অসম

assam

ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো সঠিক: ৰবি শাস্ত্ৰী

By

Published : Oct 26, 2019, 9:21 PM IST

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ নতুন অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰ্বাচনক লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷

ভাৰতীয় ক্ৰিকেটকৰ ভৱিষ্যতৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো সঠিক

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ:বিচিচিআইৰ অধ্যক্ষ পদত সৌৰভ গাংগুলীৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ৷ গাংগুলীৰ নিৰ্বাচন ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে সঠিক সিদ্ধান্ত বুলি উল্লেখ কৰে শাস্ত্ৰীয়ে ৷

ৰবি শাস্ত্ৰী

এক ৱেবচাইটত উল্লেখ কৰি শাস্ত্ৰীয়ে কয়,

বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত হোৱাৰ বাবে গাংগুলীক শুভেচ্ছা যাচিছো ৷ ভাৰতীয় ক্ৰিকেটক সঠিক দিশত আগুৱাই নিয়াৰ বাবে গাংগুলীক নিৰ্বাচন কৰাটো ভাল পদক্ষেপ ৷ গাংগুলী সদায় এজন স্বভাৱিক নেতাৰ দৰে কাম কৰি আহিছে ৷ এই পদত তেওঁৰ দৰে ব্যক্তিত্বৰ লোক অধিষ্ঠিত হোৱাটো ফলপ্ৰসূ ৷ বেংগল ক্ৰিকেট এশ্ব’চিয়েছনকো তেওঁ চাৰি-পাঁচ বছৰ সেৱা আগবঢ়াইছে ৷ গাংগুলীক অধ্যক্ষ হিচাপে নিযুক্ত কৰাটো ভাৰতীয় ক্ৰিকেটৰ বাবে সঠিক সিদ্ধান্ত ৷

ইপিনে ধোনী সন্দৰ্ভতো মত প্ৰকাশ কৰে ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীয়ে ৷ প্ৰশিক্ষকগৰাকীয়ে কয়,ধোনীক লৈ মত প্ৰকাশ কৰা একাংশ লোকে নিজৰ জুতাৰ ফিতা বান্ধিবলৈ অপাৰগ ৷ তেওঁ লোকে চাওক ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কি কি উপলব্ধি লাভ কৰিছে ৷ ধোনীৰ সন্ন্যাসক লৈ ইমান কিহৰ খৰ-ধৰ ৷ হয়তো তেওঁলোকৰ হাতত অন্য বিষয় নাই কথা পতাৰ ৷

ধোনী-ৰবি শাস্ত্ৰী

ধোনীয়ে কেতিয়া সন্ন্যাস ঘোষণা কৰিব সেইয়া ধোনী আৰু তেওঁৰ বন্ধু-বৰ্গই নিশ্চয় জানে ৷ তেওঁক লৈ আলোচনা-বিলোচনা কৰাটো তেওঁক অসন্মান জনোৱা হ’ব ৷

ভাৰতৰ হৈ 15 বছৰ ক্ৰিকেট খেলা খেলুৱৈয়ে কি স্বয়ং নাজানে যে কেতিয়া সন্ন্যাস ঘোষণা কৰিব নকৰিব ? গতিকে সন্ন্যাসৰ নিৰ্ণয় ধোনীয়ে নিজেই ল’ব বুলি কয় ৰবি শাস্ত্ৰীয়ে ৷


TAGGED:

ABOUT THE AUTHOR

...view details