অসম

assam

IPL 2023 Guwahati Match : ৫ এপ্ৰিলত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

By

Published : Apr 4, 2023, 9:39 AM IST

গুৱাহাটীত আইপিএলৰ উন্মাদনা । প্ৰথমবাৰৰ বাবে গুৱাহাটীত আইপিএলৰ মেচ । ৫ এপ্ৰিলত বৰ্ষাপাৰাত আইপিএলৰ প্ৰথমখন মেচ (IPL 2023 match in Guwahati) । নিজৰ হোমগ্ৰাউণ্ডত ৰাজস্থান ৰয়েলছৰ বিপক্ষে অৱতীৰ্ণ হ'ব পঞ্জাব কিংছ । সোমবাৰে দুয়োটা দল আহি গুৱাহাটীত উপস্থিত ।

IPL
IPL

গুৱাহাটী, ৪ এপ্ৰিল : ৩১ মাৰ্চৰ পৰা আৰম্ভ হৈছে আইপিএলৰ উন্মাদনা (IPL 2023) । যিমানেই আইপিএলৰ মেচ আগবাঢ়িছে, সিমানেই উত্তেজনাপূৰ্ণ হৈ পৰিছে মেচবোৰ । প্ৰতিটো দল, প্ৰতিগৰাকী ক্ৰিকেটাৰ আৰু প্ৰতিখন ষ্টেডিয়াম- সকলোৰে বাবে যেন পৃথক উন্মাদনা । ক্ৰিকেট বলীয়া দৰ্শকে ভাৰতৰ মেগা ক্ৰিকেট ইভেণ্টটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে । তাতে দি ঘৰুৱা ষ্টেডিয়ামত ক্ৰিকেট অনুৰাগীয়ে খেল উপভোগৰ সুবিধা পায়, তেনেহ'লে তাৰ মাদকতাই সুকীয়া ।

এইবাৰ তেনে এক মাদকতা লাভৰ সৌভাগ্য ঘটিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটানুৰাগীয়ে । কিয়নো গুৱাহাটীত উপভোগ কৰিব পাৰিব আইপিএলৰ মেচ (IPL 2023 match in Guwahati) । তাতোকৈ ডাঙৰ কথা অসমৰ ক্ৰিকেট প্ৰতিভা ৰিয়ান পৰাগ আৰু তেওঁৰ দল ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত নিজৰ খেল প্ৰদৰ্শনৰ বাবে অৱতীৰ্ণ হ'ব (Riyan Parag in Rajasthan Royals) ।

দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ (Indian Premier League) প্ৰথমখন মেচৰ বাবে ইতিমধ্যে সোমবাৰে মহানগৰীত উপস্থিত হয় ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছ (Rajasthan Royals vs Punjab Kings match in Guwahati) । গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে হোটেল ৰেডিশ্বন ব্লুলৈ ৰাওনা হয় দল দুটা । উল্লেখ্য, ৫ এপ্রিলত বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আইপিএলৰ খেল ।

ৰাজস্থান ৰয়েলছে এইবাৰ দুখন মেচৰ বাবে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামক তেওঁলোকৰ ‘হোমগ্ৰাউণ্ড’ হিচাপে নিৰ্বাচন কৰিছে । ইয়াৰে প্ৰথমখন মেচ ৫ এপ্রিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত আইপিএলৰ মেচ খেলাৰ পৰিকল্পনা কৰিছিল যদিও মহামাৰী কোভিড-১৯-ৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল । ইতিমধ্যে এই মেচ দুখনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়াম ন-ৰূপত সজাই পৰাই তুলিছে ৰাজস্থান ৰয়েলছে । খেলুৱৈৰ হৰ্ডিং লগাইছে মহানগৰীৰ বিভিন্ন স্থানতো ।

ইয়াৰ লগতে আইপিএলৰ দলটোৱে মহানগৰীত টিকট বিক্ৰীৰ প্রক্রিয়াও আৰম্ভ কৰিছে । আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পৰ লগতে ফাঁচীবজাৰতো দৰ্শকৰ বাবে টিকট বিক্ৰী কৰিছে ৰাজস্থান ৰয়েলছে । দুয়োটা দলে সোমবাৰে চার্টার্ড বিমানযোগে আহি গুৱাহাটীত উপস্থিত হয় । মঙলবাৰে দল দুটাই অনুশীলনত নামিব । উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হ'বলগা প্রথমখন মেচ সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন বিয়লি ৩.৩০ বজাৰপৰা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :IPL 2023 CSK Vs LSG: LSG ৰ বিৰুদ্ধে 12 ৰাণত জয়ী CSK, হাইভল্টেজ মেচৰ সাক্ষী IPL প্ৰেমী

ABOUT THE AUTHOR

...view details