অসম

assam

উত্তৰ প্ৰদেশৰ পিছত এইবাৰ হাৰিয়ানাত কৰ মুক্ত হ'ল তানহাজী

By

Published : Jan 16, 2020, 4:55 PM IST

অজয় দেৱগন আৰু চেইফ আলী খান অভিনীত তানহাজী ছবি এইবাৰ কৰমুক্ত হ'ল হাৰিয়ানা ৰাজ্যত ৷ ঔম ৰাৱতৰ নিৰ্দেশনাত নিৰ্মিত ছবিখন মুক্তি লাভ কৰিছিল 10 জানুৱাৰীৰ দিনা ৷

Tanhaji declared tax free in Haryana
হাৰিয়ানাত কৰ মুক্ত হ'ল তানহাজী

চিটাৰা ডেস্ক,16 জানুৱাৰীঃ 10 জানুৱাৰীত মুক্তি পাইছিল অজয় দেৱগন অভিনীত ছবি তানহাজী ৷ মুক্তিৰ পিছতে ছবিগৃহত খলকনি তুলিবলৈ সক্ষম হয় অজয় দেৱগন অভিনীত ছবিখনে ৷ তানহাজীৰ লগতে একে সময়তে মুক্তি পাইছিল দীপিকা পাডুকনৰ বহুল চৰ্চিত ছবি চপ্পক ৷ চপ্পক ছবিখন মধ্যপ্ৰদেশ,ৰাজস্থান ৰাজ্যত কৰমুক্ত কৰাৰ পিছতে এতিয়া তানহাজী ছবিখন কৰমুক্ত কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে প্ৰথমে উত্তৰ প্ৰদেশত,তাৰ পিছত এইবাৰ হাৰিয়ানাত তানহাজী ছবিখন কৰমুক্ত কৰাৰ কথা ঘোষণা কৰে বিজেপি চৰকাৰে ৷

এইখিনিতে মনকৰিবলগীয়া যে,চপ্পক ছবিখন কংগ্ৰেছ চৰকাৰে কৰমুক্ত কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে তানহাজী ছবিখন বিজেপি চৰকাৰে কৰমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তানহাজী নামৰ বায়গ্ৰাফিকেল ছবিখন ছত্ৰপতি শিৱাজী মহাৰাজৰ সাহসী আৰু নিষ্ঠাৱান সেনাপতি তানহাজী মালুচেৰেৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত ৷ ছবিখনত তানহাজীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগনে ৷ ইফালে তানহাজীৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগনৰ পত্নী তথা জনপ্ৰিয় অভিনেতা কাজলে ৷

লগতে পঢ়কঃকেতিয়া মুক্তি পাব 'কিক'ৰ চিকুৱেল কিক-2?

Intro:Body:

Tanhaji declared tax free in Haryana


Conclusion:

ABOUT THE AUTHOR

...view details