অসম

assam

ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল বৃদ্ধি বিচিচিআইৰ; সহকাৰী ষ্টাফৰো কাৰ্যকাল বৃদ্ধি

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:32 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিচিচিআয়ে । দ্ৰাবিড়ৰ লগতে তেওঁৰ আন সহকৰ্মীসকলৰো কাৰ্যকাল বৃদ্ধি কৰা হৈছে ।

BCCI extension Main Coach Rahul Dravid
ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল বৃদ্ধি বিচিচিআইৰ

স্পৰ্টছ ডেস্ক, ২৯ নৱেম্বৰ : বিচিচিআয়ে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক আৰু সহায়ক ষ্টাফৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল ২০২৩ চনৰ বিশ্বকাপৰ পিছতে সমাপ্ত হৈছিল । তাৰ পিছত ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক কোন হ'ব তাকে লৈ তীব্ৰ চৰ্চা চলে । এতিয়া সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিচিচিআয়ে ঘোষণা কৰিছে যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অন্যান্য সহায়ক ষ্টাফৰ কাৰ্যকাল তেওঁলোকৰ সন্মতিক্ৰমে বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য যে বিশ্বকাপৰ ফাইনেলৰ পিছত এক সংবাদমেলত দ্ৰাবিড়ে কৈছিল যে তেওঁ ভৱিষ্যতৰ বিষয়ে কোনো সিদ্ধান্ত লোৱা নাই । তেওঁ লগতে কৈছিল যে আৰামেৰে বহি তেওঁৰ চুক্তি সম্প্ৰসাৰণৰ পৰিকল্পনা মূল্যায়ন কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন ।

"ৰাহুল দ্ৰাবিড়ৰ দূৰদৰ্শিতা, পেছাদাৰিত্ব আৰু দৃঢ় প্ৰচেষ্টা হৈছে টীম ইণ্ডিয়াৰ সফলতাৰ মূল স্তম্ভ । ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আপুনি কেৱল প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰাই নহয়, সেইবোৰত আগবাঢ়ি যোৱাৰ বাবেও দলটোক সদায় প্ৰশংসা কৰি আহিছে । মোৰ কোনো সন্দেহ নাই যে তেওঁৰ নেতৃত্বত দলটোৱে সফলতাৰ শীৰ্ষলৈ যাত্ৰা অব্যাহত ৰাখিব আৰু যাত্ৰাপথত নতুন মাইলৰ খুঁটি স্থাপন কৰিব ।" বিচিচিআয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত বোৰ্ডৰ সভাপতি ৰ'জাৰ বিন্নীয়ে কয় ।

আনহাতে, বিচিচিআইৰ সচিব জয় শ্বাহে এক বিজ্ঞপ্তিত কয়, "মই তেওঁৰ নিযুক্তিৰ সময়ত কৈছিলোঁ যে মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিবলৈ ৰাহুল দ্ৰাবিড়তকৈ ভাল ব্যক্তি নাই । আৰু দ্ৰাবিড়ে তেওঁৰ প্ৰদৰ্শনেৰে নিজকে পুনৰ প্ৰমাণ কৰিছে ।"

ইফালে কাৰ্যকাল বৃদ্ধিৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয়, "টীম ইণ্ডিয়াৰ সৈতে বিগত দুটা বছৰ সম্পূৰ্ণৰূপে স্মৰণীয় হৈ আছে । আমি ড্ৰেছিং ৰুমত প্ৰতিষ্ঠা কৰা সংস্কৃতিৰ বাবে মই সঁচাকৈয়ে গৌৰৱান্বিত । আমাৰ দলৰ যি দক্ষতা আৰু প্ৰতিভা আছে সেয়া অভূতপূৰ্ব । মোৰ ওপৰত বিশ্বাস ৰখা, মোৰ দৃষ্টিভংগীক সমৰ্থন কৰা আৰু এই সময়ছোৱাত সমৰ্থন আগবঢ়োৱাৰ বাবে মই বিচিচিআই আৰু বোৰ্ডৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ । এই ভূমিকাই কৰা দাবীবোৰৰ বাবে ঘৰৰ পৰা আঁতৰত যথেষ্ট সময় অতিবাহিত কৰাৰ প্ৰয়োজন । সেয়ে মই মোৰ পৰিয়ালৰ ত্যাগ আৰু সমৰ্থনকো গভীৰভাৱে প্ৰশংসা কৰিছোঁ ।"

উল্লেখ্য যে ৰাহুল দ্ৰাবিড় দুটা বছৰৰ কাৰ্যকালৰ বাবে প্ৰশিক্ষক হিচাপে ভাৰতীয় দলৰ সৈতে জড়িত আছিল । অৱশ্যে ভাৰতীয় দলে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত কোনো ডাঙৰ আইচিচি টুৰ্ণামেণ্ট ভাৰতে এতিয়ালৈকে জিকিব পৰা নাই । সদ্য সমাপ্ত বিশ্বকাপত তেওঁৰ প্ৰশিক্ষকৰ অধীনত ভাৰতীয় দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল । দ্ৰাবিড়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত প্ৰশিক্ষক হিচাপে ভাৰতীয় দলৰ দায়িত্ব গ্ৰহণ কৰিছিল ।

এই চুক্তি সম্প্ৰসাৰণৰ পিছত দ্ৰাবিড়ৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম দায়িত্ব হ'ব ১০ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকা ভ্ৰমণ । তাত তিনিখনকৈ এদিনীয়া আৰু টি-20 আৰু দুখন টেষ্ট অনুষ্ঠিত খেলিব ভাৰতে । ইয়াৰ পিছত ঘৰুৱা মাটিত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ'ব । জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :বিবাহপাশত আবদ্ধ ক্ৰিকেটাৰ মুকেশ কুমাৰ

ABOUT THE AUTHOR

...view details