অসম

assam

ষ্টিভ স্মিথৰ মুখত ৰিয়ান পৰাগৰ প্ৰশংসা

By

Published : Apr 21, 2019, 8:41 AM IST

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে সুন্দৰ বেটিং কৰা অসম সন্তান ৰিয়ান পৰাগৰ প্ৰশংসা ৰাজস্থান ৰয়েলছৰ বৰ্তমানৰ অধিনায়ক ষ্টিভ স্মিথৰ ।

ৰিয়ান পৰাগৰ প্ৰশংসা ষ্টিভ স্মিথৰ

স্পৰ্টছ ডেস্ক, ২১ এপ্ৰিলঃআই পি এলৰ দ্বাদশ সংস্কৰণত শনিবাৰে তৃতীয়টো জয় লাভ কৰিবলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছে । মুম্বাইৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত সুন্দৰ প্ৰদৰ্শন কৰে অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগে । মেচখনত ৰিয়ানে ২৯ টা বলত ৪৩ ৰান কৰে । দুৰ্ভাগ্যবশত ৰান আউটৰ সন্মুখীন হৈ অৰ্ধশতক অৰ্জনৰ লগতে এক অভিলেখৰ পৰা বঞ্চিত হয় ৰিয়ান । এই অভিলেখ হৈছে আই পি এলত আটাইতকৈ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈৰ । বৰ্তমান আই পি এলত আটাইতকৈ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ আছে পৃথ্বী শ্ব' আৰু সঞ্জু চেমছনৰ নামত । দুয়োৱে ১৮ বছৰ ১৬৯ দিনত অৰ্ধশতক অৰ্জন কৰিছিল । তেনেতে ১৭ বছৰ ১৬১ দিনৰ ৰিয়ানে অভিলেখ গঢ়াৰ সুযোগ হেৰুৱায় ।

এই মেচখনত মুম্বাই ইণ্ডিয়ানছৰ ১৬২ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ অহা ৰাজস্থান দলটোৱে ৭৭ ৰানত তিনিটা উইকেট হেৰুৱাৰ পাচত স্মিথ আৰু ৰিয়ানে দলটোক স্থিৰতা প্ৰদান কৰাৰ লগতে জয়ৰ সোৱাদ দিবলৈ সক্ষম হয় । দুয়োৰে মাজত ৭০ ৰানৰ সহযোগিতা হোৱাৰ বিপৰীতে মেচখনত ৫৯ ৰানেৰে অপৰাজিত হৈ থাকে স্মিথ। মেচৰ অন্তত স্মিথে ৰিয়ানৰ প্ৰশংসাত কয় ১৭ বছৰ বয়সত যথেষ্ট প্ৰতিভা আছে ৰিয়ানৰ। আগন্তুক সময়তো এনেদৰে নিৰ্ভীক হৈ খেলি যাওক খেলুৱৈগৰাকীয়ে বুলি মন্তব্য কৰে অধিনায়ক ষ্টিভ স্মিথে ।


ABOUT THE AUTHOR

...view details