ETV Bharat / sports

টেক্সট-গেট কেলংকাৰীৰ পাচত ইংলেণ্ডৰ প্ৰতিনিধিত্ব কৰিব দিব নালাগিছিল পিটাৰচেনকঃ মাইকেল ভন

author img

By

Published : Apr 23, 2020, 5:12 PM IST

২০১২ চনৰ টেক্সট-গেট কেলেংকাৰীত পিটাৰচেনৰ বিৰুদ্ধে তৎকালীন ইংলেণ্ড অধিনায়ক এণ্ড্ৰিয় ষ্ট্ৰছৰ বিৰুদ্ধে বিৰোধী দল দক্ষিণ আফ্ৰিকাক আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগত অভিযুক্ত কৰা হৈছিল । এই সন্দৰ্ভত মাত মাতিছে প্ৰাক্তন অধিনায়ক মাইকেল ভনে ।

'Pietersen shouldn't have been allowed to play for England after text-gate scandal'
'Pietersen shouldn't have been allowed to play for England after text-gate scandal''Pietersen shouldn't have been allowed to play for England after text-gate scandal'

স্পৰ্টছ ডেস্ক, ২৩ এপ্ৰিলঃ পুনৰ চৰ্চালৈ আহিছে এণ্ড্ৰিয় ষ্ট্ৰছ আৰু কেভিন পিটাৰচেনৰ মাজত সংঘটিত হোৱা টেক্সট-কেলেংকাৰী । এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ নিজৰ মন্তব্য দাঙি ধৰিছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে।

প্ৰাক্তন ইংলেণ্ডৰ অধিনায়ক মাইকল ভনৰ মতে,কুখ্যাত টেক্সট-গেট কেলংকাৰীৰ পাচত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেনক থ্ৰী লায়নছ (ইংলেণ্ড) ৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ দিয়াটো উচিত নাছিল ।

২০১২ চনত টেক্সট-গেট কেলেংকাৰী অধীনত পিটাৰচেনৰ বিৰুদ্ধে তৎকালীন ইংলেণ্ড অধিনায়ক এণ্ড্ৰিয় ষ্ট্ৰছৰ বিৰুদ্ধে বিৰোধী দললৈ (দক্ষিণ আফ্ৰিকা) আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগত অভিযুক্ত কৰা হৈছিল ।

ভনে কয়,মই কেতিয়াও ১০০ শতাংশ স্পষ্টীকৰণেৰে ক'ব নোৱাৰো যে ঘটনাটো এইটোৱেই আছিল । কিন্তু যদি পিটাৰচনে তেনে কাম কৰিছিল তেন্তে মই ব্যক্তিগতভাৱে ক'ব খোজে তাৰ পাচত তেওঁ ইংলেণ্ডৰ বাবে খেলাৰ যোগ্য নাছিল ।

ইয়াৰ লগতে তেওঁ কয়,যদি ইংলেণ্ডৰ খেলুৱৈ হিচাপে বিৰোধী দলক নিজৰ দলৰ খেলুৱৈক কেনেকৈ আউট কৰিব পাৰি সেই বিষয়ে মেছেজ যোগে তথ্য যোগান ধৰা হয় । তেন্তে মই নাভাৱো যে তেনে খেলুৱৈ ইংলেণ্ডৰ হৈ খেলিব বা ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিব লাগে ।

অৱশ্যে এতিয়ালৈকে এইটো ৰহস্য যে,আচলতে পিটাৰচেনে এণ্ড্ৰিয় ষ্ট্ৰছৰ বিৰুদ্ধে কি মন্তব্য় কৰিছিল । কিন্তু সন্দেহ কৰা হৈ যে, ষ্ট্ৰছক আউট কৰাৰ দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ মৰ্নে মৰ্কেলক কিছু টিপছ প্ৰদান কৰিছিল পিটাৰচেনে ।

এই ঘটনাৰ পাচতেই পিটাৰচেনক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত বাহিৰ কৰি দিয়া হৈছিল। অৱশ্য়ে পিচত ২০১২ চনতেই ভাৰতৰ বিৰুদ্ধে দল স্থান দিয়া হৈছিল। ২০১৪ চনত অৱসৰ ঘোষণাৰ পূৰ্বে ১৬ খন টেষ্টত অংশ লৈছিল পিটাৰচেনে ।

ইংলেণ্ডৰ হৈ ১০৪ খন টেষ্ট মেচত অংশ লৈছিল কেভিন পিটাৰচেনে। তেওঁৰ নাম টেষ্ট ক্ৰিকেট আছিল ৮,১৮১ ৰান। ২০০৫ চনত মাইকেল ভনৰ নেতৃত্বতেই টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল পিটাৰচেনৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.