাই (Stephanie Frappart first female referee) । গ্রুপ ইৰ এখন মেচত তেওঁৰ অনুশাসনতেই থাকিব জার্মানী আৰু কোষ্টাৰিকাৰ ফুটবলাৰসকল ।

আনহাতে, কেৱল খেলপথাৰৰ মূল ৰেফাৰিয়েই নহয়, বৃহস্পতিবাৰৰ মেচ খনত ষ্টেফানিৰ সহযোগী ৰেফাৰীসকলো হ'ব মহিলা । বিশ্বকাপ ফুটবলত ইতিহাস গঢ়াৰ দিনটোত ৩৮ বছৰীয়া ষ্টেফানিৰ সহকাৰী ৰেফাৰী হিচাবে থাকিব ব্রাজিলৰ কাৰেন ডিয়াজ আৰু মেক্সিকোৰ নেঅ'জ বেক ।

পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

কেৱল সিমানেই নহয়, ষ্টেফানিৰ দলটোক সহযোগিতা আগবঢ়োৱাৰ বাবে ভিডিঅ' ৰিভিউ দলত চতুর্থগৰাকী মহিলা বিষয়ায়ে । মঙলবাৰে ফিফাই জনোৱা মতে, উক্ত দায়িত্বত থাকিব আমেৰিকাৰ কেথৰিন নেছবিট ।

উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে কাটাৰ বিশ্বকাপতেই প্রথমবাৰৰ বাবে মহিলা ৰেফাৰীৰ দ্বাৰা খেল পৰিচালনাৰ সিদ্ধান্ত লৈছে ফিফাই । ষ্টেফানিৰ উপৰি চলিত বিশ্বকাপৰ বাবে ৩৬ গৰাকী ৰেফাৰীৰ তালিকাত ৰোৱাণ্ডাৰ ছালিমা মাকানচাঙ্গা আৰু জাপানৰ ইয়োশিমি ইয়ামাশিতাও আছে ।

পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

তাৰ মাজতে সকলে ঠিকে থাকিলে বিশ্বকাপত প্রথম মহিলা ৰেফাৰী হিচাবে ফ্রান্সৰ ষ্টেফানিৰ নামতেই খোদিত হ'ব এই ইতিহাস । অৱশ্যে পুৰুষৰ অন্য প্রতিযোগিতাত পূৰ্বতেও মেচ পৰিচালনাৰ অভিজ্ঞতা আছে ষ্টেফানিৰ ।

নিজৰ দেশৰ মাটিত ফৰাচী লীগ-১-ৰ পৰা ইউৰোপৰ অন্য দেশৰ খেলপথাৰতো পুৰুষৰ মেচৰ হুইচেল বজাইছে ষ্টেফানিয়ে । উক্ত ক্ষেত্রতো তেৱেঁই হৈছে পুৰুষৰ মেচ পৰিচালনা কৰা প্রথম মহিলা ৰেফাৰী ।

পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

২০১৯ চনৰ আগষ্ট মাহত পুৰুষৰ উৱেফা ছুপাৰ কাপ, পৰৱৰ্তী বছৰৰ ডিচেম্বৰত চেম্পিয়নছ লীগ আৰু ২০২২ চনৰ মে' মাহত ফ্রেন্স কাপ ফাইনেল— এই আটাইকেইখনতেই প্রথম মহিলা ৰেফাৰী হিচাবে ইতিহাস সৃষ্টি কৰিছে ষ্টেফানিয়ে । এইবাৰ বিশ্বকাপৰ মঞ্চতো শিৰোনামত আছে তেৱেঁই ।

উল্লেখ্য, নিজৰ কেৰিয়াৰত এটাৰ পিছত আনটো অভিলেখ গঢ়াৰ পিছত এইবাৰ কাটাৰৰ খেলপথাৰত ইতিহাসত নাম সন্নিৱিষ্ট হ'ব তেওঁৰ । যাৰ বাবে স্বাভাৱিকতেই ভিতৰি ভিতৰি উত্তেজনাত আছে ষ্টেফানি । আনহাতে, ফিফাই তেওঁৰ নাম ঘোষণা কৰাৰ পিছতেই কৈছিল, ‘‘কাটাৰত যে পুৰুষৰ বিশ্বকাপত মেচ পৰিচালনা কৰিব লাগিব, সেয়া আশাই কৰা নাছিলোঁ । বিশ্বকাপতকৈ ডাঙৰ আন একো নহয় । ফলত অতি অনুপ্রাণিত হৈছোঁ ।’’

পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

পিছে ষ্টেফানিৰ এই যাত্ৰা আৰম্ভ হৈছিল দীর্ঘ দিন পূৰ্বেই । ফ্রান্সত ডাঙৰ-দীঘল হোৱা ষ্টেফানিয়ে ৰেফাৰী হিচাবে আত্মপ্রকাশ কৰে মাত্ৰ ১৩ বছৰ বয়সতে । আনহাতে, ১৮ বছৰত ভৰি দিয়াৰ পিছত জাতীয় দলৰ অনূর্ধ্ব-১৯ প্রতিযোগিতাত মেচ পৰিচালনাৰ দায়িত্ব লাভ কৰে ।

আৰম্ভণিৰ সময়ত দেশৰ মাটিত পুৰুষৰ তৃতীয় ডিভিজনৰ মেচৰ দায়িত্ব চম্ভালিছিল ষ্টেফানিয়ে । সেয়া আছিল ২০১১ চনৰ কথা । পৰৱৰ্তী বছৰত ফ্রান্সৰ (দ্বিতীয় ডিভিজন ফুটবল) লীগ ২-ত আত্মপ্রকাশ কৰে । এই ক্ষেত্ৰতো ষ্টেফানিয়েই হৈছে প্রথম মহিলা ৰেফাৰী যিয়ে লীগ ২-ত পুৰুষৰ মেচ পৰিচালনা কৰিছে ।

আনহাতে, ২০১৮ চনৰ ৩ ডিচেম্বৰত ফিফাই জনাইছিল, ২০১৯ চনৰ মহিলা বিশ্বকাপৰ ৰেফাৰী হিচাবে ষ্টেফানিক নিৰ্বাচিত কৰা হৈছে । পৰৱৰ্তী বছৰত ফ্রান্সৰ লীগ ১-ত প্রথম মহিলা হিচাবে মেচ পৰিচালনা কৰিছিল তেওঁ ।

ইয়াৰ পৰৱৰ্তী বছৰবোৰতো এটা এটাকৈ নজীৰ গঢ়িছে ষ্টেফানিয়ে । উৱেফা ছুপাৰ কাপত লিভাৰপুল বনাম চেলচিৰ মেচতেই হওক বা চেম্পিয়নছ লীগ জুভেণ্টাছ বনাম ডায়নামো কিয়েভ— সকলোতেই অতি দক্ষতাৰে মেচ চম্ভালিছে তেওঁ ।

ইণ্টাৰনেচনেল ফেডাৰেচন অব ফুটবল হিষ্ট্ৰী এণ্ড ষ্টেটিষ্টিক্সৰ (International Fadaration of Football History and Stasistics, IFFHS) বিচাৰত ২০১৯, ২০২০ আৰু ২০১২১ এই তিনিবাৰৰ শ্ৰেষ্ঠ মহিলা ৰেফাৰী নির্বাচিত হৈছে ষ্টেফানি । এইবাৰ কাটাৰৰ খেলপথাৰত নতুন শিখৰত উপনীত হ'ব পাৰে এইগৰাকী ফৰাচী যুৱতী ।

লগতে পঢ়ক :Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে

ABOUT THE AUTHOR

...view details