অসম

assam

মৰাণত আজিৰে পৰা সন্তোষ লহকৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্ট

By

Published : Nov 3, 2019, 3:52 AM IST

Updated : Nov 4, 2019, 10:06 AM IST

মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত 2 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম জুনিয়ৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্ট ৷ অনুৰ্ধ 17 বছৰ শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ 33টা দলে ৷

মৰাণত সন্তোষ লহকৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্ট

মৰাণ, 2 নৱেম্বৰঃ মৰাণৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 33 টাকৈ দলৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছে সন্তোষ লহকৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্ট ৷ মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম জুনিয়ৰ আন্তঃজিলা(অনুৰ্ধ 17 বছৰ শাখা) ফুটবল টুৰ্ণামেন্টখন মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত শুভাৰম্ভ হয় ৷ চলিত মাহৰ 12 তাৰিখলৈ মৰাণৰ সৰ্বমুঠ পাঁচখনকৈ খেলপথাৰত চলিব প্ৰতিযোগিতাখন ৷

মৰাণত সন্তোষ লহকৰ আন্তঃজিলা ফুটবল টুৰ্ণামেন্ট

লগতে পঢ়কঃ আই এছ এল 6ঃ প্ৰথমটো জয় লাভ হায়দৰাবাদ এফ চিৰ

শনিবাৰে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত আৰু অইল ইণ্ডিয়া খেলপথাৰত প্ৰতিযোগিতাখনৰ দুখনকৈ খেল অনুষ্ঠিত হৈ যায় ৷ মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী খেলত বজালীক 8-7 গ'লত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে ধেমাজিয়ে ৷ খেলখনৰ প্ৰথমাৰ্ধৰ 13 মিনিটতে বজালীৰ মিজিং বসুমতাৰীয়ে এটা গ'ল দিয়ে যদিও 40 মিনিটত ধেমাজিৰ উদিত্য দ'লে গ'ল পৰিশোধ কৰি 1-1ৰ সমতা স্থাপন কৰে ৷ পৰৱৰ্তী সময়ত ট্ৰাইবেকাৰৰ সহায়ত বজালীয়ে 6 গ'ল কৰে যদিও ধেমাজিয়ে 7 গ'ল কৰি স্ক'ৰবোৰ্ড 8-7ৰে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাতে মৰাণ অইল ইণ্ডিয়া খেলপথাৰত অনুষ্ঠিত আনখন খেলত মাজুলীয়ে যোৰহাটক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে ৷ খেলখনত মাজুলীৰ মাইনা দেউৰীয়ে ৪ মিনিটত আৰু ভৈৰৱ দ'লেই ৩৩ মিনিট গ'ল স্ক'ৰ কৰি মাজুলীক জয়ৰ দিশে আগবঢ়াই লৈ যায় ৷

লগতে পঢ়কঃ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ

মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ দে' ফুটবল সন্থাৰ পতাকা আৰু মৰাণ জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি অজয় কুমাৰ মহনে জিলা সন্থাৰ পতাকা উত্তোলন কৰি প্ৰতিযোগিতাখন আৰম্ভ কৰে ৷ বিশেষ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,অসম ফুটবল সন্থাৰ উপ-সভাপতি ৰমেশ ফুকন, কোষাধ্যক্ষ হীৰেণ গগৈ,ৰেফাৰী এচ্চেজ শশীন্দ্ৰলাল ভূঞাকে ধৰি বহুসংখ্যক ফুটবলপ্ৰেমী লোক উপস্থিত থাকে ।

লগতে পঢ়কঃ ৰাছিয়াক পৰাস্ত কৰি অলিম্পিকৰ টিকট ভাৰতীয় পুৰুষ হকী দলৰ

Intro:

মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত
আজিৰে পৰা মৰাণত আৰম্ভ হোৱা সন্তোষ লহকৰ আন্তঃজিলা জুনিয়ৰ (১৭ বছৰ অনুৰ্দ্ধ) ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ধেমাজি জিলাই বজালি জিলাক সামগ্ৰিকভাৱে ৮-৭ গ'লৰ ব্যৱধানত পৰাজিত কৰি পৰবৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে ৷ মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত খেলৰ ১৩ মিনিটতে বজালিৰ মিজিং বসুমতাৰীয়ে দিয়া গ'লটো ৪০ মিনিটত ধেমাজিৰ উদিত্য দলে পৰিশোধ কৰি সমতা স্থাপন কৰাত ট্ৰাই ব্ৰেকাৰেৰে মীমাংসা কৰা হয় ৷ ট্ৰাই ব্ৰেকাৰত বজালিয়ে ৬ গ'ল কৰাৰ বিপৰীতে ধেমাজিয়ে ৭ গ'ল দি বিজয় নিশ্চিত কৰে ৷ আনহাতে মৰাণ অইল ইণ্ডিয়া খেলপথাৰত অনুষ্ঠিত আনখন খেলত মাজুলী জিলা যোৰহাট জিলাক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি পৰবৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে ৷ গ'ল দুটা মাইনা দেউৰীয়ে ৪ মিনিটত আৰু ভৈৰৱ দলে ৩৩ মিনিটত দিয়ে ৷ আজি মৰাণ মহাবিদ্যালয় খেলপথাৰত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ দে'য়ে ফুটবল সন্থাৰ পতাকা আৰু মৰাণ জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি অজয় কুমাৰ মহনে জিলা সন্থাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰে ৷ প্ৰতিযোগিতা উদ্বোধন কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, অসম ফুটবল সন্থাৰ উপ-সভাপতি ৰমেশ ফুকন, কোষাধ্যক্ষ হীৰেণ গগৈ, ৰেফাৰী এচ্চেজ শশীন্দ্ৰলাল ভূঞা আদি উপস্থিত থাকে । মৰাণ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ বৰুৱাই জানিবলৈ দিয়া মতে মৰাণ ক্ৰীড়া সন্থাৰ অধীনত পাঁচ খনকৈ খেল পথাৰত ১ নবেম্বৰৰ পৰা ১২ নবেম্বৰলৈ খেল অনুষ্ঠিত হ'ব । অসমৰ বিভিন্ন জিলাৰ মুঠ ৩৩ টা দলে অংশ গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ।

Body: ঐConclusion:ঐ
Last Updated :Nov 4, 2019, 10:06 AM IST

TAGGED:

ABOUT THE AUTHOR

...view details