অসম

assam

Salman is Not Single Anymore: চিংগল নহয় ছলমান খান!

By

Published : Feb 2, 2022, 4:20 PM IST

সকলোকে অবাক কৰি তুলি চিংগল হৈ নথকাৰ কথা নিজেই ঘোষণা কৰিলে ছলমান খানে ৷ ছলমানৰ বিয়া কেতিয়া, প্ৰেয়সী কোন এইবোৰ বলীউডত প্ৰায়ে চৰ্চা হৈ আহিছে ৷ ঐশ্বৰ্যৰ পৰা আৰম্ভ কৰি কেটৰিণালৈকে ছলমানৰ নাম সাঙোৰ খাই আছে ৷ ঐশ্বৰ্যৰে প্ৰেমৰ সম্পৰ্কত ফাঁট মেলা পিছত ছলমানে কেতিয়াও বিয়া নাপাতে বুলিও প্ৰচাৰ হৈছিল এসময়ত ৷ ৰোমানিয়ান তাৰকা ইউলিয়া ভাণ্টুৰৰ সৈতে থকা সম্পৰ্কৰ বাবেও বাতৰিৰ শিৰোনামা প্ৰায়ে দখল কৰি থাকে ছলমানে ৷ (Salman is Not Single Anymore) অৱশেষত সকলোৰে উৎকণ্ঠা আঁতৰাই বিগবছ 15 ৰ গ্ৰেণ্ড ফিনালেত 56 বছৰীয়া অভিনেতা জনে ক’লে যে ছলমান ইজ নট চিংগল এনিম’ৰ!

Salman is Not Single Anymore
চিংগল নহয় ছলমান খান!

চিটাৰা ডেস্ক, 2 ফ্ৰেব্ৰুৱাৰী : শ্বেহনাজ গীলে কৰিলে বিগবছ 15 ৰ মঞ্চত এটা অদ্ভূত কাম ৷ গ্ৰেণ্ড ফিনালেৰ নিশা ছলমানৰ প্ৰাক্তন প্ৰেয়সী কেটৰিণাই বিকী কৌশলক বিয়া পতা কথাটো লৈ ছলমানক জোকাৰিলে শ্বেহনাজে ৷ নিজৰ এই বিচিত্ৰ ব্যক্তিত্বৰ বাবেই জনপ্ৰিয় শ্বেহনাজ ৷

কেইবাখনো ছবিত একেলগে অভিনয় কৰা ছলমান-কেটৰিণাৰ সম্পৰ্ক খুবেই মধুৰ ৷ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলিও বহুতে ক’ব খোজে ৷ ইমান ভাল বন্ধুত্বসূলভ এটা সম্পৰ্ক থকাৰ পিছতো কিন্তু কেটৰিণাৰ বিয়াত শুভেচ্ছা দিবলৈ যোৱা নাছিল ছলমান ৷ পঞ্জাৱৰ কেটৰিণা কাইফ খ্যাত শ্বেহনাজে বিগবছ 15ত বিকী-কেটৰিণাৰ বিয়াৰ কথাৰ চলেৰে ছলমানৰে সৈতে কৰিলে কৌতুক ৷

শ্বেহনাজে ক’লে, "মে পাঞ্জাৱ কি কেটৰিণা কাইফ চে ইণ্ডিয়া কি শ্বেহনাজ গীল হো গয়ী হু, কিউকি অৱ ইণ্ডিয়া কি কেটৰিণা কাইফ ত’ পাঞ্জাৱ কি কেটৰিণা বান চুকি হে ।" ছলমানে হাঁহি হাঁহি শ্বেহনাজৰ কথাত সমৰ্থন জনোৱাত তেওঁক সদায় সুখী হৈ থাকিবলৈ কয় অভিনেত্ৰী গৰাকীয়ে ৷ এনেদৰে কৌতুক কৰাৰ পিছত অৱশ্যে ছৰী ও ক’লে শ্বেহনাজে ছলমানক ৷

অকলশৰীয়াকেই ছলমানক ভাল লাগে বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ছলমানে "জব হ’ জাউংগা, তাব জায়াদা আচ্ছা লাগোংগা" কোৱা কথাটোৱে সকলোকে উৎসুক কৰি তুলিছে এতিয়া (Salman is Not Single Anymore) ৷ তৎক্ষণাত ছলমানলৈ শ্বেহনাজৰ প্ৰশ্নৰ বাণ ‘আপুনি কাৰোবাৰ সৈতে সম্পৰ্কত আছে নেকি?’ যাৰ উত্তৰত হাঁহিৰ বাহিৰে একো নাহিল ছলমানৰ পৰা ৷

কাৰ সৈতে তেওঁৰ এইৰ প্ৰেমৰ সম্পৰ্ক সেইয়া জানিবলৈ এতিয়াও বাকী ( Salman khan on relationship status) ৷ অৱশ্যে ইউলিয়াৰৰ সৈতে মাজে মাজে দেখা যায় বলীউড চুপাৰষ্টাজনক ৷

লগতে পঢ়ক:Ahan wants to act in remake of Sunil Shetty films: পিতৃৰ ছবিত অভিনয় কৰিবলৈ মন আহান শেট্টীৰ

ABOUT THE AUTHOR

...view details