ETV Bharat / sitara

জাতিৰ স্বাৰ্থত বিজেপি দল ত্যাগ অভিনেতা ৰবি শৰ্মাৰ

author img

By

Published : Dec 9, 2019, 4:45 PM IST

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জাতীয় জীৱনৰ সংকটৰ সময়ত ওলাই আহিছে অসমীয়া ৰাইজ ৷ তাৰ মাজতে শিল্পী সমাজেও অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপিত হোৱাৰ পিছতে বিজেপি দল ত্যাগ কৰিছে অভিনেতা ৰবি শৰ্মাই ৷

ASSAMESE ACTOR RAVI SARMA RESIGNED FROM BJP
বিজেপি দল ত্যাগ অভিনেতা ৰবি শৰ্মাৰ

চিটাৰা ডেস্ক,9 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ দল সংগঠনৰ লগতে শিল্পী সমাজেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৷ সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপিত হোৱাৰ পিছতে বিজেপি দল ত্যাগ কৰিছে অভিনেতা ৰবি শৰ্মাই ৷

বিজেপি দল ত্যাগ অভিনেতা ৰবি শৰ্মাৰ


"জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগণৰ লগত থকাৰ সিদ্ধান্ত ল'লো ৷#CitizenshipAmendmentBill2019 বিৰোধিতা কৰি মই @BJP4Assam দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো । "এইদৰে টুইটাৰ একাউন্ট যোগে নিজৰ স্থিতি প্ৰকাশ কৰে অভিনেতা ৰবি শৰ্মাই ৷ উল্লেখ্য যে, অভিনেতাগৰাকীয়ে এই বৰ্ষৰে আগষ্ট মাহত যোগদান কৰিছিল বিজেপি দলত ৷

actor ravi sharma tweet
অভিনেতা ৰবি শৰ্মাৰ টুইট

লগতে পঢ়কঃ সাহিত্যিক, সাংবাদিক সাংস্কৃতিক কৰ্মী মোলান লস্কৰে প্ৰত্যাখান কৰিছে 'নেবকাছ'ৰ শ্ৰেষ্ঠ চিত্ৰ নাট্য বঁটা

Intro:Body:

ravi sharma resigned from the primary membership of bjp


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.