অসম

assam

Rishi Kapoor last film: শীঘ্ৰেই মুক্তি পাব ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন'

By

Published : Mar 9, 2022, 7:42 PM IST

Rishi Kapoor

ঋষি কাপুৰৰ অন্তিমখন ছবি 'শৰ্মাজী নামকিন' অতি সোনকালেই অ’টিটি প্লেটফৰ্মত মুক্তি পাব (Rishi Kapoor last film) ৷ ছবিখনৰ নিৰ্মাতাই জনালে এই কথা ৷ সবিশেষ জানো আহক ৷

চিটাৰা ডেস্ক, 9 মাৰ্চ : প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন' ৩১ মাৰ্চত অ'টিটি প্লেটফৰ্মত মুক্তি পাব (Rishi Kapoor last film)। আত্ম-উপলব্ধিক বিষয়বস্তু হিচাপে লৈ 'শৰ্মাজী নামকিন'ত এজন অৱসৰপ্ৰাপ্ত পুৰুষৰ কাহিনী দেখুওৱা হৈছে ৷

হিতেশ ভাটিয়াৰ দ্বাৰা পৰিচালিত এই ছবিখনত পৰেশ ৰাৱালৰ লগতে জুহি চাওলা, সুহাইল নায়াৰ, তাৰুক ৰাইনা, সতীশ কৌশিক, শীলা চাধা আৰু ঈশা তলৱাৰেও অভিনয় কৰিছে । এইখনেই প্ৰথম হিন্দী চলচ্চিত্ৰ য'ত দুজন অভিনেতা ঋষি কাপুৰ আৰু পৰেশ ৰাৱালক একেলগে এটা চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব ।

৩১ মাৰ্চত প্ৰাইম ভিডিঅ'ত প্ৰিমিয়াৰ হ’ব লগীয়া ছবিখন (Rishi Kapoor last film release date) মেকগুফিন পিকচাৰ্ছৰ হানি ট্ৰেহান আৰু অভিষেক চৌবেৰ সহযোগত এক্সেল এণ্টাৰটেইনমেণ্টৰ বেনাৰত ৰীতেশ চিধৱানী আৰু ফাৰহান আখটাৰে প্ৰযোজনা কৰিছে ।

এক্সেল এণ্টাৰটেইনমেণ্টৰ সহ-প্ৰতিষ্ঠাপক ৰীতেশ চিধৱানীয়ে কয়, "আমি সদায় বিশৃংখল কাহিনী এটা স্মৰণীয় আৰু হৃদয়স্পৰ্শী হোৱাকৈ উপস্থাপন কৰিব বিচাৰো আৰু চৰিত্ৰবোৰ জীৱন্ত ৰূপত দাঙি ধৰিব বিচাৰো । শৰ্মাজী নামকিন এক অনন্য কাহিনী"।

তেওঁ লগতে কয় যে, এই ছবিখনেৰে তেওঁলোকে ঋষি কাপুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । উল্লেখ্য যে, ঋষি কাপুৰে কেঞ্চাৰৰ সৈতে যুঁজি যুঁজি 2020 চনত 67 বছৰ বয়সত আমাৰ মাজৰ পৰা বিদায় লৈছিল ৷

লগতে পঢ়ক:শ্বাহৰুখ খানৰ নতুন ৰূপ দেখি পাঠানৰ বাবে উৎসাহ বাঢ়িছে অনুৰাগীৰ

ABOUT THE AUTHOR

...view details