ETV Bharat / sports

আই এছ এল 6ঃ প্ৰথমটো জয় লাভ হায়দৰাবাদ এফ চিৰ

author img

By

Published : Nov 3, 2019, 12:30 AM IST

আই এছ এলৰ ষষ্ঠ সংস্কৰণত প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰিলে হায়দৰাবাদ এফ চিয়ে ৷ কেৰালা ব্লাষ্টাৰ্ছক পৰাস্ত কৰি গৃহভূমিত জয় লাফ হায়দৰাবাদ এফ চিৰ ৷

আই এছ এল 6: প্ৰথমটো জয় লাভ হায়দৰাবাদ এফ চিৰ

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: শনিবাৰে আই এছ এলৰ ষষ্ঠ সংস্কৰণত জিএমচি বালায়োগী এথলেটিক ষ্টেডিয়ামত মুখামুখি হৈছিল হায়দৰাবাদ এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ ৷ গৃহভূমিত অনুষ্ঠিত হোৱা উত্তেজনা পূৰ্ণ মেচখনত কেৰালা ব্লাষ্টাৰ্ছক 2-1 গ’লত পৰাস্ত কৰি আই এলৰ ষষ্ঠ সংস্কৰণত প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰে হায়দৰাবাদ এফ চি দলটোৱে ৷ মেচখনত হায়দৰাবাদৰ হৈ মাৰ্চিলিনহ’ই কৰা দ্বিতীয়টো গ’লেই দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায় কৰে ৷

প্ৰথমটো জয় লাভ হায়দৰাবাদ এফ চিৰ
প্ৰথমটো জয় লাভ হায়দৰাবাদ এফ চিৰ

দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মেচখনত প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় কেৰালা ব্লাষ্টাৰ্ছৰ ৰাহুল কান্নোলি প্ৰবিণে৷ প্ৰবিণে 34 মিনিটত গ’ল কৰি 1-0 ৰ অগ্ৰগতি দিয়ে কেৰালা ব্লাষ্টাৰ্ছক ৷ ইয়াৰ পাচতে দ্বিতীয়াৰ্দ্ধত প্ৰথমটো গ’ল কৰি সমতা স্থাপন কৰে হায়দৰাবাদৰ মাৰ্কো ষ্টানকোভিকে ৷ হায়দৰাবাদৰ হৈ 54 মিনিটত প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় মাৰ্কো ষ্টানকোভিকে৷ ইপিনে মেচৰ 81 মিনিটত হায়দৰাবাদৰ হৈ দ্বিতীয়টো গ’ল কৰে মাৰ্চিলিনহ’ই ৷ মাৰ্চিলিনহ’ইৰ এই গ’লটোৱেই ব্যৱধান হৈ পৰে দুয়োটা দলৰ জয়-পৰাজয়ৰ মাজত৷ ইয়াৰ পাচত অন্তিম সময়লৈকে মেচখনত আন এটাও গ’ল নহয় ফলত 2-1 গ’লত জয় লাভ কৰে হায়দৰাবাদ এফ চি দলটোৱে ৷ টুৰ্ণামেণ্টত দলটোৰ এইটো প্ৰথমটো জয় লাভ ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.