ETV Bharat / sports

আৰ্চাৰী বিশ্বকাপত অলিম্পিক চেম্পিয়ন কোৰিয়াক পৰাস্ত কৰি 14 বছৰৰ পাচত ভাৰতৰ স্বৰ্ণ পদক অৰ্জন - Archery World Cup

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:40 PM IST

INDIAN ARCHERS
আৰ্চাৰী বিশ্বকাপত ভাৰতৰ স্বৰ্ণ পদক অৰ্জন

INDIAN ARCHERS : চাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপত অলিম্পিক চেম্পিয়ন কোৰিয়াক পৰাস্ত কৰি ভাৰতে 14 বছৰৰ পাচত স্বৰ্ণ পদক অৰ্জন কৰিছে। এই খেলখনত ভাৰতীয় যুটিয়ে ব্ৰঞ্জৰ পদক প্লে অফত মেক্সিকান খেলুৱৈ আলেজান্দ্ৰা ভেলেন্সিয়া আৰু মাটিয়াছ গ্ৰেণ্ডেক ৬-০ ব্যৱধানত পৰাস্ত কৰে।

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিল : চাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপত কোৰিয়াক পৰাস্ত কৰি ভাৰতে 14 বছৰৰ পাচত স্বৰ্ণ পদক অৰ্জন কৰিছে ৷ বিশ্বকাপ ষ্টেজ 1ত ডিফেণ্ডিং অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰি তৰুনদীপ ৰায়, ধীৰাজ বোম্মাদেৱৰা আৰু প্ৰবীণ জাধৱক লৈ গঠিত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলটোৱে এক উল্লেখযোগ্য জয় অৰ্জন কৰে ৷ কোৰিয়ান প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে 5-1 (৫৭-৫৭, ৫৭-৫৫, ৫৫-৫৩) ব্যৱধানত জয়লাভ কৰি ছিজনৰ আৰম্ভণিতে প’ডিয়ামত শীৰ্ষস্থান দখল কৰে ৷

ইয়াৰ পিচত অংকিতা ভক্ত আৰু বোম্মাদেৱাৰ ৰিকাৰভ মিক্সড দলে মেক্সিকোক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ব্ৰঞ্জৰ পদক প্লে অফত ভাৰতীয় যুটিটোৱে মেক্সিকান দল আলেজান্দ্ৰা ভেলেন্সিয়া আৰু মাটিয়াছ গ্ৰেণ্ডেক 6-0 ব্যৱধানত পৰাস্ত কৰে ৷ দেওবাৰৰ এই জয়ৰ জৰিয়তে ভাৰতে প্ৰতিযোগিতাখনত এতিয়ালৈকে 5 টা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷

শনিবাৰে ভাৰতীয় কম্পাউণ্ড আৰ্চাৰসকলে দলীয় ইভেণ্টত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই পুৰুষ, মহিলা আৰু মিশ্ৰিত দলীয় ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে ৷ ইফালে মহিলাৰ ব্যক্তিগত কম্পাউণ্ড শাখাত জ্যোতি সুৰেখা ভেনামে মেক্সিকোৰ আন্দ্ৰেয়া বেচেৰাক 146(9*)-146(9) ব্যৱধানত পৰাস্ত কৰি আৰ্চাৰী বিশ্বকাপ তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে ৷

ইয়াৰ উপৰিও প্ৰিয়ংশে নিজৰ প্ৰথম বিশ্বকাপৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন নিকো উইনাৰৰ হাতত 147–150 ব্যৱধানত পৰাস্ত হৈ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড ইভেণ্টত ৰূপৰ পদক লাভ কৰে ৷ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া আন এখন প্ৰতিযোগিতাত কোৰিয়ান নাম ছুহিয়নৰ বিৰুদ্ধে মহিলাৰ ৰিকাৰ্ভ ব্যক্তিগত ছেমি ফাইনেলত অংশগ্ৰহণ কৰিব প্ৰাক্তন বিশ্ব নম্বৰ তথা শীৰ্ষ ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰ দীপিকা কুমাৰীয়ে ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপত কোন কোন থাকিব ভাৰতীয় দলত ? - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.