নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়সহ জয়পুৰত উপস্থিত ভাৰতীয় টি-২০ দল

author img

By

Published : Nov 12, 2021, 4:18 PM IST

jaipur

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে জয়পুৰলৈ ৰাওনা হৈছে ভাৰতীয় দল । হোটেলত কোৱাৰেণ্টাইনত থকাৰ পাছত ১৪ নৱেম্বৰৰ পৰা আৰচিএ একাডেমীত অনুশীলন আৰম্ভ কৰিব দলটোৱে ।

স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ : চলিত টি-২০ বিশ্বকাপত (T20 World Cup) ভাৰতীয় দলটোৱে প্ৰদৰ্শনৰ দ্বাৰা নিৰাশ কৰিছে ভাৰতীয় দৰ্শকক । অৱশ্যে আহি থকা শৃংখলাবোৰত পুনৰ ভাৰতে ভাল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী দৰ্শকসকল । ইতিমধ্যে টি-২০, এদিনীয়া (One day) আৰু টেষ্টৰ (Test) কেইবাটাও শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় দল । আটাইকেইটা ফৰ্মেটৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল ।

ডুবাইৰ পৰা নিৰাশ হৈ উভতি অহা দলটো এইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে সাজু হৈছে । ১৭ নৱেম্বৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব টি-২০ শৃংখলা । জয়পুৰৰ চৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে ইতিমধ্যে ভাৰতীয় দলটোৰ খেলুৱৈসকল জয়পুৰলৈ ৰাওনা হৈছে । ভাৰতীয় দলটোৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কে (Rahul Dravid) ধৰি কেইবাজনো খেলুৱৈ জয়পুৰত ইতিমধ্যে উপস্থিত হৈছে আৰু প্ৰায় গোটেই দলটো শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত জয়পুৰত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ।

দলটোৰ খেলুৱৈ অক্ষৰ পেটেল (Axar Patel), হৰ্ষল পেটেল (Harshal Patel), আবেশ খান (Avesh Khan), ভেঙ্কটেশ আয়াৰ (Venkatesh Iyer) শুকুৰবাৰে ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে জয়পুৰত উপস্থিত হৈছে । য়ুজবেন্দ্ৰ চাহাল আৰু ৰিতুৰাজ গায়কৱাড় বৃহস্পতিবাৰেই জয়পুৰত উপস্থিত হৈছিল ।

জয়পুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত সকলো খেলুৱৈ নিৰ্দিষ্ট হোটেললৈ ৰাওনা হৈছে । য'ত তেওঁলোকে ক'ভিড নিৰ্দেশনা অনুসৰি দুইৰ পৰা তিনি দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব ।তদুপৰি, ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মা আৰু উপ-অধিনায়ক কে এল ৰাহুল আৰু অন্যান্য খেলুৱৈসকলে বিয়লি ভাগলৈ জয়পুৰত উপস্থিত হ'ব । কোৱাৰেণ্টাইনৰ পাছত খেলুৱৈসকলে ১৪ নৱেম্বৰৰ পৰা আৰচিএ একাডেমীত (R.C.A Cricket Academy) অনুশীলন আৰম্ভ কৰিব আৰু এই সময়ছোৱাত সকলো খেলুৱৈয়ে ক'ভিড বিধি অনুসৰণ কৰিব লাগিব ।

লগতে পঢ়ক :টি-20 বিশ্বকাপ: পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.