অসম

assam

গোৱালপাৰা আৰক্ষীৰ জালত গুলিচালনাৰ অভিযুক্ত মাধুৰ্য ৰায়

By

Published : Jan 11, 2021, 3:16 PM IST

Updated : Jan 11, 2021, 5:40 PM IST

গোৱালপাৰাত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হয় এই ঘটনা ৷ আহত 6 গৰাকী লোক ৷ বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাধুৰ্য ৰায় ৷

goalpara-firing-6-people-injured
গোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী

গোৱালপাৰা, 11 জানুৱাৰী :সোমবাৰেগোৱালপাৰাত সংঘটিত হয় গুলিচালনাৰ ঘটনা ৷ দুই পৰিয়ালৰ সংঘাতক কেন্দ্ৰ কৰি গুলিচালনাৰ ঘটনা সংঘটিত হয় জিলাখনত ৷

মাধুৰ্য ৰায়ে ঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ দৃশ্য

তথ্য অনুসৰি,মাধুৰ্য ৰায় নামৰ লোকজনে একাংশ লোকক উদ্দেশ্যি চহৰখনৰ পুৰণি শ্মশানস্থিত নিজ ঘৰৰ ওপৰৰ পৰা গুলিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মাধুৰ্য ৰায়ৰ দুইনলীয়া বন্দুকৰ গুলিত আহত হয় 6 জনকৈ লোক । আহত লোক কেইজন হ'ল ৰণজিৎ দাস,স্বপন দাস,দীপাংকৰ দাস,বিংকু দাস,মফিদুল শ্বেখ আৰু গিতুমণি দাস (মাইনা) ।

গোৱালপাৰা আৰক্ষীৰ জালত গুলিচালনাৰ অভিযুক্ত মাধুৰ্য ৰায়

আহতসকলক ততাতৈয়াকৈ গোৱালপাৰাৰ চ'লেছ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা যদিও আটাইকেইজন বৰ্তমান সংকটমুক্ত । জানিব পৰা মতে, চহৰৰ বেলতলাস্থিত দেৱ দাসৰ ঘৰত অনিমেশ ৰয় (মাধু) নামৰ লোকজনে হাতত চোকা অস্ত্ৰ লৈ কোনো নথকা অৱস্থাত ঘৰৰ সকলো টিভিসহ আচবাৱ ভাঙি চুৰমাৰ কৰে । তাৰ পিচতে দেৱ নাথে গাড়ীৰে অনিমেশ(মাধু)ৰ ঘৰ গৈ ওলোৱাত অনিমেশ ৰয়ে(মাধু) নিজৰ দুনলীয়া বন্ধুকটোৰে চাদৰ ওপৰৰ পৰা গুলিচালনা আৰম্ভ কৰে ।

গোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী

লগতে পঢ়ক :মাত্ৰ দুটা মাহতে অসমত নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি

সেই সময়তে অনিমেশৰ গুলিত পাঁচজনকৈ পথচাৰী আহত হয় । লগতে, দেৱ নাথৰ গাড়ীখনো খতিগ্ৰস্ত হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনিমেশ ৰয়ক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় । লগতে, ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা বুলিও জানিৱ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকজনে ।

ঘটনা সংঘটিত হোৱাৰ পিচৰ দৃশ্য

উল্লেখ্য যে, কি কাৰণত দেৱ নাথৰ গৃহ লণ্ডভণ্ড কৰিলে অনিমেশে, কি কাৰনত গুলি চালনা কৰিব লগা হল অনিমেশে সেই বিষয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব দিয়ে । ইপিনে, দেৱ দাসৰ গৃহত কেনেদৰে অনিমেশ ৰয়(মাধু) অত্যাচাৰ চলালে বিতংভাৱে কলে দেৱ দাসৰ পত্নী আৰু মাতৃয়ে । জানিৱ পৰা মতে, অনিমেশ ৰয় (মাধু) এজন গোৱালপাৰা চহৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰ ।

লগতে পঢ়ক :2021ত অকলেই নিৰ্বাচন খেলাৰ দাবীত অটল বৰপেটা জিলা কংগ্ৰেছ

Last Updated : Jan 11, 2021, 5:40 PM IST

ABOUT THE AUTHOR

...view details