অসম

assam

বিশ্ব ফিজিঅ’থেৰাপি দিৱস 2021: কৰ’ণা ৰোগীৰ বাবে ফলপ্ৰসু ফিজিঅ’থেৰাপি

By

Published : Sep 8, 2021, 7:07 AM IST

world physiotherapy day 2021: fruitful for covid patients
বিশ্ব ফিজিঅ’থেৰাপি দিৱস 2021: কৰ’ণা ৰোগীৰ বাবে ফলপ্ৰসু ফিজিঅ’থেৰাপি

নিজৰ শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰখাটো অতিকৈ জৰুৰী বিশেষকৈ কৰ’ণা মহামাৰীৰ এই সময়ত ৷ ফিজিঅ’থেৰাপি অথবা ব্যায়ামৰ জৰিয়তে ব্যক্তি এগৰাকীয়ে নিজৰ দেহটোক নিৰোগী কৰি ৰাখিব পাৰে ৷ ক’ভিড মহামাৰীত আক্ৰান্ত হোৱা সকলৰ বাবেও ফলপ্ৰসু হিচাপে পৰিগণিত হৈছে ফিজিঅ’থেৰাপি ৷

নিউজ ডেস্ক, 8 ছেপ্তেম্বৰ : কৰ’ণা মহামাৰীৰ পিছত আমেৰিকান আৰু ইউৰোপিয়ান দেশসমূহত চলোৱা এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে, কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত এগৰাকী ব্যক্তিৰ দেহত বিভিন্ন ধৰণৰ নতুন ৰোগৰ সৃষ্টি হয় ৷ ইয়াৰ ভিতৰত শাৰিৰীক ক্ষমতা হ্ৰাস, বিষ, অনিদ্ৰা, চুলি সৰা, ভাগৰুৱা অনুভৱ, গাৰ বিষ, মাংসপেশীৰ বিষ আদি উল্লেখযোগ্য ৷ কিন্তু সমীক্ষাটোত আন এটা তথ্যও পোহৰলৈ আহিছে যে, যি সকল ৰোগীয়ে কৰ’ণা মহামৰীৰ পৰা উপশম পোৱাৰ বাবে ঔষধৰ লগতে ফিজিঅ’থেৰাপিৰ সহায় লৈছে তেওঁলোক অন্য ৰোগীৰ তুলনাত সোনকালে সুস্থ হৈ উঠিছে ৷

MYHৰ ফিজিঅ’থেৰাপিষ্ট সকলে প্ৰায় 700 গৰাকী ৰোগীক ফিজিঅ’থেৰাপি প্ৰদান কৰিছে ৷ এই ৰোগীসকল গুৰুতৰভাৱে আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ আছিল ৷ এই সকলৰ ভিতৰত 500 গৰাকী ৰোগীৰ দেহত কোনো পোষ্ট ক’ভিড সমস্যাই দেখা দিয়া নাছিল ৷

ক’ভিড সংক্ৰমণৰ এই সময়ছোৱাত বিভিন্ন শাৰিৰীক সমস্যাত ভুগি থখা প্ৰায় 3 লাখ লোকে বৰ্তমান সময়ত ফিজিঅ’থেৰাপি লৈ আছে ৷ মুঠ ৰোগীসকলৰ প্ৰায় 40 শতাংশই কান্ধ অথবা ডিঙিৰ সমস্যা, ক’ভিডৰ প্ৰভাৱ, চাইক’ ব্ৰেকিয়েল পেইন চিন্ড্ৰ’মৰ সমস্যাৰে জৰ্জৰিত ৷

লগতে পঢ়ক :একুৱা থেৰাপী : পূৰ্বে নজনা বহু কথা

আনকি ৰোগীসকলৰ 20 শতাংশ এনে লোকো আছে যি সকলে ৱৰ্ক ফ্ৰম হোমৰ বাবে বিভিন্ন শাৰিৰীৰ সমস্যাত ভুগি আছে ৷ কিন্তু আচৰিত ধৰণে গৃহিনীসকলৰ মাজত এইসমূহ ৰোগৰ সমস্যা তেনেই তাকৰ ৷ ইয়াৰ কাৰণ এইটো দৰ্শোৱা হৈছে যে ক’ভিডৰ সময়তো তেওঁলোকৰ কাৰ্যশৈলীত বিশেষ পৰিৱৰ্তন অহা নাই ৷

জানিব পৰা অনুসৰি ক’ভিডৰ দ্বিতীয় প্ৰৱাহৰ পিছত ফিজিঅ’থেৰাপি কৰি থকা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ যিসকল লোক কৰ’ণা সংক্ৰমণৰ বাবে অধিক চিন্তিত হৈছিল তেওঁলোকৰ ভিতৰত 70ৰ পৰা 80 শতাংশ লোকেই বিভিন্ন শাৰিৰীক সমস্যাত ভুগি আছে ৷ কৰ্মশৈলীত পৰিৱৰ্তন অহা বাবে সমস্যা বৃদ্ধি পাই আছে আৰু ইয়াৰ ভিতৰত 35ৰ পৰা 50 বৰ্ষীয় লোকসকলৰ সংখ্যা অধিক ৷

দূৰ হ’ব পাৰে এই সমস্যাসমূহ

ইণ্ডেক্স মেডিকেল কলেজ (Index Medical College)ৰ ফিজিঅ’থেৰাপি এণ্ড পেৰামেডিকেল বিভাগৰ অধ্যক্ষ ডাঃ ৰেশমা খুৰানাৰ মতে পোষ্ট ক’ভিড শাৰিৰীক সমস্যাসমূহ ফিজিঅ’থেৰাপিৰ দ্বাৰা লাঘৱ কৰিব পাৰি যদিহে ব্যক্তিগৰাকী কোনো গম্ভীৰ ৰোগত আক্ৰান্ত নহয় ৷ সুস্থ থকাৰ বাবে প্ৰতিদিনে যোগ-ব্যায়াম কৰোটো জৰুৰী ৷ কিন্তু এই ক্ষেত্ৰত এটা কথা মনত ৰখা অধিক ক্ষমতাতকৈ অধিক ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক ৷

লাহে লাহে ব্যায়ামৰ ক্ষমতা বৃদ্ধি কৰা উচিত আৰু খোৱাৰ পিছত ব্যায়াম কৰা অনুচিত ৷ ব্যায়াম কৰিলে এণ্ডাৰফিন হৰমন স্থিৰ হয় যাৰ দ্বাৰা শৰীৰে আৰাম অনুভৱ কৰে ৷

লগতে পঢ়ক :কেনে খাদ্য খাব ক’ভিড আক্ৰান্ত হোৱা সময়ত?

ABOUT THE AUTHOR

...view details