অসম

assam

সুনীল ছেট্টীৰ এপাৰ্টমেন্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা

By

Published : Jul 12, 2021, 7:13 PM IST

Updated : Jul 12, 2021, 7:46 PM IST

বলিউদৰ অভিনেতা সুনীল ছেট্টী(Suniel Shetty) বাস কৰা 'পৃথ্বী এপাৰ্টমেণ্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা ৷ শনিবাৰে বৃহানমুম্বাই পৌৰ নিগম(Brihanmumbai Municipal Corporation)এ অভিনেতাiৰাকীয়ে বাস কৰা এপাৰ্টমেণ্টটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷

Brihanmumbai Municipal Corporation has sealed actor Suniel Shetty's building
ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে বি এম চিয়ে ছীল কৰিলে সুনীল ছেট্টীৰ এপাৰ্টমেণ্ট

চিটাৰা ডেস্ক, ১২ জুলাই: মুম্বাইত ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰতাৰে কাম কৰি আছে বৃহানমুম্বাই পৌৰ নিগম(Brihanmumbai Municipal Corporation)এ । ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক হোৱা স্থানসমূহলৈ অহা-যোৱা কৰাত বাধা আৰোপ কৰা হৈছে । শনিবাৰে বলিউডৰ অভিনেতা সুনীল ছেট্টী(Suniel Shetty) বাস কৰা দক্ষিণ মুম্বাইৰ অল্টামাউণ্ট ৰোডস্থিত 'পৃথ্বী এপাৰ্টমেণ্ট' লৈ প্ৰৱেশ নিষিদ্ধ কৰে পৌৰ নিগমে ৷

অট্টালিকাটোত ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে পৌৰ নিগমে এপাৰ্টমেণ্টটো মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ এতিয়ালৈকে উক্ত এপাৰ্টমেণ্টত মুঠ ৫ জন লোক মহামাৰীৰ কবলত পৰিছে । সোমবাৰে বিএমচিৰ (ডি ৱাৰ্ড)ৰ সহকাৰী আয়ুক্ত প্ৰশান্ত গায়কৱাড়ে কয় যে, পৃথ্বী এপাৰ্টমেণ্টলৈ মানুহৰ প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰা বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে, ইয়াৰ পাচতো এপাৰ্টমেণ্টটোলৈ অহা-যোৱা অব্যাহত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশান্ত গায়কৱাড়ক প্ৰশ্ন কৰাত তেওঁ উক্ত লোকসকলে ক'ভিড-১৯ প্ৰট'কল উলংঘন কৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, এপাৰ্টমেণ্ট চৌহদৰ বাহিৰলৈ কোনো লোক যাতে ওলাব নোৱাৰে তাৰ বাবে এতিয়াৰ পৰা এপাৰ্টমেণ্টৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হ'ব, ।

উল্লেখ্য যে, অভিনেতা সুনীল চেট্টীৰ পৰিয়ালে এই এপাৰ্টমেণ্টটোৰ ১৮ মহলাত বাস কৰে । বিএমচিৰ বিষয়াগৰাকীয়ে জনোৱা মতে, সুনীল ছেট্টী আৰু তেওঁৰ পৰিয়াল সুস্থ হৈ আছে । বিএমচিৰ নিৰ্দেশনা অনুসৰি, যদি কোনো অট্টালিকাত ৫ জন বা তাতকৈ অধিক লোক ক'ভিড-১৯ত আক্ৰান্ত হয়, তেন্তে সেই অট্টালিকাটো মাইক্ৰ'-কণ্টেনমেণ্ট জ'ন হিচাপে ঘোষণা হ'ব । সেয়ে, নিয়ম অনুসৰি সুনীল ছেট্টীয়ে বাস কৰা অট্টালিকাটোও মাইক্ৰ'-কণ্টেনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক:Vamika ৰ ছমহীয়া জন্মদিন উদযাপন অনুষ্কা-বিৰাটৰ

Last Updated : Jul 12, 2021, 7:46 PM IST

ABOUT THE AUTHOR

...view details