অসম

assam

AUS বনাম IND : ৰাহানেৰ নেতৃত্বত মোহিত লক্ষ্মণ

By

Published : Dec 26, 2020, 6:59 PM IST

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত যোগ্য নেতৃত্ব আগবঢ়োৱা আজিংকা ৰাহানেক ভূয়সী প্ৰশংসা প্ৰাক্তন ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণৰ ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণেও ভাৰতীয় বলাৰ আৰু অধিনায়ক ৰাহানেক প্ৰশংসা আগবঢ়ায় ৷

ভিভিএছ লক্ষ্মণ
ভিভিএছ লক্ষ্মণ

স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ : আজিংকা ৰাহানেৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণ ৷ বক্সিং ডে টেষ্টৰ প্ৰথম দিনা ভাৰতক যিদৰে ৰাহানেই নেতৃত্ব প্ৰদান কৰিলে তাক লৈ নিজৰ আনন্দ প্ৰকাশ কৰিলে লক্ষ্মণে ৷ প্ৰথম ইনিংছত ভাৰতে অষ্ট্ৰেলিয়া দলক 195 ৰাণত অল আউট কৰিবলৈ সক্ষম হয় ৷

প্ৰথম দিনৰ খেলৰ অন্তত লক্ষ্মণে কয়, "ভাৰতে ভাল প্ৰদৰ্শন আগবঢ়ালে ৷ বলাৰসকলে পুনৰবাৰ দূৰ্দান্ত প্ৰদৰ্শন দেখালে, আত্মপ্ৰকাশ কৰা দুয়োগৰাকী খেলুৱৈকে আত্মবিশ্বাসী যেন দেখা গ'ল ৷ ৰাহানেই দলটোক যোগ্য নেতৃত্ব প্ৰদান কৰিলে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, তেওঁলোকে এডিলেইডত পৰাস্ত হোৱাৰ বোজা কঢ়িয়াই নিয়া নাই ৷"

উল্লেখ্য যে, এডিলেইড অভেলত অনুষ্ঠিত প্ৰথম টেষ্টত ভাৰতে 8 উইকেটত পৰাস্ত হ'বলগা হৈছিল ৷ প্ৰথম ইনিংছত অগ্ৰগতি লোৱাৰ পাচতো দ্বিতীয় ইনিংছত মাত্ৰ 36 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল ভাৰতে ৷

কিন্তু দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ভাৰতীয় বলাৰ জছপ্ৰীত বুমৰাহ আৰু ৰবীচন্দ্ৰন অশ্বিনৰ দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়া দলক 195 ৰাণত অল আউট কৰিবলৈ সক্ষম হয় ৷ আজিৰ মেচত বুমৰাহে 56 ৰাণ দি চাৰিটা উইকেট দখল কৰিছিল ৷ আনহাতে, ৰবীচন্দ্ৰন অশ্বিনে 24 অ'ভাৰৰ বলিং কৰি 35 ৰাণত দখল কৰিছে তিনিটা উইকেট ৷

টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা মহম্মদ ছিৰাজে 15 অ'ভাৰৰ বলিং কৰি 40 ৰাণ দি দখল কৰে দুটা উইকেট ৷ এটা উইকেট দখল কৰে অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ৷

ভাৰতীয় বলাৰক প্ৰশংসা কৰি অষ্ট্ৰেলিয়াৰ লেগ স্পীনাৰ শ্বেন ৱাৰ্ণে কয়, "আজি MCG ত এক ব্যতিক্ৰমী ক্ৰিকেট দেখিবলৈ পালো ৷ MCG ত বহু দিনৰ পৰা কাম কৰি থকা গ্ৰাউণ্ড ষ্টাফক ধন্যবাদ জনালো ৷ অধিক এনেকুৱা পিটছৰ প্ৰয়োজন আছে ৷ ভাৰতীয় বলাৰে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে আৰু আজিংকা ৰাহানেই ভাল নেতৃত্ব প্ৰদান কৰিলে ৷ ভাৰতে আজিৰ দিনটো অন্তিম সময়লৈকে বেটিং কৰিব পাৰিবনে ?"

উল্লেখ্য যে, ভাৰতে বেটিং কৰি অপেনাৰ মায়ংক আগৰৱালৰ উইকেট হেৰুৱাই 36/1 ৰাণ সংগ্ৰহ কৰে ৷ বৰ্তমান নৱাগত খেলুৱৈ শুভমন গীল আৰু চেতেশ্বৰ পূজাৰাই ক্ৰমে 28 আৰু 7 ৰাণত বেটিং কৰি আছে ৷

লগতে পঢ়ক :বক্সিং ডে টেষ্টত ডিন জোনছক স্মৰণ

ABOUT THE AUTHOR

...view details