অসম

assam

মহিলা IPL অনুষ্ঠিত হোৱাতো বিচাৰিছে ভাৰতীয় মহিলা ক্ৰিকেটাৰে

By

Published : Nov 13, 2021, 11:42 AM IST

Indian women cricketers express wish for Women's Indian Premier League

মহিলা IPLত খেলাৰ ইচ্ছা প্ৰকাশ ভাৰতীয় মহিলা ক্ৰিকেটাৰ(Indian women cricketer)ৰ । ভাৰতীয় মহিলা ক্ৰিকেটাৰ জেমিমা ৰদ্ৰীগজে(Jemimah Rodrigues) কয় যে, এতিয়া সময় হৈছে যে ভাৰতত মহিলাৰ IPL আৰম্ভ কৰাৰ ।

স্পৰ্টছ ডেস্ক, ১৩ নৱেম্বৰ: মহিলাৰ বাবেও আৰম্ভ হ'ব লাগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (Indian Premier League)। এই ইচ্ছা প্ৰকাশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেটাৰ জেমিমা ৰদ্ৰীগজ(Jemimah Rodrigues), হৰমনপ্ৰীত কৌৰ(Harmanpreet Kaur), ৰাধা যাদৱ( Radha Yadav) আৰু স্মৃতি মান্ধানা(Smriti Mandhana)ই । cricket.com.auই পোষ্ট কৰা এটা ভিডিঅ'ত বৰ্তমান মহিলা বিগ বেছ লীগ(Women's Big Bash League)ত অংশগ্ৰহণ কৰা জেমিমা, হৰমনপ্ৰীত, ৰাধা আৰু স্মৃতিয়ে মহিলা আই পি এল সন্দৰ্ভত তেওঁলোকৰ মতামত আগবঢ়াইছে ।

বৰ্তমান মেলবৰ্ণ ৰেনেগেডছ(Melbourne Renegades)ৰ হৈ খেলি থকা জেমিমা ৰদ্ৰীগজে(Jemimah Rodrigues) কয় যে, "মই ভাৱো যে এতিয়া মহিলাৰ বাবেও আই পি এল(IPL) অনুষ্ঠিত কৰাৰ প্ৰয়োজন আহি পৰিছে । কিয়নো যদি আপুনি ইংলেণ্ড(England) আৰু অষ্ট্ৰেলিয়া(Australia)ৰ মহিলা ক্ৰিকেটাৰৰ খেলৰ প্ৰতি লক্ষ্য কৰে তেন্তে দেখিব যে তেওঁলোকৰ খেল যথেষ্ট উন্নত মানৰ । ইয়াৰ অৰ্থ এয়া নহয় যে, ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ দক্ষতা নাই । প্ৰিমিয়াৰ লীগৰ দৰে খেলবোৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰক নিজৰ খেলৰ উন্নত কৰাৰ সহায় কৰিছে ।"

জেমিমাই কয় যে, এই সকলোবোৰ বস্তু ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ বাবে নতুন । এগৰাকী নতুন মহিলা ক্ৰিকেটাৰে যদি আই পি এল খেলাৰ সুযোগ পায়, ভাল প্ৰদৰ্শন আগবঢ়ায় আৰু ভাৰতৰ বাবে নিৰ্বাচিত হয় তেতিয়া তেওঁ অনুভৱ কৰিব যে, তেওঁ এক চিনাকি স্থানত আছে । তেওঁ কয় যে, এনে খেলৰ জৰিয়তে বহু ভাল প্ৰতিভা বিকশিত হোৱাত সহায়ক হ'ব । এই সন্দৰ্ভত শ্বেফালী বাৰ্মাৰ উদাহৰণ দাঙি ধৰে । তেওঁ লগতে কয় যে, ভাৰতত মহিলা ক্ৰিকেটক উন্নত কৰি তোলাৰ এয়া উপযুক্ত সময় ।

ভাৰতৰ টি-২০ দলৰ অধিনায়ক আৰু মেলবৰ্ণ দলত থকা হৰমনপ্ৰীতেও জেমিমাৰ সৈতে সহমত প্ৰকাশ হৈছিল । তেওঁ কয় যে, মহিলা বিগ বেছ লীগ আৰম্ভ হোৱাৰ পৰা অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰৰ খেল কেনেদৰে উন্নীত হৈছে সেয়া সহজে অনুমেয় হৈছে । ভাৰতীয় মহিলা ক্ৰিকেটাৰেও তেনে এখন মঞ্চ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

আনহাতে, বৰ্তমান চিডনী থাণ্ডাৰৰ হৈ খেলি থকা স্মৃতি মান্ধানাই বিশ্বাস কৰে যে, মহিলাৰ আই পি এল আয়োজন কৰিলে ভাৰতীয় দল অধিক শক্তিশালী হোৱাত সহায়ক হ'ব । তেওঁৰ মতে, ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এইটোৱেই পৰৱৰ্তী পদক্ষেপ । আঠটা দলক আই পি এল অনুষ্ঠিত কৰা বা বিচিচিআ(BCCI)য়ে এই সন্দৰ্ভত যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তই ভাৰতীয় মহিলা ক্ৰিকেটত যথেষ্ট প্ৰভাৱ পেলাব ।

চিডনী ছিক্সৰ হৈ খেলি থকা ৰাধা যাদৱেও একেই মতামত আগবঢ়ায় । তেওঁ কয় যে, ভাৰতত সঁচাকৈয়ে বহু ভাল প্ৰতিভা আছে । যদি ভাৰতত মহিলাৰ বাবে সম্পূৰ্ণ আই পি এল অনুষ্ঠিত কৰা হয়, তেন্তে সেয়া উত্তম হ'ব বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়সহ জয়পুৰত উপস্থিত ভাৰতীয় টি-২০ দল

ABOUT THE AUTHOR

...view details