অসম

assam

ৰাইজৰ বাবে ঘৰতে বিহু নাচিলে বৰষা ৰাণীয়ে

By

Published : Apr 13, 2020, 7:48 PM IST

Updated : Apr 13, 2020, 9:06 PM IST

এইবাৰ ৰাজ্যৰ সৰ্বত্ৰে নাই ৰঙালীৰ উছাহ ৷ বেজাৰ লাগিছে শিল্পীসকলৰো ৷ দুখৰ মাজতে শিল্পীসকলে ৰাইজক অকণমান আনন্দ দিয়াৰ প্ৰয়াস কৰিছে ৷ ৰাইজৰ বাবে ঘৰতে বিহু নাচিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷

assamese popular artist barsharani bishaya dance at her home in the occasion of rangali bihu
বৰষা ৰাণীয়ে ঘৰতে বিহু নাচিলে ৰাইজৰ বাবে

চিটাৰা ডেস্ক,13 এপ্ৰিলঃ গৰু বিহুৰ দিনা ৰাইজৰ বাবে এপাক বিহু নাচিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে ৰাজ্যৰ চৌদিশে নিমাওমাও পৰিৱেশ ৷ পূৰ্বৰ দৰে উছাহ নাই ৰাজ্যবাসীৰ মাজত ৷ লক ডাউনৰ বাবে ঘৰতে সোমাই আছে সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি তাৰকালৈকে ৷ এইবেলি বিহুত বৰকৈ বেজাৰ লাগিছে শিল্পীসকলৰ ৷ তাৰ মাজতে সামাজিক ব্যৱধান বৰ্তাই ৰাখি ছ'চিয়েল মিডিয়াৰ যোগেদি ৰাইজৰ মনত আনন্দ দিয়াৰ প্ৰয়াস কৰি আছে তাৰকাসকলে ৷

শেহতীয়াকৈ ৰঙালী বিহু উপলক্ষে , অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়াযোগে ৰাইজলৈ প্ৰেৰণ কৰে এটি বিশেষ ভিডিঅ' ৷ ভিডিঅ'টোৰ মাধ্যমেৰে বিহু নৃত্য প্ৰদৰ্শনৰ জৰিয়তে বৰষাই ৰাইজলৈ আগবঢ়াইছে এটি ক্ষুদ্ৰ উপহাৰ ৷ এই বিশেষ ভিডিঅ'টোৰ কেমেৰা, সম্পাদনা আৰু কালাৰ কাৰেকচনৰ বাবে বৰষাই ধন্যবাদ জ্ঞাপন কৰে তেওঁৰ ভাতৃ অংকুৰ বিষয়াক ৷ লগতে বৌয়েক সুমিতা বিষয়াকো ভিডিঅ'টো কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জনায় অভিনেত্ৰীগৰাকীয়ে ৷

Last Updated : Apr 13, 2020, 9:06 PM IST

TAGGED:

SITARA NEWS

ABOUT THE AUTHOR

...view details