কেনে খাদ্য খাব ক’ভিড আক্ৰান্ত হোৱা সময়ত?

author img

By

Published : May 20, 2021, 7:14 AM IST

Updated : May 20, 2021, 2:48 PM IST

Dietary Tips During And Post-COVID-19 Recovery

ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকাৰ সময়চোৱাত আৰু সুস্থ হৈ উঠাৰ পাচত এখন সঠিক খাদ্য তালিকা অনুসৰণ কৰাটো অত্যন্ত জৰুৰী ৷ আমি কেনে ধৰণৰ খাদ্য তালিকা প্ৰস্তুত কৰা উচিত সেই সম্পৰ্কে ‘হিষ্ট্ৰী অৱ মেডিচিন’ৰ পি এইচ ডি ডিগ্ৰীধাৰী ডা৹ পি ভি ৰংগানায়াকুলুৱে আমাক জানিবলৈ দিয়ে ৷ আহকচোন সেই তালিকাখনত দৃষ্টিপাত কৰো...

ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকাৰ সময়চোৱাত আৰু সুস্থ হৈ উঠাৰ পাচত এখন সঠিক খাদ্য তালিকা অনুসৰণ কৰাটো অত্যন্ত জৰুৰী ৷ জ্বৰ উঠাৰ ফলত দুৰ্বল হৈ পৰাৰ বাবে নাইবা সোৱাদ নোপোৱাৰ বাবে আমাৰ খাদ্য গ্ৰহণৰ ইচ্ছা হ্ৰাস পাব পাৰে ৷ কিন্তু সঠিক আহাৰ গ্ৰহণ আৰু পানীৰ সেৱনেৰে আমাৰ শৰীৰক পুষ্টি যোগাই থকাৰ প্ৰয়োজনীয়তা আছে ৷ আমি কেনেধৰণৰ খাদ্য তালিকা প্ৰস্তুত কৰা উচিত, সেই সম্পৰ্কে ‘হিষ্ট্ৰী অৱ মেডিচিন’ৰ পি এইচ ডি ডিগ্ৰীধাৰী ডা৹ পি ভি ৰংগানায়াকুলুৱে আমাক জানিবলৈ দিয়ে ৷ আহকচোন সেই তালিকাখনত দৃষ্টিপাত কৰো...

ক’ভিড-১৯ ত ভূগি থকাৰ সময়চোৱাত আৰু সু্স্থ হৈ উঠাৰ পাচত ল’বলগীয়া খাদ্য সম্পৰ্কীয় বিধান

ক’ভিড-১৯ হৈ থকা সময়চোৱাত আৰু ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পাচত (১৪ দিনীয়া সময়চোৱা) ক্ষেত্ৰত ঔষধি চিকিৎসাৰ সমানে খাদ্যয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এক স্বাস্থ্যসন্মত খাদ্য তালিকা মানি চলিব পাৰিলে আৰু কিছুমান নিৰ্দিষ্ট আহাৰ ত্যাগ কৰিব পাৰিলে সোনকালে সুস্থ হৈ উঠিব পৰা যায় ৷ লগতে পুষ্টিকৰ খাদ্য আৰু জুলীয়া আহাৰ সেৱন কৰাৰো প্ৰয়োজন, বিশেষকৈ এনেকুৱা সময়ত যেতিয়া আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ ৰোগৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে ৷ এই সংক্ৰান্ততে ইটিভি ভাৰতৰ সুখীভৱই হায়দৰাবাদৰ ‘হিষ্ট্ৰী অৱ মেডিচিন’ৰ পি এইচ ডি ডিগ্ৰীধাৰী ডা৹ পি ভি ৰংগানায়াকুলুৰ সৈতে কথোপকথনত মিলিত হয় ৷ তেওঁ আগবঢ়োৱা পৰামৰ্শসমূহ তলত আলোচনা কৰা হ’ল-

ডা৹ ৰংগানায়াকুলুয়ে পৰামৰ্শ দিয়ে যে সাধাৰণ জ্বৰত ভোগাৰ সময়ত হোৱাৰ দৰেই ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাচতো আমাৰ ভোক নোহোৱা হয় ৷ এনে সময়ত খাবলৈ ইচ্ছা নোযোৱা হয় ৷ সেয়ে ভিটামিন আৰু আন খনিজ উপাদানবোৰ জুলীয়া আহাৰৰ সৈতে দিয়া হয় ৷ সাধাৰণতে ভিটামিন চি, ডি আৰু জিংক এই ভাইৰাছবিধৰ সৈতে যুঁজাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ চিকিৎসকসকলে সাধাৰণতে চিকিৎসাৰ সময়ত ‘ছাপ্লিমেন্ট’ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু এনে কিছুমান প্ৰাকৃতিক আহাৰো আছে, যিসমূহৰ পৰা এই সূক্ষ্ম খনিজাত উপাদানবোৰ পোৱা যায় ৷

ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈ থকাৰ অৱস্থাত গ্ৰহণ কৰিবলগীয়া আহাৰ

যিহেতু বিশেষজ্ঞজনে কৈছে যে, কভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হৈ থকাৰ সময়ত আমাৰ ভোক নোহোৱা হয়, সেয়ে আমি জুলীয়া খাদ্যৰ প্ৰতি ধ্যান দিয়া উচিত ৷ তদুপৰি হজম কৰিবলৈ সহজ হোৱা আহাৰ যেনে খিচিৰি নাইবা ৰুটি লগত পানীলাও, তৰৈৰ তৰকাৰী নাইবা ৰহৰ ডাইল, মগু ডাইল আদি দিব পৰা যায় ৷

এই সংক্ৰান্তত শাৰীৰিক অৱস্থা অনুযায়ী কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰিব, সেই বিষয়ে জানিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে ৷ এইখিনিতে মনত ৰখা উচিত যে, আমি সতেজ আহাৰহে গ্ৰহণ কৰা উচিত ৷ বাহী খাদ্য একেবাৰেই খাব নালাগে ৷ লগতে বিশেষজ্ঞজনে কেঁচা শাক-পাচলি খাবলৈও মানা কৰিছে ৷ তেওঁ কয় যে, এনে সময়ত কম পৰিমাণে মিঠাই গ্ৰহণ কৰিব পাৰে ৷

ক’ভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰাৰ পাচৰ কালচোৱাৰ খাদ্য বিধান (১৪ দিনৰ পাচত)

ডা৹ ৰংগনায়াকুলুৱে কয় যে, এবাৰ ১৪ দিনীয়া একাকীকৰণৰ সময়সীমা পাৰ হোৱা পাচত আক্ৰান্ত লোকজনৰ ভোক বৃদ্ধি পাবলৈ ধৰে ৷ সেয়ে এই সময়চোৱাত এজন লোকে তেওঁ সাধাৰণতে যিমান খাই তাতকৈ অধিক খাব পাৰে আৰু ই প্ৰায় এসপ্তাহ-দহদিনলৈকে থাকে ৷ এই সময়খিনিত ধ্যান দিবলগীয়া প্ৰথম কথাটো হ’ল যে ব্যক্তিজনে যাতে অধিক প্ৰ’টিন থকা আহাৰ গ্ৰহণ কৰে ৷

প্ৰ’টিন অধিক মাত্ৰাত থকা আহাৰৰ বাবে নিৰামিষ ভোজীসকলে গাখীৰ তথা গাখীৰেৰে তৈয়াৰী পনীৰ, কাঠফুলা, বাদাম আৰু চয়াবিন আদি খাব পাৰে ৷ আমিষাহাৰীসকলে কণী, মাংস আদি খাব পাৰে ৷ হাওঁফাওঁৰ টিচ্ছুবোৰ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ ক্ষেত্ৰত প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ উপাদান বা প্ৰ’টিনৰ অবিহনে ই সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰিবও পাৰে ৷

মনত ৰাখিবলগীয়া আৰু কি আছে ?

কৰ’ণাৰ পৰা সুস্থ হৈ উঠাৰ পাচত অধিক সময়তে দুৰ্বল দুৰ্বল অনুভৱ কৰা বুলি বেছিভাগ লোকে অভিযোগ কৰা দেখা যায় ৷ বিশেষজ্ঞজনে কয় যে, আমি এটা কথা মনত ৰাখিব লাগিব যে সঠিক আহাৰ গ্ৰহণৰ সমান্তৰালকৈ আমি শাৰীৰিক পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকিব লাগে ৷ ব্যায়াম স্বাস্থ্যৰ পক্ষে লাভদায়ক ৷ কিন্তু ক’ভিড-১৯ ৰ পৰা সুস্থ হৈ উঠাৰ পাচত আমি লঘু ব্যায়ামৰ লগতে কেইটামান শ্বাস-প্ৰশ্বাসৰ অনুশীলনৰ লগতে সামান্যভাৱে চলাচল কৰিব লাগে ৷ তদুপৰি পৰ্যাপ্ত পৰিমাণে বতৰৰ ফলমূল খাব লাগে ৷ শীতলীকৃত, ট্ৰান্স চৰ্বিযুক্ত বা উচ্চ মাত্ৰাৰ শৰ্কৰা বা লৱণযুক্ত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ মিঠাই অধিক পৰিমাণে খাব নালাগে ৷ বিশ্ব স্বাস্থ্য সন্থাই পৰামৰ্শ দিছে যে “সাধাৰণতে এজন প্ৰাপ্তবয়স্ক লোকে আহৰণ কৰা সম্পূৰ্ণ শক্তিৰ ৫ শতাংশতকৈ কম শৰ্কৰামুক্ত খাদ্যৰ পৰা অহা উচিত ৷ যদি আপুনি মিঠা খাবলৈ ইচ্ছা যায়, তেন্তে ইয়াৰ সলনি কোনো ফল খোৱাতহে উচিত”৷

বিশ্ব স্বাস্থ্য সন্থাই আঁহজাতীয় খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ “আঁহজাতীয় খাদ্য গ্ৰহণে আমাৰ হজম শক্তি বৃদ্ধি কৰে আৰু দীৰ্ঘসময়লৈকে উদৰ পূৰ থাকে ৷ যাৰ ফলত অত্যধিক খোৱাৰ পৰা বিৰত থকা যায় ৷ আঁহজাতীয় খাদ্যৰ বাবে সেউজীয়া শাক-পাচলি, ফলমূল, মাহজাতীয় শস্য আৰু বীজ শস্য আদি গ্ৰহণ কৰিব পাৰে ৷ পৰিশোধিত আটাৰে প্ৰস্তুত কৰা খাদ্যতকৈ বীজ শস্যৰ পৰা প্ৰস্তুত কৰা আহাৰ যেনে অ’টচ, ব্ৰাউন পাষ্টা আৰু চাউল, কুইন’ৱা আৰু আটাৰে প্ৰস্তুত কৰা ব্ৰেড আৰু ৰেপছ আদি খোৱা উচিত ৷

তদুপৰি ক’ভিডত ভূগি থকা সময়চোৱাত আৰু ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পাচত, সমগ্ৰ দিনজুৰি সঠিক পৰিমাণে আহাৰ খোৱাৰ উপৰিও পৰ্যাপ্ত পানী সেৱন কৰিব ৷ জুলীয়া আহাৰ তথা পানী সেৱন কৰাটো অত্যন্ত জৰুৰী ৷ মিঠা চৰ্বত জাতীয় খাদ্য সেৱনৰ পৰা বিৰত থকা উচিত ৷ ইয়াৰ পৰিৱৰ্তে বিভিন্ন খনিজাত উপাদানেৰে ভৰপূৰ নাৰিকলৰ পানী সেৱন কৰিব পাৰে ৷ এক স্বাস্থ্য সন্মত আৰু সন্তুলিত আহাৰ তালিকা অনুসৰণ কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি ৷

Last Updated :May 20, 2021, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.