অসম

assam

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আজি ৪৭ সংখ্যক জন্মদিন

By

Published : Apr 24, 2020, 11:12 AM IST

ক্ৰিকেটৰ ভগৱান নামে খ্যাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ আজি ৪৭ সংখ্যক জন্মদিন । জন্মদিনত লিটিল মাষ্টাৰ্ছক অসংখ্যজনৰ শুভেচ্ছাবাণী ।

Happy Birthday Sachin Tendulkar: Wishes pour in for the Master Blaster on his 47th b'day
Happy Birthday Sachin Tendulkar: Wishes pour in for the Master Blaster on his 47th b'dayHappy Birthday Sachin Tendulkar: Wishes pour in for the Master Blaster on his 47th b'day

স্পৰ্টছ ডেস্ক, ২৪ এপ্ৰিলঃ বিশ্ব ক্ৰিকেটৰ মহানতম খেলুৱৈত সন্নিৱিষ্ট আৰু ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ আজি ৪৭ সংখ্যক জন্মদিন ।

জন্মদিন উপলক্ষ্য খেলুৱৈগৰাকীক অসংখ্য লোকে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । ইয়াৰ মাজতে আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী । শাস্ত্ৰীয়ে টুইট কৰি শুভেচ্ছা জ্ঞাপন কৰে- Happy Birthday, Bossman. Legacy you've left behind in the sport is immortal. God bless Champ 🤗 @sachin_rt #HappyBirthdaySachin #SachinTendulkar

বিচিচিআইৰ টুইটযোগে শুভেচ্ছাবাণী- As the Master Blaster @sachin_rt turns 47, we relive one of his glorious knocks against England in 2008. He dedicated this ton - 41st in Test cricket, to the victims of 26/11 Mumbai terror attack. Here's wishing the legend a very happy birthday 🍰 🎁 🎂 #HappyBirthdaySachin

জন্মদিন উপলক্ষে মুম্বাই ইণ্ডিয়ানছৰ টুইট- 🎂 Special greetings to the cricketer who is worshipped across the globe 🌍 Happy birthday, Master 💙#OneFamily #HappyBirthdaySachin @sachin_rt

আইচিচিৰ টুইট-Happy birthday to Sachin Tendulkar, the most prolific batsman of all time! To celebrate, we will give you the opportunity to vote for his top ODI innings in a bracket challenge! Stay tuned to join the celebrations 🎂

ইয়াৰ লগতে গৌতম গম্ভীৰ,ঋদ্ধিমান শ্বাহা,বিনোদ কাম্বলী, পিয়ুষ গৱেল,আশ্বিন,ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰ,সুৰেশ ৰাইনা,প্ৰজ্ঞান ওঝাকে ধৰি বহু লোকে শুভেচ্ছা জ্ঞাপন কৰে শচীন তেণ্ডুলকাৰক ।

শচীনৰ নামত ১০০ টা আন্তঃৰাষ্ট্ৰীয় শতকৰ লগতে বহু কেইটা অভিলেখ খোদিত হৈ আছে । শচীনে টেষ্ট ক্ৰিকেটত ১৫,৯২১ ৰান য'ত ৫১ টা শতক আৰু এদিনীয়া ক্ৰিকেটত ১৮,৪২৬ ৰান য'ত ৪৯ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

নিজৰ ২৪ বছৰ ক্ৰিকেট কেৰিয়াৰত ২০১১ চনত বিশ্ব চেম্পিয়নৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল মহানতম খেলুৱৈগৰাকীয়ে । ২০১২ চনৰ ডিচেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটক আৰু ২০১৩ চনৰ ১৩ এপ্ৰিলত সকলো আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ক্ৰিকেটৰ পৰা বিদায় লৈছিল খেলুৱৈগৰাকীয়ে । নিজৰ কেৰিয়াৰৰ ৬৬৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৩৪,৩৫৭ ৰান কৰিবলৈ সক্ষম হৈছিল শচীন । ইটিভ ভাৰত অসমৰ পৰাও এই মহানতম খেলুৱৈলৈ জন্মদিনৰ অশেষ শুভকামানা ।

ABOUT THE AUTHOR

...view details