অসম

assam

ৰাধেক লৈ সতৰ্কবাণী বলীউডৰ ডাবাংগ ছলমান খানৰ

By

Published : May 16, 2021, 5:21 PM IST

ছলমান খানৰ বহু প্ৰত্যাশিত ছবি ৰাধে, পাইৰেচী চাইটত প্ৰচাৰ হোৱাৰ পাচতে বলীউডৰ চুপাৰষ্টাৰগৰাকীয়ে দুষ্কৃতিকাৰীসকললক চাইবাৰ কোষে আইনী ব্যৱস্থা লোৱাৰ বিষয়ে সতৰ্ক কৰে ।

Radhe
ৰাধেক লৈ সতৰ্কবাণী বলীউডৰ ডাবাংগ ছলমান খানৰ

চিটাৰা ডেস্ক, ১৬ মে': যোৱা ১৩ মে'ত পৱিত্ৰ ঈদ-উল-ফিতৰৰ দিনাখনেই বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰতীক্ষিত ছবি 'ৰাধে'ই মুক্তিলাভ কৰিছিল । সদ্য মুক্তি লাভ কৰা ছবিখন 'জি-৫' ত মুক্তিলাভ কৰিছিল । কিন্তু এই ছবিখনক লৈ এতিয়া সৃষ্টি হৈছে সংঘাতৰ । কিয়নো ছবিখনৰ পাইৰেচী কৰাসকলৰ বিৰুদ্ধে অভিনেতা ছলমান খানে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে । শনিবাৰে নিশা ছলমান খানে তেওঁৰ ইনষ্টাগ্ৰামত এই সতৰ্কবাণী শ্বেয়াৰ কৰে ।

ছবিখনৰ নিৰ্ধাৰিত মূল্য ২৪৯ টকা হোৱা স্বত্বেও একাংশ লোকে অবৈধ প্ৰক্ৰিয়াৰে ডাউনলোড কৰি উপভোগ কৰিছে । ইয়াৰ বিৰুদ্ধে চাইবাৰ চেলে পাইৰেটেড ছাইটসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে ।

ছলমান খানে কয় 'আমি আপোনালোকক আমাৰ সদ্য মুক্তি লাভ কৰা ছবি ৰাধে উপভোগ কৰিবলৈ নিৰ্ধাৰিত মূল্য ২৪৯ টকা ধাৰ্য কৰিছিলো । পাইৰেটেড চাইটবোৰে অবৈধভাৱে ৰাধে প্ৰচাৰ কৰিছে । যিটো এক গুৰুতৰ অপৰাধ । চাইবাৰ কোষে এই সকলো পাইৰেটেড ছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে' ।

ছবিখন মুক্তিৰ এদিন পূৰ্বে ছলমানে অনুৰাগীসকলক তেওঁৰ নতুন ছবি ৰাধে চাবলৈ আহ্বান জনাই এটা ভিডিঅ' পোষ্ট কৰিছিল আৰু লিখিছিল যে যাতে কোনো লোকে পাইৰেচী নকৰে । প্ৰভু দেৱাই পৰিচালনা কৰা ছবিখনত দিশা পাটানি, জেকি শ্ৰাফ, অৰ্জুন কানুংগো আৰু ৰণদীপ হুডাই অভিনয় কৰিছে ।

লগতে পঢ়ক: চাইবেৰাবাদ আৰক্ষীক অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান হৰ্ষবৰ্ধন ৰাণেৰ

ABOUT THE AUTHOR

...view details