অসম

assam

আৰিয়া 2020 ৰেংকিঙত উজলিল আইআইটি মাদ্ৰাছ, কেআইআইটি

By

Published : Aug 18, 2020, 11:45 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি ভাৰতৰ অটল ৰেংকিং অৱ ইনষ্টিটিউট অন ইনোভেশ্বন অচিভমেন্ট চমুকৈ আৰিয়া 2020 ঘোষণা কৰে ৷ মঙলবাৰে দিনৰ 11 বজাত এই ৰেংকিং ঘোষণা কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, ৰাজ্যিক মন্ত্ৰী সঞ্জয় শৰ্মাৰাও ধোটৰে আৰু দেশৰ উচ্চ শিক্ষা সচিব অমিত খাৰেৰ উপস্থিতিত আৰিয়া ৰেংকিং 2020 ভাৰ্চুৱেলি মুকলি কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

আৰিয়া 2020 ৰেংকিঙ
আৰিয়া 2020 ৰেংকিঙ

নিউজ ডেস্ক, 18 আগষ্ট : দেশৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি অটল ৰেংকিং অৱ ইনষ্টিটিউট অন ইনোভেশ্বন অচিভমেন্ট চমুকৈ আৰিয়া 2020 ঘোষণা কৰে ৷ আজি দিনৰ প্ৰায় 11 বজাত ঘোষণা কৰা এই ৰেংকিংত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠানসমূহক তুলনামুলক স্থান প্ৰদান কৰা হয় ৷

চলিত বৰ্ষৰ অৰ্থাৎ আৰিয়া 2020 ৰেংকিঙত দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ খিতাপ দখল কৰে সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাছে ৷ বিগত বৰ্ষৰ দৰে এইবেলিও প্ৰতিষ্ঠানখনে কেন্দ্ৰীয় পূঁজিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ শাখাত শীৰ্ষস্থানত অটুট থাকে ৷ আনহাতে দেশৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত প্ৰতিষ্ঠানৰ শাখাত শীৰ্ষস্থান দখল কৰে কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকনলজিয়ে ৷

চলিত বৰ্ষত আৰিয়া 2020 ৰেংকিং ছটা শাখাত প্ৰদান কৰা হয় ৷ আৰিয়া 2020ত মহিলা শিক্ষাক এখোজ আগবঢ়াই নিয়াৰ লগতে মহিলাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে উচ্চ শিক্ষা শিতানত কেৱল মহিলাৰ বাবে থকা প্ৰতিষ্ঠানৰ বাবে এক বিশেষ ৰেংকিঙৰ ব্যৱস্থা কৰা হয় ৷

মহিলাসকলক স্বনিয়োজন আৰু উদ্ভাৱনী ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবেই এই শাখাটো সংযোজন কৰা হয় ৷ অন্যান্য পাঁচটা শাখাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পূঁজিপ্ৰাপ্ত, ৰাজ্যিক চৰকাৰৰ দ্বাৰা পূঁজিপ্ৰাপ্ত, ৰাজ্যিক চৰকাৰৰ দ্বাৰা পূঁজিপ্ৰাপ্ত অটোনমাছ শিক্ষা প্ৰতিষ্ঠান, ডিমড আৰু ব্যক্তিগত বিশ্ববিদ্যালয় তথা ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ৰখা হৈছে ৷

আৰিয়া 2020ত ৰেংকিং আইদিয়া জেনেৰেশ্বন আৰু ইনোভেশ্বনৰ সৈতে জড়িত কাৰ্যক্ৰম, স্বনিয়োজন উন্নয়নক উৎসাহ আৰু সমৰ্থন, বাজেট, ৰাজহ সংগ্ৰহ তথা সমৰ্থন, আন্তঃগাঁথনি তথা উদ্ভাৱনী সুবিধা, ইন্টেলেকটুৱেল প্ৰপাৰ্টি জেনেৰেশ্বন আৰু বাণিজ্যিকীকৰণৰ লগতে প্ৰযুক্তি সম্প্ৰসাৰণ, শিক্ষণ প্ৰণালীত উদ্ভাৱনী ব্যৱস্থা আৰু প্ৰতিষ্ঠানৰ প্ৰশাসনত উদ্ভাৱনী ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয় ৷

আৰিয়া হৈছে এক প্ৰয়াস যাৰ দ্বাৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক সমগ্ৰ দেশৰ ভিত্তিত এক স্থান প্ৰদান কৰে ৷ শিক্ষা প্ৰতিষ্ঠানসমূহৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত উদ্ভাৱন, ষ্টাৰ্ট-আপছ আৰু স্বনিয়োজন উন্নয়নৰ ওপৰত ভিত্তি কৰিয়ে ইয়াক নিৰ্ধাৰণ কৰা হয় ৷ মন্ত্ৰালয়ৰ উদ্ভাৱনী কোষৰ অধীনত সৰ্বভাৰতীয় প্ৰযুক্তিগত শিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত ইয়াক প্ৰয়োগ কৰা হৈছিল ৷

চলিত বৰ্ষৰ শিতানসমূহত ক্ৰমান্বয়ে সৰ্বশ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতিষ্ঠানসমূহ হৈছে, কেন্দ্ৰীয় পূঁজিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ শাখাত আইআইটি মাদ্ৰাছ, মহিলা উচ্চ শিক্ষা প্ৰতিষ্ঠান শাখাত অবিনাশলিংগাম ইনষ্টিটিউট ফৰ হোম চায়েন্স এণ্ড হায়াৰ ইডুকেশ্বন ফৰ ৱমেন, ব্যক্তিগত প্ৰতিষ্ঠান শাখাত এছ আৰ ইঞ্জিনীয়াৰিং কলেজ, ব্যক্তিগত তথা ডিমড বিশ্ববিদ্যালয় শাখাত কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকনলজি, ৰাজ্যিক পূঁজিপ্ৰাপ্ত অটোনমাছ শিক্ষা প্ৰতিষ্ঠান শাখাত কলেজ অৱ ইঞ্জিনীয়াৰিং পুনে আৰু ৰাজ্যিক পূঁজিপ্ৰাপ্ত বিশ্ববিদ্যালয় শাখাত ইনষ্টিটিউট অৱ কেমিকেল টেকনলজি মুম্বাই ৷

আৰিয়াৰ সন্দৰ্ভত সৰ্বভাৰতীয় প্ৰযুক্তিগত শিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ, অধ্যাপক অনিল সহস্ৰবুধে উল্লেখ কৰে যে, বিশ্বই বিশ্ব উদ্ভাৱনী সূচকাংকত ভাৰতৰ প্ৰচেষ্টা আৰু কৰ্মনিষ্ঠাক প্ৰত্যক্ষ কৰিছে ৷ এই সূচকাংকত বিগত পাঁচ বৰ্ষত ভাৰতে 29টা স্থান উন্নীত হৈছে ৷ চলিত বৰ্ষটো ভাৰতে শিক্ষা মন্ত্ৰালয়ৰ সহযোগত বিশ্ব উদ্ভাৱনী স্তৰত অধিক সৃজনশীলতাৰে কাম কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়কঃভাঙি পেলোৱা হ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহ

Last Updated : Feb 16, 2021, 7:31 PM IST

ABOUT THE AUTHOR

...view details