অসম

assam

Lionel Messi won Ballon d'Or 2021: সপ্তম বাৰৰ বাবে লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

By

Published : Nov 30, 2021, 12:17 PM IST

পুনৰ বেলন ডি'অৰ বঁটাৰে সন্মানিত কৰা হ'ল আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেছিক (Lionel Messi won Ballon d'Or 2021) । সপ্তম বাৰৰ বাবে এই বঁটা লাভ কৰিছে ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে । পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ হৈ খেলা মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনতো এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

Lionel Messi wins seventh Ballon d'Or
লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

স্পৰ্টছ ডেস্ক, ৩০ নৱেম্বৰ: সোমবাৰে আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেছিক প্ৰদান কৰা হ'ল 2021 চনৰ বেলন ডি'অৰ বঁটা (Lionel Messi won Ballon d'Or 2021) । পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনৰ লগতে আৰু চলিত বৰ্ষতো এই বঁটা লাভ কৰিছে । বেলন ডি'অৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা কৰা টুইটত এই কথা নিশ্চিত কৰা হৈছে ।

পেৰিছৰ থিয়েটাৰ ডু চেটেলেটত বেলন ডি'অৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । লিঅ'নেল মেছিয়ে সপ্তমবাৰৰ বাবে বেলন ডি'অৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (Lionel Messi wins his seventh Ballon d'Or) । বায়াৰ্ণ মিউনিখৰ ৰবাৰ্ট লেৱানডস্কিয়ে দ্বিতীয় স্থানত থকাৰ লগতে চেলচিৰ জৰ্জিনহোলৈ বেলন ডি'অৰ ৰানাৰ্ছ আপ আগবঢ়োৱা হয় ।

লেৱানডস্কিয়ে টুইটযোগে লিঅ'নেল মেছিৰ লগতে আন বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে । লগতে তেওঁ মনোনীত খেলুৱৈকো অভিনন্দন জনায় । তেওঁ টুইটত উল্লেখ কৰে যে, তেওঁ "ষ্ট্ৰাইকাৰ অৱ দ্য ইয়েৰ বঁটা" লাভ কৰিছে । এজন খেলুৱৈৰ সফলতাৰ আঁৰত দলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, কোনো খেলুৱৈয়ে এটা শক্তিশালী দল আৰু অনুৰাগী অবিহনে এটা বঁটা অৰ্জন কৰিব নোৱাৰে । তেওঁ অনুৰাগীসকলকো ধন্যবাদ জনায় ।

আনহাতে, পিএছজিৰ জিয়ানলুইগি ডোনাৰুম্মাই "গ'লকীপাৰ অৱ দ্য ইয়েৰ"ৰ বাবে য়াছিন ট্ৰফী লাভ কৰে । বাৰ্চিলোনাৰ খেলুৱৈ পেড্ৰি গঞ্জালেজে শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে কোপা ট্ৰফী লাভ কৰিবলৈ সক্ষম হয় । বাৰ্চিলোনাৰ এলেক্সিয়া পুটেলাছে মহিলাৰ বেলন ডি'অৰ বঁটা লাভ কৰে(Alexia Putellas won women's Ballon d'Or) ।

লগতে পঢ়ক:Happy Birthday Suresh Raina : 35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল

ABOUT THE AUTHOR

...view details