অসম

assam

ছবি নিৰ্মাণৰ পাঠ্যক্ৰম এৰি অভিনয় কৰিবলৈ মন মেলিছে বাবিল খানে

By

Published : Jun 28, 2021, 12:13 PM IST

পিতৃৰ বাটকে অনুসৰণ কৰিব বিচাৰে বাবিল খানে (Babil Khan) । এগৰাকী অভিনেতা হিচাপেহে বলীউডত খোজ পেলাব প্ৰয়াত অভিনেতা ইৰফান খানৰ জ্যেষ্ঠ পুত্ৰ বাবিল খানে । অভিনয়ৰ বাবে ছবি নিৰ্মাণৰ পাঠক্ৰম আধাতে এৰাৰ সিদ্ধান্ত লৈছে বাবিলে ।

Babil Khan has dropped out of filmmaking course to focus on his acting career
অভিনেতা হিচাপেহে বলীউডত খোজ পেলাব বাবিল খানে

চিটাৰা ডেস্ক, ২৮ জুন: অভিনয় জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে প্ৰয়াত অভিনেতা ইৰফান খান (Irrfan Khan)ৰ জ্যেষ্ঠ পুত্ৰ বাবিল খানে (Babil Khan) । অভিনয়ত মনোনিবেশ কৰাৰ বাবে ছবি নিৰ্মাণৰ পাঠ্যক্ৰম আধাতে সামৰাৰ সিদ্ধান্ত লৈছে বাবিলে । তেওঁ লণ্ডনত ছবি নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল । নেটফ্লিক্সত মুক্তি পাবলগীয়া অনুষ্কা শৰ্মাৰ আগন্তুক ছিৰিজৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিব বাবিল খানে ।

ছিৰিজটোত বাবিলৰ বিপৰীতে অভিনয় কৰিব তৃপ্তি দিমৰীয়ে । সোমবাৰে পুৱা বাবিলে ইনষ্টাগ্ৰাম পোষ্টযোগে অভিনয় জগতত খোজ পেলোৱা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰাৰ কথা জানিবলৈ দিয়ে । বাবিলে দুখন ফটোৰ এখন কলাজ শ্বেয়াৰ কৰিছে । য'ত তেওঁক কান্ধত কেমেৰালৈ দৃশ্যগ্ৰহণত ব্যস্ত হৈ থকা দেখা গৈছে আৰু আনখন ফটোত আকৰ্ষণীয় ভংগীমাত দেখা গৈছে ।

উচ্চাকাংক্ষী অভিনেতাজনে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁৰ বন্ধুসকলক সুঁৱৰি আবেগিক পোষ্ট লিখিছে ।

মুম্বাইত তেওঁৰ খুব কম বন্ধু আছে বুলিও বাবিলে পোষ্টটোত শ্বেয়াৰ কৰিছে । ছবি নিৰ্মাণৰ স্নাতক পাঠ্যক্ৰম অসম্পূৰ্ণ কৰি বাবিলে পোষ্টটোত লিখিছে যে, লণ্ডনত থকা তেওঁৰ বন্ধুসকলক তেওঁ মনত পেলাব । তেওঁ কয় যে, মুম্বাইত তেওঁৰ ২-৩ জন বন্ধুহে আছে । লগতে তেওঁ বিশ্ববিদ্যালয়ত লগ পোৱা বন্ধুসকলক ধন্যবাদো জ্ঞান কৰে ।

উল্লেখ্য যে, বাবিলে পৰিচালক শুজিত চিৰকাৰৰ সৈতে তেওঁৰ পৰৱৰ্তী প্ৰজেক্টৰ কামো আৰম্ভ কৰিছে । এতিয়ালৈকে ছবিখনৰ শিৰোনাম নিশ্চিত কৰা হোৱা নাই । ছবিখনত পৰিচালক মনচুৰ খান (Mansoor Khan)ৰ কন্যা জাইন খানেও অভিনয় কৰিছে ।

ইফালে, নিজৰ সিদ্ধান্তক লৈ সুখী বাবিল খান ৷ অভিনেতা হিচাপে তেওঁ বলীউডত নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিব বুলি তেওঁ আশাবাদী । আনহাতে, বাবিলৰ মাতৃ অৰ্থাৎ সুতাপা ছিকদাৰেও পুত্ৰৰ সিদ্ধান্তৰ বিপৰীতে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই । পিতৃ ইৰফান খানৰ দৰেই অভিনয় জগতত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সিদ্ধান্ত লৈছে বাবিল খানে ।

লগতে পঢ়ক:ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ABOUT THE AUTHOR

...view details