অসম

assam

সংযুক্তা দত্তৰ প্ৰয়াসঃ গুৰুগ্ৰামৰ ফেশ্বন শ্ব'ত বিয়ানাম, মেখেলা-চাদৰ

By

Published : Jun 2, 2019, 6:11 PM IST

গুৰুগ্ৰাম ইন্টাৰনেচনেল ক'চাৰ উইক শ্ব' ২০১৯ ত এইগৰাকী অসমীয়া ডিজাইনাৰে প্ৰস্তুত কৰা মেখেলা চাদৰ পৰিধান কৰি অসমীয়া সংগীতৰ তালে তালে ৰেম্পত খোজ দিয়ে দেশৰ এগৰাকী আগশাৰীৰ মডেল তথা " টি চিৰিজ " ৰ স্বত্বাধিকাৰী দিব্যা খোচলা কুমাৰে

সংযুক্তা দত্তৰ ডিজাইনৰ মেখেলা-চাদৰত এইবাৰ দিব্যা খোচলা কুমাৰৰ লয়লাস

গুৱাহাটী, ২ জুন: অসমীয়া পাট-মুগাৰ দৃষ্টিনন্দন সৃষ্টিৰে দেশে বিদেশে সমাদৃত হোৱা ডিজাইনাৰ সংযুক্তা দত্তৰ শেহতীয়া সৃষ্টিকৰ্মই পুনৰ সমাদৰ লাভ কৰিলে আন্তৰ্জাতিক মঞ্চত । ১ জুনৰ নিশা গুৰুগ্ৰামত অনুষ্ঠিত গুৰুগ্ৰাম ইন্টাৰনেচনেল ক'চাৰ উইক শ্ব' ২০১৯ ত এইগৰাকী অসমীয়া ডিজাইনাৰে প্ৰস্তুত কৰা মেখেলা চাদৰ পৰিধান কৰি অসমীয়া সংগীতৰ তালে তালে ৰেম্পত খোজ দিয়ে দেশৰ এগৰাকী আগশাৰীৰ মডেল তথা " টি চিৰিজ " ৰ স্বত্বাধিকাৰী দিব্যা খোচলা কুমাৰে ।

সংযুক্তা দত্তৰ ডিজাইনৰ মেখেলা-চাদৰত এইবাৰ দিব্যা খোচলা কুমাৰৰ লয়লাস

উল্লেখ্য যে ডিজাইনাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা ভিন্ন ডিজাইনৰ মেখেলা চাদৰ পিন্ধি ইতিমধ্যে ৰেম্পত খোজ পেলাই দেশবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে হেমা মালিনী, টাবু, দিয়া মিৰ্জা, মলাইকা অৰ'ৰা বিপাশা বসুকে ধৰি প্ৰায় কুৰিৰো অধিক বলিউডৰ অভিনেত্ৰীয়ে । এইবাৰ গুৰুগ্ৰামত প্ৰদৰ্শন কৰা সংযুক্তা দত্তৰ শেহতীয়া সৃষ্টিকৰ্মৰ নামাকৰণ আছিল " কোমল "।

Slug: a_ghy_802_international_couture_week_at_gurugram_2june_7206058

আন্তৰ্জাতিক মঞ্চত পুণৰ জিলিকিল ডিজাইনাৰ সংযুক্তা দত্তৰ সৃষ্টি

গুৱাহাটী, ২ জুন: অসমীয়া পাট - মুগাৰ দৃষ্টিনন্দন সৃষ্টিৰে দেশে বিদেশে সমাদৃত হোৱা ডিজাইনাৰ সংযুক্তা দত্তৰ শেহতীয়া সৃষ্টিকৰ্মই পুণৰ সমাদৰ লাভ কৰিলে আন্তৰ্জাতিক মঞ্চত। ১ জুনৰ নিশা গুৰুগ্ৰামত অনুষ্ঠিত গুৰুগ্ৰাম ইন্টাৰনেচনেল ক'চাৰ উইক শ্ব' ২০১৯ ত এইগৰাকী অসমীয়া ডিজাইনাৰে প্ৰস্তুত কৰা মেখেলা চাদৰ পৰিধান কৰি অসমীয়া সংগীতৰ তালে তালে ৰেম্পত খোজ দিয়ে দেশৰ এগৰাকী আগশাৰীৰ মডেল তথা " টি চিৰিজ " ৰ স্বত্বাধিকাৰী দিব্যা খোচলা কুমাৰে। উল্লেখ্য যে ডিজাইনাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা ভিন্ন ডিজাইনৰ মেখেলা চাদৰ পিন্ধি ইতিমধ্যে ৰেম্পত খোজ পেলাই দেশবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে হেমা মালিনী, টাবু, দিয়া মিৰ্জা, বিপাশা বসুকে ধৰি প্ৰায় কুৰিৰো অধিক বলিউডৰ অভিনেত্ৰীয়ে । এইবাৰ গুৰুগ্ৰামত প্ৰদৰ্শন কৰা সংযুক্তা দত্তৰ শেহতীয়া সৃষ্টিকৰ্মৰ নামাকৰণ আছিল " কোমল "।

ABOUT THE AUTHOR

...view details