অসম

assam

ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’

By

Published : Feb 1, 2020, 10:50 PM IST

চলিত বৰ্ষৰ 27 নৱেম্বৰত মুক্তি লাভ কৰিব ভাৰতীয় ফুটবল প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা নতুন ছবি মৈদানে ৷

ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’
ক্ৰীড়াজগতৰ ওপৰত বলীউডৰ আন এক নতুন ছবি ‘‘মৈদান’’

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰীঃ বলীউডত ক্ৰীড়া জগতৰ বহু সফলতাপূৰ্ণ চিনেমাৰ পাচতেই পুনৰ সোণালী পৰ্দাত ভুমুকি মাৰিবলৈ সাজু হৈছে আন এক নতুন ছবিয়ে ৷ চলিত বৰ্ষৰ 27 নৱেম্বৰত ছবিগৃহলৈ আহিব ভাৰতীয় ফুটবল প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘মৈদান’’৷ ছবিখনত প্ৰশিক্ষক ছৈয়দ আব্দুল ৰহিমৰ ভূমিকাত দেখা পোৱা যাব বলীউডৰ সিংহম অজয় দেৱগনক ৷ অমিত ৰবিন্দ্ৰনাথ শৰ্মাৰ পৰিচালনাত নিৰ্মাণ হৈ থকা ছবিখনৰ প্ৰযোজনা কৰিছে বনী কাপুৰে ৷

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছবিখনৰ বহু কেইটা প’ষ্টাৰ মুকলি কৰিছে অভিনেতাগৰাকীয়ে ৷ চলিত বৰ্ষৰ 27 নৱেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ৷ মৈদানৰ লগতে এইবৰ্ষতে ক্ৰীড়াজগতৰ ওপৰত নিৰ্মাণ হোৱা মুক্তি পাবলগীয়া আন আন ছবি হৈছে কপিল দেৱৰ জীৱনৰ ওপৰত নিৰ্মিত ‘83’৷ য’ত মুখ্যভূমিকা পালন কৰিছে ৰনবীৰ সিঙে ৷ 10 এপ্ৰিলত মুক্তি পাব ছবিখনে ৷

ক্ৰীড়াজগতৰ ওপৰত নতুন ছবি চাবাছ মিথু আৰু 83

আনহাতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ‘‘চাবাছ মিথু’’ ৷ য’ত মিথালীৰ চৰিত্ৰৰ মুখ্য অভিনয়ত আছে তাপসী পান্নু ৷ 5ফেব্ৰুৱাৰীত মুক্তি পাব চাবাছ মিথু ছবিখনে ৷

লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন

Maidan Ajay Devgan


Conclusion:

ABOUT THE AUTHOR

...view details