First day collection of RRR : চাওক সদ্য মুক্তিপ্ৰাপ্ত RRR ছবিৰ প্ৰথম দিনৰ কালেকচন

author img

By

Published : Mar 26, 2022, 2:07 PM IST

Updated : Mar 26, 2022, 10:25 PM IST

First day collection of RRR

এছ এছ ৰাজামৌলীৰ বহু প্ৰতীক্ষিত ছবি 'RRR' 25 মাৰ্চত ছবিগৃহলৈ আহে (First day collection of RRR) ৷ এক সুদীৰ্ঘ সময় অপেক্ষা কৰা অনুৰাগীসকলে ছবিখন উপভোগৰ অন্তত ধন্যবাদ জনাইছে নিৰ্মাতাক ৷ চাওক ছবিখনে প্ৰথম দিনা কিমান পৰিমাণৰ ধন উপাৰ্জন কৰিলে ৷

চিটাৰা ডেস্ক, 26 মাৰ্চ : অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত দৰ্শকৰ মাজলৈ আহিল RRR ৷ এছ এছ ৰাজামৌলীয়ে নিৰ্মাণ কৰা ছবি RRR-এ ২৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰে (Rajamouli film RRR) । ছবিখন তেলেগুৰ উপৰিও তামিল, হিন্দী, কানাড়া, মালায়ালমকে ধৰি অন্যান্য পাঁচটা ভাষাত মুক্তি দিয়া হৈছে ।

মুক্তিৰ পূৰ্বৰ পৰাই ছবিখনক লৈ অনুৰাগীসকলৰ মাজত যথেষ্ট উৎকণ্ঠা অব্যাহত আছিল (people reaction on RRR) ৷ সামাজিক মাধ্যমত ছবিখনৰ সন্দৰ্ভত চলা চৰ্চাই ধাৰণা কৰিছিল যে, ছবিখনে বক্স অফিচত এক নতুন অভিলেখ গঢ়িব (First day collection of RRR) । বহুসংখ্যক টিকট কৰা হৈছিল প্ৰি-বুকিং ৷

আৰ আৰ আৰ ছবিখনে মুক্তিৰ দিনটোতে উপাৰ্জন কৰিছে প্ৰায় 18 কোটি টকা ৷ মুক্তিৰ প্ৰথমদিনাই লাভ কৰা এই সফলতাই ছবিখনৰ ব্যৱসায়িক দিশটো সফল হোৱাৰ ইংগিত প্ৰদান কৰিছে ৷

আৰ আৰ আৰৰ হিন্দী সংস্কৰণে বলীউডৰ দুখনকৈ ছবিৰ প্ৰথম দিনৰ উপাৰ্জনক অতিক্ৰম কৰিছে ৷ 'তানহাজী' আৰু 'গুড নিউজ' নামৰ ছবি দুখনৰ সৈতে ফেৰ মাৰি আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ৰাজামৌলীৰ সদ্য মুক্তিপ্ৰাপ্ত ছবিখন ৷

কিন্তু 'বাহুবলী-২' (৪১ কোটি) আৰু অক্ষয় কুমাৰৰ 'সূৰ্যবংশী' (২৬ কোটি) ৰ উপাৰ্জনক অতিক্ৰম কৰিব নোৱাৰিলে ছবিখনে । উল্লেখনীয় যে, হিন্দী আৰু তেলেগুৰ বাহিৰে বাকীকেইটা ভাষাত ছবিখনে 30 কোটি টকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল ৷ অৰ্থাৎ ছবিখনে সমগ্ৰ দেশতে মুক্তি লাভ কৰাৰ পিছতো প্ৰথম দিনটোত ১২০ কোটি টকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল ।

ছবিখনৰ তেলেগু ভাষাৰ সংস্কৰণটোত প্ৰথম দিনটোত সংগ্ৰহ হৈছে প্ৰায় 70 কোটি টকা ৷ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত আশা কৰাতকৈ ছবিখনৰ উপাৰ্জন কম হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰায় ৫০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন (RRR making budget) । এই চলচ্চিত্ৰখনৰ উপাৰ্জনক প্ৰত্যাহ্বান জনাব পৰা অন্যতম কাৰণ হৈছে মুক্তি হোৱাৰ দুসপ্তাহৰ পিছতো ছবিগৃহত দৰ্শকক মোহাচ্ছন কৰি ৰখা 'দ্য কাশ্মীৰ ফাইলছ' নামৰ ছবিখন ।

ইপিনে চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে টুইট কৰি জানিব দিছে যে 'আৰ.আৰ.আৰ' ছবিখনে প্ৰথম দিনাই বক্স অফিচত বিশ্বজুৰি ২২৩ কোটি টকাৰ বাম্পাৰ কালেকচন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ছবিখনে প্ৰথম দিনা ভাৰতৰ বক্স অফিচত মুঠ 156 কোটি টকা আৰু বিদেশত প্ৰথম দিনাই 67 কোটি টকা সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক: 38 বছৰীয়া হ’ল অভিনেতা শ্বাহিৰ শ্বেখ

Last Updated :Mar 26, 2022, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.