স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ :আই চি চি বিশ্বকাপ 2023 ৰ বাকী অংশৰ পৰা তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বাহিৰ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে খৰখেদাকৈ পেচাৰ প্ৰসিদ্ধ কৃষ্ণক দলত অন্তৰ্ভূক্ত কৰে ৷ কিন্তু লাইন আপত পাণ্ডিয়াৰ অবিহনে আন এটা খালী পদ মুকলি হ’ল - উপ-অধিনায়কৰ শ্লট ৷
বিচিচিআইৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ আইচিচি বিশ্বকাপ 2023 ৰ বাকী খেলসমূহৰ বাবে ৰোহিত শৰ্মাৰ সহকাৰী হিচাপে নিৰ্বাচিত হৈছে উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল ৷ ইটিভি ভাৰতক নাম প্ৰকাশ নকৰাৰ চৰ্তত এক সূত্ৰই কয় যে, ‘উপ-অধিনায়ক হিচাপে আনকি (পেচাৰ) জশপ্ৰীত বুমৰাহৰ নামো প্ৰস্তাৱ কৰা হৈছিল, কিন্তু (কে এল) ৰাহুলক পছন্দ কৰা হৈছিল কাৰণ তেওঁ উইকেটকীপাৰৰ স্থানত আছে আৰু সকলো কথা ভালদৰে বুজি পায় ৷”
উল্লেখ্য যে 2022 চনত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টত (2021 চনত চাৰিখন টেষ্ট খেলা হৈছিল যদিও ভাৰতীয় দলত ক’ভিড-১৯ সংক্ৰমণৰ বাবে তেওঁলোকে টেষ্ট শৃংখলা এৰি উভতি আহিবলগীয়া হৈছিল) যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে উপ-অধিনায়কৰ কাম কৰিছিল ৷