অসম

assam

অৱশেষত কেব সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে বৰষাৰাণী বিষয়াই

By

Published : Dec 9, 2019, 7:48 PM IST

কেবৰ বিৰুদ্ধে সৰৱ শিল্পী সমাজ ৷ এজনকৈ এজনকৈ সকলোৱে স্পষ্ট কৰিছে নিজৰ স্থিতি ৷ পাঠশালাত কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷

assamese actress barsha rani bishaya
বৰষাৰাণী বিষয়া

পাঠশালা,৯ ডিচেম্বৰঃ ছহিদৰ ত্যাগৰ প্ৰকৃত মূল্য দিবলৈ চৰকাৰক আহ্বান অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ৷ কেবৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিল্পী সমাজ ৷ পাঠশালাত কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ ধৰ্মৰ ভিত্তিত বিভাজন কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ চৰকাৰক কেব বাতিল কৰিবলৈ অনুৰোধ অন্যথা ইতিহাসৰ পৃষ্ঠাত প্ৰতিনিধি সকল কলংকিত খলনায়ক লৈ পৰিণত হ'ব বুলি কোৱাৰ লগতে আছুৰ আন্দোলনলৈ মুকলি সমৰ্থন বৰষাৰাণী বিষয়াৰ ৷ শীঘ্ৰেই আছুৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিব বুলি জনায় অভিনেত্ৰীগৰাকীয়ে ৷

কেব সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে বৰষাৰাণী বিষয়াই

ABOUT THE AUTHOR

...view details