ETV Bharat / lifestyle

আপোনাৰ পাকঘৰত মজুত থকা পাঁচবিধ সামগ্ৰীৰে লওক ছালৰ যতন

author img

By

Published : Mar 19, 2022, 8:13 AM IST

5 kitchen ingredients for post-Holi skincare
আপোনাৰ পাকঘৰত মজুত থকা পাঁচবিধ সামগ্ৰীৰে লওক ছালৰ যতন

হোলী বা ফাকুৱা উপভোগ কৰাৰ পিছত মূখ্য কাম হৈছে ছালৰ পৰা ৰঙসমূহ আঁতৰ কৰাতো ৷ কেতিয়াবা সঠিকভাৱে ছালখন পৰিস্কাৰ নকৰিলে অনাকাংক্ষিত বিপদৰো সন্মুখীন হ’বলগাত পৰে । সেয়েহে আপোনাৰ ছালখন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত 5টাকৈ টিপছ আগবঢ়োৱা হৈছে, যিয়ে আপোনাৰ ছালৰ সুৰক্ষা প্ৰদানত সহায় কৰিব ৷

হোলী বা ফাকুৱা মানেই হৈছে ভিন্নৰঙী ৰঙৰ সমাহাৰ ৷ হোলী খেলাৰ বাবে বজাৰত সহজে উপলব্ধ হৈ পৰে বিভিন্ন ৰঙৰ ফাকু ৷ পিছে বজাৰত সহজে উপলব্ধ এই ৰঙসমূহত উচ্চ মাত্ৰাত মিহলি কৰা থাকে বিভিন্ন ধৰণৰ কেমিকেল ৷ যিয়ে ক্ষতি কৰিব পাৰে আপোনাৰ ছালৰ ৷ ইয়াৰোপৰি হোলী খেলি থকা সময়তে আমি অপৰিস্কাৰভাৱে গ্ৰহণ কৰো মিঠাই আদিৰ দৰে খাদ্য ৷ সেয়ে ফাকুৱাৰ আনন্দ উপভোগ কৰাৰ সমান্তৰালকৈ আপোনাৰ ছালখনৰ যত্ন লোৱাতোও সমানে প্ৰয়োজনীয় ৷ আপোনাৰ ছালখন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত 5টাকৈ টিপছ অথবা ঘৰুৱা যতন আগবঢ়োৱা হৈছে, যিয়ে আপোনাৰ ছালৰ সুৰক্ষা প্ৰদানত সহায় কৰিব ৷ তদুপৰি ইয়াৰ বাবে আৱশ্যকীয় উপাদানসমূহো আপোনাৰ পাকঘৰত সহজে উপলব্ধ ৷

দৈ (Yoghurt)

দৈ অন্ত্ৰ আৰু ছালৰ বাবে সৰ্বশ্ৰেষ্ঠ । ই লেক্টি​ক এচিডেৰে ভৰপূৰ, যিয়ে মৃত ছালৰ কোষবোৰ আঁতৰ কৰি নতুন কোষ গঠনত সহায় কৰে ৷ ই এক প্ৰাকৃতিক এক্সফলিয়েটৰ হিচাপে কাম কৰে, যি আপোনাৰ ছালত থকা দাগৰ লগতে ব্রণ আৰু শালমইনাৰ সমস্যা হ্ৰাস কৰি ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে ৷ হোলী খেলাৰ পিছত আপোনাৰ মুখ আৰু ডিঙিত দৈ ব্যৱহাৰ কৰি লাহে লাহে বৃত্তাকাৰ গতিত মালিচ কৰক । মিশ্ৰণটো 10-15 মিনিটৰ বাবে ব্যৱহাৰ কৰি কুহুমীয়া পানীৰে ধুই পেলাওক । ইয়ে আপোনাৰ ছালক সঠিক উজ্জ্বলতা প্ৰদানত সহায় কৰে ৷ ফলত আপোনাৰ ছালখনে কোমল আৰু সতেজ অনুভৱ কৰিব ৷

এলোভেৰা (Aloe Vera)

এলোভেৰাক সদায়ে ছালৰ উপযোগী সামগ্ৰী হিচাপে গণ্য কৰা হয় ৷ প্ৰতিদিনে ছালত এলোভেৰা প্ৰয়োগ কৰাৰ ফলত শালমইনা, ছালত পৰা দাগ, শুকান ছাল আদিৰ দৰে সমস্যাসমূহ আঁতৰি ছালখন সতেজ হৈ পৰাত সহায় কৰে ৷ ই আপোনাৰ ছালক হাইড্ৰেটেড আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমূহৰ পৰা সুৰক্ষিত কৰি ৰাখে । ফাকুৱা খেলাৰ পিছত ছালখন স্বাভাৱিকতে শুকান হৈ পৰে ৷ সেয়ে ছালত এলোভেৰা জেল ব্যৱহাৰ কৰিলে ই মইশ্বৰাইজাৰৰ কাম কৰে আৰু ছালক মসৃণ কৰি তোলে ৷ মূলতঃ এলোভেৰা জেলে প্ৰখৰ ৰ’দৰ পৰা ছালত হ’ব পৰা ক্ষতি বিশেষকৈ ছানবাৰ্ণ হোৱাৰ পৰা ছালক সুৰক্ষা প্ৰদান কৰে ৷

বিলাহী (Tomato)

পুষ্টি আৰু ছালৰ যত্নৰ ক্ষেত্ৰত বিলাহী হৈছে এক অত্যাৱশ্যকীয় উপাদান । ভিটামিন এ, চি, কে আৰু এণ্টি অক্সিডেণ্ট লাইকোপেনৰে ভৰপূৰ বিলাহীয়ে আপোনাৰ ছালখন সতেজ, উজ্জ্বল কৰি ৰখাৰ লগতে বলিৰেখা হ্ৰাস কৰাত সহায় কৰে । বিলাহীয়ে ছালত থকা ছিদ্ৰসমূহক সুৰক্ষা প্ৰদান কৰি ছানবাৰ্ণ হোৱাত বাধা প্ৰদান কৰে ৷ বিশেষকৈ ফাকুৱা খেলাৰ পিছত ছালৰ সুৰক্ষাৰ বাবে বিলাহী ব্যৱহাৰ কৰাতো নিতান্তই প্ৰয়োজনীয় । ই ছালৰ নিস্তেজতা আৰু ছালত পৰা ৰং সমূহ আঁতৰ কৰি কৰি ছালক উজ্জ্বল কৰি তোলে ৷ বিলাহীত সমৃদ্ধ ভিটামিনৰ পৰিমাণে ছালৰ মৃত কোষবোৰ পুনৰ গঠনত সহায় কৰে ৷

আলু (Potato)

আলুত স্বাস্থ্যকৰ উপাদান যেনে ভিটামিন বি1, বি3, বি6, চি, পটাছিয়াম, লো, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থসমূহ থাকে । ছালৰ সকলো সমস্যাৰ বাবে আলুক "অলৰাউণ্ডাৰ" হিচাপেও অভিহিত কৰিব পাৰি ৷ ই ছালৰ টেনিং আৰু হাইপাৰ পিগমেণ্টেচনৰ দৰে সমস্যাৰ সমাধান কৰে ৷ তদুপৰি ছালত পৰা বলিৰেখা আৰু কোঁচ খোৱা ছালৰ সমস্যা হ্ৰাস কৰে ৷ কেৱল এয়াই নহয়, ডাৰ্ক চাৰ্কল আৰু চকু ফুলা, শালমইনাৰ সমস্যা, ছালত চোকোৰা বন্ধা, কোনো আঘাতত ফুলা ছালৰ কোষবোৰৰ পুনৰ গঠন কৰা, ছালক প্ৰদূষণৰ পৰা ৰোধ কৰা আদিৰ দৰে সমস্যা আঁতৰোৱাত সহায় কৰে ৷

অমিতা (Papaya)

বিটাকেৰ’টিন, এনজাইম আৰু ফাইট’কেমিকেলৰে সমৃদ্ধ অমিতা ছালৰ বাবে উৎকৃষ্ট উপাদান । ই ছালত পৰা বলিৰেখা হ্ৰাস কৰাৰ লগতে ছাল কোমল আৰু মসৃণ কৰি তোলে ৷ তদুপৰি ব্ৰণৰ দৰে সমস্যা প্ৰতিৰোধ কৰাত অমিতাই সহায় কৰে । অমিতা কেৱল এক সুস্বাদু ফল হিচাপেই নহয়, ছালৰ বাবে মহৌষধ হিচাপেও কাম কৰে ৷ হোলী উদযাপনৰ পিছত ছালত লগা ৰং সমূহ আঁতৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰক ৷

লগতে চাওক: বয়স অনুপাতে মহিলাসকলে কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.