অসম

assam

T20 World Cup ৰ পিছত T20I ৰ অধিনায়ক পদ ত্যাগ কৰিব কিং কোহলীয়ে

By

Published : Sep 16, 2021, 7:20 PM IST

Updated : Sep 17, 2021, 6:56 AM IST

virat-kohli-to-give-up-indias-t20i-captaincy-after-t20-world-cup

আইচিচি টি-২০ বিশ্বকাপৰ পিছত চলিত বৰ্ষৰ নৱেম্বৰ মাহত টি-২০ ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ জানো আহক কিয় কোহলীয়ে ল’লে এই সিদ্ধান্ত ৷

স্পৰ্টচ ডেস্ক, 16 ছেপ্টেম্বৰ :ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আইচিচি টি-২০ বিশ্বকাপৰ পিছত চলিত বৰ্ষৰ নৱেম্বৰ মাহত টি-২০ ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । এক টুইট যোগে কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰে । টুইটোত ভাৰতীয় অধিনায়কজনে কৈছিল যে, দেশৰ হৈ তিনিওটা ফৰ্মেট খেলিবলৈ তেওঁ নিজকে সময় দিয়াৰ প্ৰয়োজন আছে ।

"মই কেৱল ভাৰতক প্ৰতিনিধিত্ব কৰাই নহয়, ভাৰতীয় ক্ৰিকেট দলক মোৰ দ্বাৰা যিমান সম্ভৱ আগুৱাই নিয়াৰ বাবে লাভ কৰা সুযোগ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছো । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে মোৰ যাত্ৰাত মোক সমৰ্থন কৰা সকলোকে মই ধন্যবাদ জনাইছো," কোহলীয়ে এক বিবৃতিত কয় ।

" মোৰ সতীৰ্থ সকল, সহায়ক কৰ্মচাৰী, বাছনি সমিতি, মোৰ প্ৰশিক্ষক, আৰু প্ৰতিজন ভাৰতীয় যিয়ে আমাক জিকাৰ বাবে প্ৰাৰ্থনা কৰিছিল তেওঁলোকৰ ওচৰত কৃতজ্ঞ কিয়নো, মই তেওঁলোকৰ অবিহনে একোৱেই কৰিব নোৱাৰিলোহেঁতেন ।'' এইদৰে কৈ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে কোহলীয়ে ৷

"কামৰ বোজা বুজাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু যোৱা 8-9 বছৰত তিনিওটা ফৰ্মেট খেলি আৰু যোৱা 5-6 বছৰ ধৰি নিয়মীয়াকৈ অধিনায়কত্ব কৰাৰ বাবে কামৰ বোজা বিবেচনা কৰি, মই অনুভৱ কৰো যে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলক নেতৃত্ব দিবলৈ সম্পূৰ্ণৰূপে সাজু হ'বলৈ মই নিজকে সময় দিব লাগিব । টি-২০ অধিনায়ক হিচাপে মই মোৰ সময়ত দলটোক সকলো দিছো আৰু এজন বেটছমেন হিচাপে মই এতিয়াও টি-২০ দলৰ বাবে আগবাঢ়ি যাম," তেওঁ লগতে কয়।

কোহলীয়ে কৈছিল যে, তেওঁ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ সৈতে আলোচনা কৰাৰ পিছত হে তেওঁৰ সিদ্ধান্তত উপনীত হৈছে । ''নেতৃত্ব গোটৰ এক অপৰিহাৰ্য অংশ হৈ থকা মোৰ ঘনিষ্ঠ ৰবি ভাই আৰু ৰোহিতৰ সৈতে যথেষ্ট চিন্তা-চৰ্চা আৰু আলোচনাৰ পিছত, মই অক্টোবৰত ডুবাইত অনুষ্ঠিত হোৱা এই টি-২০ বিশ্বকাপৰ পিছত টি-২০ অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো" কোহলীয়ে কয়।

উল্লেখ যোগ্য যে, ২৪ অক্টোবৰত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ খেলখনত চিৰবৈৰী ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব । প্ৰতিযোগিতাখন অক্টোবৰৰ 17 তাৰিখৰ পৰা আৰম্ভ হ'ব, যাৰ ফাইনেল খন 14 নৱেম্বৰত ডুবাইত অনুষ্ঠিত হ'ব । বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীকো ইতিমধ্যে এই বিষয়ে অৱগত কৰাৰ কথা উল্লেখ কৰে কোহলীয়ে ৷

লগতে পঢ়ক :মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

Last Updated :Sep 17, 2021, 6:56 AM IST

ABOUT THE AUTHOR

...view details