অসম

assam

অ’পেনাৰ ৰূপত টেষ্ট ক্ৰিকেটতো সফল হ’ব ৰোহিত ! কোনে ক’লে..

By

Published : Sep 27, 2019, 4:43 PM IST

শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত ৰোহিত শৰ্মাৰ নতুন ভূমিকাক লৈ আজ্যিংকা ৰাহানেৰ প্ৰতিক্ৰিয়া ৷

অ’পেনাৰ ৰূপত টেষ্ট ক্ৰিকেটতো সফল হ’ব ৰোহিত ! কোনে ক’লে..

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃৰোহিতৰ শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ সহ অধিনায়ক আজ্যিংকা ৰাহানে ৷ এক প্ৰশ্নৰ উত্তৰত টেষ্ট ক্ৰিকেটত ৰোহিতৰ নতুন ভূমিকাক লৈ ৰাহানেয়ে ক’লে,

ৰোহিত শৰ্মাৰ নতুন ভূমিকাক লৈ আজ্যিংকা ৰাহানেৰ প্ৰতিক্ৰিয়া

‘‘ৰোহিতে আগন্তুক শৃংখলাত অ’পেনিং কৰিব নে নাই মই জ্ঞাত নহয় ৷ যদিহে এনে হয় মই নথৈ আনন্দিত হ’ম ৷ মই ৱেষ্ট ইণ্ডিজ শৃংখলাত কৈছিলো এনে এজন প্ৰতিভাৱন খেলুৱৈক দলৰ বাহিৰত বহি থকা দেখা পোৱাটো দুখজনক ৷’’

ৰাহানে লগতে কয়,

‘‘ৰোহিতে যথেষ্ট কষ্ট কৰিছে আৰু মোৰ বিশ্বাস আছে ৰোহিতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব ৷ টেষ্ট ক্ৰিকেট হৈছে মানসিক খেল আৰু ৰোহিতৰ তাত যথেষ্ট প্ৰতিভা আছে ৷’’

আজ্যিংকা ৰাহানে

উল্লেখ্য যে, ৰোহিতে নিজৰ টেষ্ট কেৰিয়াৰৰ 27 খন মেচৰ তিনিখনত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, নিজৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা বাহিৰ হৈ থকা সন্দৰ্ভতো ৰাহানেয়ে উল্লেখ কৰে, টেষ্ট ক্ৰিকেটৰ লগতে এদিনীয়া ক্ৰিকেটৰো মই আনন্দ লাভ কৰি আছো ৷ মই পুনৰ এদিনীয়া দলত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাম ৷ বৰ্তমান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত মনোযোগ দিছো ৷

ABOUT THE AUTHOR

...view details