একুৱা থেৰাপী : পূৰ্বে নজনা বহু কথা

author img

By

Published : May 24, 2021, 7:09 AM IST

একুৱা থেৰাপী

ইটিভি ভাৰত সুখীভৱই এ এছ পি এ আৰ চি ( স্প’ৰ্টছ ফিজিঅ’থেৰাপী একুৱা ৰিহেবিলিটেশ্বন কেন্দ্ৰ )ৰ মুখ্য পৰামৰ্শদাতা আৰু গোৱা ক্ৰিকেট সন্থাৰ ফিজিঅ’থেৰাপী বিভাগৰ চিকিৎসা সচিব ডাঃ কেটন ভাটিকাৰৰ সৈতে এই সম্পৰ্কত কথোপকথনত মিলিত হয় ৷

একুৱা থেৰাপী

এজন থেৰাপিষ্টে ৰোগীসকলৰ পুনৰ সংস্থাপন, প্ৰতিৰোধ, স্বাস্থ্য তথা সুস্থতাৰ আৰু কাৰ্যদক্ষতাৰ বাবে যেতিয়া কোনো এক জলজ পৰিৱেশত যিকোনো ধৰণৰ চিকিৎসা সম্বন্ধীয় কাৰ্য সম্পন্ন কৰে তাকে ‘একুৱা থেৰাপী’ বুলি কোৱা হয় ৷ এই ধৰণৰ ক্ৰিয়াকলাপ সহায়ক, প্ৰতিৰক্ষাত্মক নাইবা সহায়কাৰী সঁজুলিৰ সহায়তো কৰিব পাৰি নাইবা উপকৰণসমূহৰ অবিহনেও কৰিব পৰা যায় ৷

ইটিভি ভাৰত সুখীভৱই এ এছ পি এ আৰ চি ( স্প’ৰ্টছ ফিজিঅ’থেৰাপী একুৱা ৰিহেবিলিটেশ্বন কেন্দ্ৰ )ৰ মুখ্য পৰামৰ্শদাতা আৰু গোৱা ক্ৰিকেট সন্থাৰ ফিজিঅ’থেৰাপী বিভাগৰ চিকিৎসা সচিব ডাঃ কেটন ভাটিকাৰৰ সৈতে এই সম্পৰ্কত কথোপকথনত মিলিত হয় ৷

ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ অক্ষমতা, বিসংগতি নাইবা সমস্যাত ভুগি থকা সকলো বয়সৰে লোকক চিকিৎসা প্ৰদান কৰিব পৰা যায় ৷ যেতিয়া কোনো জলজ পৰিৱেশত এই থেৰাপী সম্পন্ন কৰা হয়, তেতিয়া ইয়াৰ সফলতাৰ হাৰ বৃদ্ধি পায় ৷

একুৱা থেৰাপীয়ে কিদৰে কাম কৰে ?

  • বুয়েঞ্চি হৈছে পানীৰ উৰ্ধগামী শক্তি, যি সকলো গাঁঠিৰে হেঁচাবোৰ হ্ৰাস কৰে ৷ বুয়েঞ্চিয়ে কিছুমান নিৰ্দিষ্ট সঞ্চালন কৰাত সহজ কৰে লগতে মাটিৰ তুলনাত কিছুনাম কোষ-কলা পানীত প্ৰসাৰিত কৰিবলৈ সুবিধাজনকো কৰি দিয়ে ৷ বুয়েঞ্চিৰ জৰিয়তে বাগৰি পৰাৰ কোনো ধৰণৰ ভয় নোহোৱাকৈয়ে নিজৰ সন্তোলনৰ ওপৰত ভৰ দি কাৰ্য-কলাপবোৰ সম্পন্ন কৰিবলৈ সুবিধা হয় ৷ সাধাৰণতে নিমখীয়া পানী অধিক বুয়’নেণ্ট; সেইবাবে নিমখীয়া পানী পৰম্পৰাগত পানীতকৈ অধিক সুবিধাজনক ৷
  • “হাইড্ৰ’ষ্টেটিক প্ৰেচাৰ” হ’ল পানীয়ে শৰীৰত প্ৰয়োগ কৰা চাপ ৷ এই চাপে শৰীৰৰ গতিবিধিত অধিক বাধা প্ৰদান কৰে আৰু শৰীৰে কেনেকৈ চলাচল কৰি আছে তাৰ বিপৰীতে প্ৰতিক্ৰিয়া কৰে ৷ এই চাপে খোজকঢ়া, উঠা-বহা অনান্য দৈনন্দিন ক্ৰিয়া-কলাপবোৰৰ সৈতে সঠিক ‘পেটাৰ্ণ’ বিকশিত কৰিবলৈ শৰীৰৰ গতিবিধিবোৰক অধিক সহজে সমন্বিত কৰে ৷
  • যদি জলাধাৰৰ পানীৰ উঞ্চতা ৯২-৯৩° ফাৰেণহাইটৰ ভিতৰত বৰ্তাই ৰখা হয় তেন্তে যেতিয়া আমি ইয়াত ব্যায়াম কৰিবলৈ যাওঁ, তেতিয়া ই আমাৰ কিছু কঠিন কলাক শিথিল কৰাত সহায় কৰে ৷ কিয়নো এই উঞ্চতা আমাৰ শৰীৰৰ উষ্ণতাৰ সমপৰ্যায়ৰ ৷ এই কঠিন কলাবোৰ শিথিল কৰাৰ ফলত শৰীৰৰ নমনীয়তা বৃদ্ধি পাই আৰু বিষ হ্ৰাস হয় ৷

একুৱা থেৰাপীৰ পৰা হোৱা লাভালাভসমূহ-

  • ইয়াৰ দ্বাৰা মাংসপেশীলৈ নমনীয়তা আহে লগতে গৰম পানীৰ ব্যৱহাৰেৰে সঞ্চালনো বৃদ্ধি হয় ৷
  • শক্তিৰ প্ৰশিক্ষণ বাবে পানীয়ে প্ৰতিৰোধ প্ৰদান কৰে ৷
  • গৰম পানীৰ ব্যৱহাৰৰ দ্বাৰা শৰীৰৰ সচেতনতা, সন্তুলন আৰু ‘ট্ৰাংক ষ্টেবিলিটি’ আদিৰ বৃদ্ধি হয় ৷
  • জলাধাৰত মধ্যাকৰ্ষণ শক্তি কমি যোৱাৰ ফলত ব্যক্তিজন থিয় হ’বলৈ সক্ষম হয় আৰু কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈয়ে শৰীৰ সঞ্চালন আৰু শক্তি বৃদ্ধিৰ বাবে কৰা প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰে ৷
  • গৰম পানী আৰু বুয়’ঞ্চিৰ ফলত বিষানুভূতি হ্ৰাস হয় ৷
  • বিষানুভূতি আৰু মাংসপেশীৰ সংকোচন দূৰ কৰে ৷
  • নমনীয়তা বৃদ্ধি পায় ৷
  • গাঁঠিৰ সঞ্চালন বৃদ্ধি কৰিব পাৰি ৷
  • পক্ষাঘাতগ্ৰস্ত মাংসপেশীক পুনৰ সুস্থ কৰিব পাৰি ৷
  • দুৰ্বল মাংসপেশীবোৰক সক্ষম কৰি তুলিব পাৰি লগতে সেই মাংসপেশীবোৰৰ শক্তি তথা সহিষ্ণুতা বৃদ্ধি কৰিব পাৰি ৷
  • খোজকঢ়া তথা অন্যান্য কাৰ্য-কলাপ নাইবা বিনোদনমূলক গতিবিধিবোৰৰ বাবে উৎসাহ যোগাবলৈ,
  • সঞ্চালনৰ বিকাশ কৰিবলৈ,
  • ৰোগীজনক তেওঁৰ ব্যায়ামসমূহ কৰিবলৈ উৎসাহিত কৰা আৰু আত্মবিশ্বাস জগোৱা, লগতে তেওঁৰ মানসিক শক্তি বৃদ্ধি কৰা,
  • গৰম পানীয়ে ‘থাৰ্মেল ৰিচেপ্টৰ’ আৰু মেকান’ ৰিচেপ্টৰ’ হিচাপে কাম কৰি বিষ হ্ৰাস কৰে ৷ তেনেকৈয়ে ৰাজহাড়ৰ খণ্ড তন্ত্ৰক প্ৰভাৱিত কৰে ৷
  • গৰম পানীয়ে তেজৰ সঞ্চালন বৃদ্ধি হোৱাত সহায় কৰে আৰু ইয়াৰ ফলত মাংসপেশীলৈ নমনীয়তা আহে ৷
  • “হাইড্ৰ’ষ্টেটিক ইফেক্টে’ ‘পেৰিফেৰিয়েল এডেমা’ আৰু ‘ছিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম’ৰ ক্ৰিয়া-কলাপ হ্ৰাস কৰি বিষৰ উপশম কৰিব পাৰে ৷

এজন ‘ফিজিকেল থেৰাপিষ্টে’ কি কৰিব ?

  • আপোনাৰ থেৰাপিষ্টজনে আপোনাৰ থেৰাপী কাৰ্যসূচীৰ অংশ হিচাপে এখন ব্যায়াম সূচী প্ৰস্তুত কৰিব ৷ ইয়াক আপোনাৰ শাৰীৰিক প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব ৷
  • ‘একুৱা থেৰাপী’ আপোনাৰ পুনৰ সংস্থাপনৰ প্ৰাথমিক উপায়ো হ’ব পাৰে নাইবা ভূমি আধাৰিত কাৰ্যসূচীৰ প্ৰাৰম্ভিক প্ৰয়াসো হ’ব পাৰে ৷ আপোনাৰ পুনৰ সংস্থাপনৰ একুৱাটিক থেৰাপিৰ ভূমিকাৰ কথা আপোনাৰ সৈতে প্ৰথম সাক্ষাততে আলোচনা কৰা হ’ব ৷ আপুনি যেতিয়া স্বয়ং এই ব্যায়ামসমূহ কৰিব পৰা হৈ উঠিব তেতিয়াহে আপোনাৰ উপযোগী ব্যায়াম সূচী এখন আপোনাক দিয়া হ’ব ৷
  • প্ৰথম কেইদিনত আপুনি হয়তো আলস্য অনুভৱ কৰিব পাৰে, টোপনি নাহিব পাৰে নাইবা বিষো অনুভৱ কৰিব পাৰে ৷ এনে হোৱাৰ কাৰণ হ’ল জলাধাৰত ব্যায়াম কৰিলে বিষ হোৱা মাংসপেশীবোৰৰ অত্যধিক ব্যৱহাৰ ৷

পৰামৰ্শঃ

  • সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ শৰীৰত তৰল পদাৰ্থ পৰ্যাপ্ত পৰিমাণে থকাৰ বাবে অধিক হাৰত পানী সেৱন কৰক লগতে শৰীৰে বিচৰা ধৰণে জিৰণি লওঁক ৷ মনত ৰাখিব, যদি আপোনাৰ মনত কোনো প্ৰশ্ন বা চিন্তাই ঠাই লৈছে, তেন্তে আপোনাৰ থেৰাপিষ্টক সোধক ৷

বিশেষজ্ঞৰ মতামতৰ বাবে ডা° কেটন ভাটিকাৰৰ সৈতে ketanbhatikar@gmail.com ত যোগাযোগ কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.