অসম

assam

Oscar 2022 updates: অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত চৰ পৰিল ক্ৰিছ ৰকৰ গালত

By

Published : Mar 28, 2022, 5:59 PM IST

Updated : Mar 28, 2022, 8:44 PM IST

Oscar 2022 updates
উইল স্মিথে ক্ৰিছ ৰকক মাৰিলে চৰ ()

উইল স্মিথৰ পত্নী জাডা পিঙ্কেট স্মিথক লৈ কৰা ব্যংগাত্মক মন্তব্যৰ বাবেই চৰ খালে ক্ৰিছ ৰকে (Oscar 2022 slapping incident) ৷ জি.আই.জেন চলচ্চিত্ৰখনত জাডা পিঙ্কেট স্মিথক তপাৰ ৰূপত দেখুওৱা কথাটোক লৈ উপহাস কৰিছিল ক্ৰিছ ৰকে ৷ জানোচোন আহক কোনে শোধালে কৌতুক অভিনেতাজনক চৰ-

চিটাৰা ডেস্ক, 28 মাৰ্চ:অস্কাৰ 2022 ৰ বঁটা বিতৰণী অনুষ্ঠানত এটা অবাঞ্চিত ঘটনাৰ সাক্ষী হৈ ৰ’ল দৰ্শক ৷ সৰ্বত্ৰে মাথো এতিয়া আলোচনা এই ঘটনাৰ (Oscar 2022 updates) ৷ বঁটা প্ৰদান কৰিবলৈ মঞ্চত উপস্থিত হৈ কৌতুক অভিনেতা ক্ৰিছ ৰকে হলীউড তাৰকা উইল স্মিথৰ পৰা খালে এটা পূৰ্ণহতীয়া চৰ (Oscar 2022 slapping incident) !

দৰাচলতে শ্ৰেষ্ঠ তথ্যচিত্ৰ শ্ৰেণীৰ বাবে অস্কাৰ প্ৰদান কৰিবলৈ মঞ্চলৈ আহিছিল ক্ৰিছ ৰক ৷ মঞ্চলৈ আহিয়েই কৌতুক অভিনেতা ক্ৰিছ ৰকে উপস্থিত দৰ্শকৰ বিষয়ে কৌতুক কৰিবলৈ আৰম্ভ কৰে ৷ ক্ৰিছে উইল স্মিথৰ পত্নীক লৈয়ো মন্তব্য কৰে ৷ জাডা পিঙ্কেট স্মিথে অভিনয় কৰা জি.আই.জেন শীৰ্ষক ছবিখনত তেওঁৰ চৰিত্ৰটো লৈ কৌতুক কৰিলে তেওঁ (Will Smith wife Jada Pinkett Smith in G.I. Jane ) ৷

ক্ৰিছ ৰকে কৈছিল যে জি.আই.জেন ছবিখনত জাডা পিঙ্কেট স্মিথক তেওঁ তপা ৰূপটোৰ বাবে লোৱা হৈছিল (G.I. Jane movie Jada Pinkett Smith role ) ৷ এলোপেচিয়াৰ সৈতে যুঁজি থকা পত্নীৰ চুলিৰ বিষয়ে এই মন্তব্য হজম কৰিব নোৱাৰিলে উইল স্মিথে ৷ নিজ আসনৰ পৰা উঠি গৈ মঞ্চত শোধাই থৈ আহিলেগৈ এটা চৰ ৷

এলোপেচিয়াত আক্ৰান্ত হৈ তপা হৈ পৰা উইলৰ পত্নীয়ে পূৰ্বতে এলোপেচিয়াৰ সৈতে তেওঁৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰিছিল ৷ অস্কাৰৰ মঞ্চত তেওঁৰ এই অৱয়ৱক লৈ কৌতুক অভিনেতাজনে উপহাস কৰে ৷ সেইয়া সহ্য ন’হল স্বামী উইল স্মিথৰ (Chris Rock Will Smith controversy) ৷ চৰ মাৰি নিজ আসনলৈ উভতি আহি পুনৰ সকীয়নী দিলে ক্ৰিছক উইলে ৷ তেওঁৰ পত্নীৰ নাম দুনাই নিজৰ মুখত ন’লবলৈ সকলোৰে আগত চিঞৰি উঠিল স্মিথ ৷

অৱশ্যে এতিয়ালৈকে এইটো ধৰিব পৰা হোৱা নাই যে চৰটো প্ৰকৃতাৰ্থত ক্ৰিছৰ গালত পৰিছিল নে নাই, নে এইটো স্ক্ৰিপটৰে এটা অংশ আছিল! কিছু মূহুৰ্তৰ পিছত ছিন কম্বছ মঞ্চলৈ আহে আৰু তেওঁ মন্তব্য কৰে যে, "মই জনা নাছিলো যে এই বছৰৰ অস্কাৰ ইমান ৰোমাঞ্চকৰ হ'ব । উইল আৰু ক্ৰিছ আমি এইয়া পৰিয়ালৰ দৰে সমাধান কৰিম, এই মুহূৰ্তত আমি সকলো বাদ দি প্ৰেমেৰে আগবাঢ়িছো" ৷

অস্কাৰত এই বছৰ উইল স্মিথক তেওঁৰ ছবি কিং ৰিচাৰ্ডৰ বাবে মনোনীত কৰা হৈছিল (Will Smith nominated in oscar 2022) । তেওঁ এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে । ছবিখনত তেওঁ কৰা অভিনয়ৰ বাবে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীৰ পৰা প্ৰশংসা লাভ কৰিছে ।

লগতে পঢ়ক:First day collection of RRR : চাওক সদ্য মুক্তিপ্ৰাপ্ত RRR ছবিৰ প্ৰথম দিনৰ কালেকচন

Last Updated :Mar 28, 2022, 8:44 PM IST

ABOUT THE AUTHOR

...view details