অসম

assam

কৰ্কট ৰোগৰ সৈতে যুঁজি অজান দেশলৈ গুচি গ’ল নাট্টু কাকা

By

Published : Oct 4, 2021, 7:35 AM IST

দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগ(Cancer)ৰ সৈতে যুঁজি দেওবাৰে অজান মূলুকলৈ গুচি গ’ল ‘নাট্টু কাকা’(Nattu Kaka) অৰ্থাৎ ‘Taarak Mehta Ka Ooltah Chashmah’ শীৰ্ষক জনপ্ৰিয় কমেডী ধাৰাবাহিকখনৰ অভিনেতা ঘনশ্যাম নায়ক(Ghanshyam Nayak) ৷ নাট্টু কাকাৰ অকাল বিয়োগত শোকস্তব্ধ টেলিভিশ্বন জগত ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ ৷

নাট্টু কাকাৰ মৃত্যু
Nattu Kaka passes away in cancer

চিটাৰা ডেস্ক, 4 অক্টোবৰ : SAB TVত সম্প্ৰচাৰিত ‘Taarak Mehta Ka Ooltah Chashmah’ শীৰ্ষক জনপ্ৰিয় কমেডী ধাৰাবাহিকখনৰ ‘নাট্টু কাকা’(Nattu Kaka) অৰ্থাৎ অভিনেতা ঘনশ্যাম নায়ক(Ghanshyam Nayak)ৰ দেহাৱসান ৷ বিগত কিছু সময়ৰ পৰা কৰ্কট ৰোগ(Cancer)ৰ সৈতে যুঁজি অৱশেষত দেওবাৰে অজান দেশলৈ গুচি যায় অভিনেতাগৰাকী ৷ মৃত্যুৰ সময়ত নাট্টু কাকাৰ বয়স আছিল 76 বছৰ ৷

নাট্টু কাকা

2008 চনৰ পৰাই সম্প্ৰচাৰ হৈ থকা ‘তাৰক মেহতা কা ওল্টা চশমা’ ধাৰাবাহিকখনত আৰম্ভণিৰ পৰাই জড়িত আছিল অভিনেতা ঘনশ্যাম নায়ক ৷ ধাৰাবাহিকখনৰ প্ৰযোজক অশিত কুমাৰ মোডীয়ে অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰি ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ৷ চিকিৎসাধীন হৈ থকাৰ সময়তো নাট্টু কাকাই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত থকা বুলি ধাৰাবাহিকখনৰ প্ৰযোজকগৰাকীয়ে সদৰী কৰে ৷

নাট্টু কাকা

অভিনেতা নায়কে ক’ভিড(Covid)ৰ দ্বিতীয় ঢৌৰ সময়লৈকে দৃশ্যগ্ৰহণত অংশ লৈছিল ৷ কিন্তু ইয়াৰ পাচতে ক’ভিড সংক্ৰমণৰ বাবে ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছিল । জানিব পৰা মতে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অভিনেতাগৰাকীৰ ডিঙিত এটা পিণ্ড সদৃশ বিকশিত হৈছিল ৷

তাৰ বাবে অস্ত্ৰোপচাৰো কৰিছিল অভিনেতাগৰাকীয়ে । চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ ডিঙিত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে আৰু তেতিয়াৰ পৰাই কেম’থেৰাপী চলি আছিল নাট্টু কাকাৰ । তেওঁৰ কৰ্কট ৰোগৰ খবৰটো পুত্ৰ বিকাশে নিশ্চিত বুলি জানিবলৈ দিয়ে ৷

সাংবাদিকৰে হোৱা অন্তিমটো সাক্ষাৎকাৰত ঘনশ্যাম নায়কে দৃঢ়তাৰে কৈছিল যে, তেওঁ শেষ উশাহ থকালৈকে দৃশ্যগ্ৰহণ কৰি যাব ৷ কিয়নো শিকা আৰু সংলাপ প্ৰদান কৰাত কোনো সমস্যা হোৱা নাছিল অভিনেতাগৰাকীৰ ৷ নাট্টু কাকা ধাৰাবাহিকখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰসমূহৰ অন্যতম আছিল ।

নাট্টু কাকা, জেঠালাল আৰু বাগ্গা

জেঠালাল(দিলীপ যোশী) আৰু বাগ্গা(তন্ময় ভেকেৰিয়া)ৰ সৈতে থকা তেওঁৰ সুন্দৰ কমিক টাইমিং দৰ্শকে ভাল পাইছিল । ইয়াৰ পূৰ্বে অভিনেতা নায়কে এইটোও প্ৰকাশ কৰিছিল যে, তেওঁ অতি কম বয়সতে টকা উপাৰ্জনৰ বাবে কাম আৰম্ভ কৰিছিল । এটা সময় আছিল, যেতিয়া তেওঁ পৰিয়াল পোহপাল দিবলৈ ওচৰ-চুবুৰীয়াৰ পৰা সহায় ল’বলগীয়া হৈছিল ৷

নাট্টু কাকাৰ এই অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ টেলিভিশ্বন জগত ৷ ‘তাৰক মেহতা কা ওল্টা চশমা’ ধাৰাবাহিকৰ আগন্তুক খণ্ডত দৰ্শকে নিশ্চয়কৈ মনত পেলাব মৰমৰ নাট্টু কাকাক ৷

লগতে পঢ়ক :NCBৰ জালত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান !

ABOUT THE AUTHOR

...view details