ETV Bharat / sports

আঘাত সত্বেও বাহৰেইন পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ আৰতিৰ - Bahrain Para Badminton tournament

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:11 PM IST

Para Badminton Player Aarti Patil: বাহৰেইন পেৰা বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ এছ ইউ ৫ শাখাত ছেমি ফাইনেলত মনীষা ৰামাদাসৰ হাতত পৰাস্ত পেৰা বেডমিণ্টন খেলুৱৈ আৰতি পাটিল । বি ডব্লিউ এফ চাৰ্কিটত টুৰ্ণামেণ্টত লেভেল ১ খেলাৰ বাবে যোগ্যতা অৰ্জনৰ লক্ষ্য আৰতিৰ ৷

Bahrain Para Badminton tournament
Para Badminton Player Aarti Patil (ETV Bharat)

নিউজ ডেস্ক, ৩ জুন: পেৰা বেডমিণ্টন খেলুৱৈ আৰতি পাটিলে ভৰিৰ আঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰঞ্জৰ পদক লাভেৰে উভতি আহিবলগীয়া হয় ৷ এতিয়া তেওঁ আগষ্টৰ ভিতৰত শীৰ্ষ দহৰ ভিতৰত স্থান লাভৰ লক্ষ্য লৈছে ৷ যাতে তেওঁ বি ডব্লিউ এফ চাৰ্কিটত টুৰ্ণামেণ্টত লেভেল ১ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে ।

ফেব্ৰুৱাৰী মাহত থাইলেণ্ডত অনুষ্ঠিত হোৱা বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ পিচত কোনো আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণ নকৰা পাটিলে শনিবাৰে বাহৰেইন পেৰা বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ এছ ইউ ৫ শাখাত ছেমি ফাইনেলত নিজৰ দেশৰে মনীষা ৰামাদাসৰ হাতত পৰাস্ত হয় । ছেমি ফাইনেলৰ দৌৰে পাটিলক ছটা স্থান আগুৱাই বিশ্ব ৰেংকিঙত ১৪ নম্বৰ স্থান দখল কৰাত সহায় কৰিছিল যদিও তেওঁ জানে যে তেওঁ আৰু অধিক আগুৱাই যোৱাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক: এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে - Dipa Karmakar Wins Gold

তেওঁ কয়, ‘‘লেভেল বি ডব্লিউ এফ প্ৰতিযোগিতা খেলিবলৈ মই শীৰ্ষ ১২ ৰ ভিতৰত থকাটো প্ৰয়োজন আৰু সেয়াই মোৰ পৰৱৰ্তী লক্ষ্য । কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মই এছিয়ান চেম্পিয়নশ্বিপ আৰু অহা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপত মোৰ সাধ্য অনুসৰি কাম কৰাত মনোনিৱেশ কৰিছো আৰু সেই লক্ষ্যৰ দিশত কাম কৰিছো ।’’ অহা জুলাই মাহত উগাণ্ডাৰ পেৰা বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া পাটিলে এইদৰে কয় ।

কৰ্ণাটকৰ বেলগাভি জিলাৰ এখন গাঁৱৰ পৰা আহি বৰ্তমান পুনেত প্ৰশিক্ষণ লৈ থকা যুৱতীগৰাকীয়ে তেওঁৰ ওপৰত আৰ্থিক চাপ লাঘৱ কৰাৰ বাবে পুনিট বালান গ্ৰুপৰ সহায়ক কৃতজ্ঞতা স্বীকাৰ কৰে ।

‘‘এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ খৰচ বৃদ্ধি পাই আহিছে আৰু পুনিট বালান গ্ৰুপৰ আৰ্থিক সাহায্যৰ বাবেই মই বিশ্ব চেম্পিয়নশ্বিপ আৰু এই প্ৰতিযোগিতাত খেলিব পাৰিলোঁ । মই উগাণ্ডাত খেলি মোৰ পদকৰ ৰং সলনি কৰিবলৈ আগ্ৰহী ।’’ খেলুৱৈগৰাকীয়ে লগতে কয় । তিনি বছৰ ধৰি আৰতিক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে পুনিট বালান গ্ৰুপে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক লাভৰ অভিযানত তেওঁক সম্পূৰ্ণ সহায় আগবঢ়াব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক কোটাত মোহৰ লগালে ভাৰতৰ নিশান্ত দেৱে, থমকিল অংকুশিতা বড়ো - Paris Olympic 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.